অসমীয়া সম্বন্ধবাচক শব্দবোৰ প্ৰয়োগ হওঁতে ঐতিহাসিক পৰম্পৰা দেখিবলৈ পোৱা যায়। প্ৰাচীন সাহিত্যত বা ধৰ্ম গ্ৰন্থত ব্যৱহাৰ হোৱা মাতা – পিতা সমন্ধবাচক শব্দ দুয়োটিৰে আঞ্চলিক ৰূপ কেত’বোৰ দেখিবলৈ পোৱা যায়।
সংস্কৃত মাতৃ আৰু পিতৃ শব্দৰ পৰা উদ্ভৱ হোৱা ৰূপত অসমীয়া ভাষাত ‘মা’ আৰু ‘পিতা’ এই শব্দ দুটা সাধাৰণতে ব্যৱহাৰ কৰিবলৈ ধৰা হ’ল।
আহোম ৰজাসকলৰ দিনৰে পৰা আইতা শব্দৰ প্ৰয়োগ ঠায়ে ঠায়ে সিঁচৰিত হৈ থকাৰ ফলত আজিও উজনি অসমৰ কোনো কোনো সম্প্ৰদায়ৰ লোকে মাকক বুজাওঁতে ‘ আইতা’ সম্বোধন কৰা দেখা যায়।
নামনি অসমত মাকক বুজাওঁতে ‘আই’ শব্দটিৰ ব্যৱহাৰ হয়। বৰ্তমান ‘মা’ শব্দটিৰে মাতৃক বুজোৱা হয়।
নলবাৰী আদি কেতবোৰ অঞ্চলত ‘মাই’ শব্দৰেও মাকক বুজোৱা হয়।
দৰং জিলাৰ গ্ৰামাঞ্চলত ‘আই’ , ‘মাই’ আদি শব্দৰে মাকক বুজোৱা হয়। দৰঙৰ কোনো অঞ্চলত ‘দেউতা’ শব্দটি বুজাওঁতে বাপাই , বাপেই , পিতাই , পিতেই আদি শব্দ প্ৰয়োগ কৰা হয়।
পিতৃক বুজাওঁতে নামনি অসমত পিতা , দেউতা , বাবা , বোপা , বোপাই , পুতা , পিতে আদি শব্দৰ প্ৰয়োগ কৰা হয়।
উজনি অসমত মাতৃ বুজাওঁতে বৰ্তমান ‘মা’ শব্দটোৰ প্ৰয়োগ কৰা হয় যদিও কিছুমান অঞ্চলত ‘বৌ , ‘বৌটি’ , মাই শব্দৰেও বুজোৱা হয়। উজনি অসমত বৰ্তমান ‘দেউতা’ শব্দৰ প্ৰচলন থাকিলেও অঞ্চলভেদে ‘পিতা’ , ‘পিতাই’ আদিৰ শব্দ প্ৰয়োগ হয়। ‘পিতাদেউ’ৰ সম্বোধনো আছে ঠাই বিশেষে।
নগাৱঁৰ কোনো কোনো অঞ্চলত মাকক ‘মাই’ বুলি কোৱা দেখা যায়।
গাৰো সম্প্ৰদায়ৰ লোক সকলে মাকক ‘আয়া’ বা ‘আই’ আৰু দেউতাকক ‘বাবা’ বুলি সম্বোধন কৰে।
ৰাভা জনগোষ্ঠীৰ লোক সকলে মাকক’ মা’ , ‘জিবৰা’ আৰু দেউতাকক ‘ বাবা’ বুলি মাতে।
গোৱালপাৰাত ‘মা’ শব্দ প্ৰয়োগ কৰা হয়। অঞ্চলভেদে ‘আই’ , ‘মাও’ আদি শব্দৰ প্ৰচলন আছে। গোৱালপাৰাত ‘দেউতা’কক বুজাবলৈ ‘বাবা’ বা আব্বা শব্দৰ ব্যৱহাৰ হয়।
‘মা’–এক মধুৰ শব্দ। যিটো শব্দ উচ্ছাৰণ কঁৰোতে সকলো দুখ-যাতনা নোহোৱা হয়। প্ৰতিটো সন্তানৰ প্ৰথম শিক্ষক , প্ৰথম বন্ধু মা -দেউতা। গতিকে মা-দেউতা বুজোৱা প্ৰতিটো শব্দতে জৰিত হৈ আছে অগাধ মৰম – স্নেহ আৰু নিঃস্বাৰ্থ ভালপোৱা ।