২০ নৱেম্বৰৰ দিনটোত বিশ্বব্যাপী শিশু দিৱস পালন কৰা হয়। ভাৰতত ১৪ নবেম্বৰ অৰ্থাৎ জৱাহৰ লাল নেহৰুৰ জন্ম দিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়। নেহেৰুৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু শিশু সকলৰ প্ৰতি নেহৰুৰ অকৃতিম ভালপোৱাৰ বাৱে তেখেতৰ জন্ম দিনটিক এনে দৰে বাচি লোৱা হৈছে।
জেনেভাত অনুষ্ঠিত হোৱা ইন্টাৰ নেচনেল ইউনিয়ন ফৰ চাইল্ড ৱেলফেয়াৰৰ তত্বাৱধানত প্ৰথম বাৰৰ বাবে ১৯৫৩ চনৰ অক্টোবৰ মাহত সমগ্ৰ বিশ্বত শিশু দিৱস পালন কৰা হৈছিল। ১৯৫৪ চনত জৱাহৰ লাল নেহৰুৰ মৃত্যুৰ পিছত তেওঁৰ জন্ম জয়ন্তী শিশু দিৱস হিচাপে পালন কৰিবলৈ ভাৰতীয় সংসদত এক প্ৰস্তাব গৃহীত হয়। বিশ্বব্যাপী শিশু দিৱসৰ পৰিকল্পনা কৰিছিল ভি. কে কৃষ্ণ মেননে।
নেহেৰুৱে শিশুসকলৰ এক সৰ্বাংগীন শিক্ষাৰ বাবে ওকালতি কৰিছিল, যিয়ে ভবিষ্যতে এক উন্নত সমাজ গঢ়ি তুলিব।
“জীৱনত যদি ঘাত-প্ৰতিঘাতেই নাথাকে তেন্তে সেইটো জীৱনেই হ’ব নোৱাৰে। জীৱনটো হৈছে এটা কলা। আশা আৰু আকাংক্ষাৰ প্ৰেৰণাই হৈছে জীৱনৰ অংগ। ইয়াৰ অবিহনে জীৱন মৰহি শুকায়”
জৱাহৰ লাল নেহৰু।
আমাৰ দেশত এতিয়াও শিক্ষাতকৈ ভাতমুঠিৰ যোগাৰেহে প্ৰাধান্য পায়, দৰিদ্ৰ পৰিয়ালৰ শিশুসকলে সৰুৰে পৰাই শিক্ষাৰ সলনি কায়িক পৰিশ্ৰমৰ মাজেৰে উপাৰ্জন কৰিবলৈ লয়। ভাৰতীয় সমাজৰ জাতিভেদ প্ৰথা, বংশানুক্ৰমে চলি অহা সংস্কাৰ আদিৰ বাবেও শিশু শ্ৰমিকৰ পৰম্পৰা চলি আহিছে। দেশ এখন প্ৰগতিৰ পথত আগ বাঢ়িবলৈ হ’লে দেশৰ প্ৰতিটো শিশু বিদ্যালয়লৈ যাব লাগিব, কৰ্মমুখী শিক্ষা ব্যৱস্থা প্ৰচলন হ’ব লাগিব, শিশুৰ ওপৰত চলি থকা শোষণ আৰু নিৰ্যাতন বন্ধ হব লাগিব, প্ৰতিটো শিশুৱে খেল-ধেমালিৰ মাজেৰে নিজৰ শৈশৱ উপভোগ কৰাৰ সুবিধা পাব লাগিব।
দুখৰ বিষয় বিশ্বৰ প্ৰায় ১৬. ৫ কোটি শিশু শ্ৰমিকৰ প্ৰায় ৬.৫ কোটি ভাৰততে বাস কৰে।
ভাৰতৰ শিশু সকল বিভিন্ন ভাৱে নিৰ্যাতনৰ বলী হোৱা ঘটনাই আন্তৰ্জাতিক মহলৰো দৃষ্টি আকৰ্ষণ কৰিছে। চৰকাৰে বিভিন্ন আচনি হাতত লৈছে যদিও সবল ভূমিকা গ্ৰহণ কৰিব পৰা নাই, পাৰিলে পদ পথত ভিক্ষা কৰা বা হাতত এডাল ৰছীলৈ খেল দেখুৱা শিশু আমি প্ৰত্যক্ষ নকৰিলোহেতেন। এ,চি ৰুমত বহি আমি আচনি প্ৰস্তুত কৰো দৰিদ্ৰ জন-গণৰ বাবে। যাৰ বাবে আঁচনি তৈয়াৰ হয় তেওঁলোকে বুজিকে নাপায়।
যিকি নহওঁক এটা সুখৰ খবৰ যে “বচপন বচাও আন্দোলনৰ” গুৰি ধৰোঁতা কৈলাস সত্যাৰ্থীলৈ আগবঢ়োৱা হৈছিল শান্তিৰ নবেল বঁটা। ৪০ বছৰ ধৰি নিৰলস ভাৱে শিশুৰ অধিকাৰৰ বাবে কাম কৰি যোৱা সত্যাৰ্থীলৈ অহা আন্ত:ৰাষ্ট্ৰীয় সন্মানে দেশবাসীলৈ গৌৰব কঢ়িয়াই আনিছে। সংগঠনটোৱে এতিয়ালৈকে প্ৰায় ১ লাখ শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল , “এটি শিশুক কেৱল ভদ্ৰলোক বা ভদ্ৰমহিলা হোৱাৰ শিক্ষা দিয়া অনুচিত। ইয়াৰ লগে লগে তেওঁক উপয়ুক্ত পুৰুষ বা নাৰী হ’বলৈ শিক্ষা দিয়া উচিত।”
১৪ নবেম্বৰত, শিশু দিৱসৰ উদযাপন কেৱল বিদ্যালয়লৈ যোৱা শিশুৰ মাজতে সীমাবদ্ধ হৈ থকাটো উচিত নহয়। বিদ্যালয়লৈ যাবলৈ সক্ষম নোহোৱা শিশু সকলৰ প্ৰতিও অকণমান মৰম, অলপ সহানুভূতি জনাই প্ৰতিটো শিশুকে এটা সুন্দৰ শৈশৱ উপহাৰ দিবলৈ প্ৰয়াস কৰাতহে শিশু দিৱসৰ তাৎপৰ্য নিহিত হৈ আছে।
অতীত আমাৰ কাৰণে এক শিক্ষা, বৰ্তমান এক উপহাৰ আৰু ভবিষ্যত হৈছে আমাৰ অনুপ্ৰেৰণা।
আমি আশা কৰিম সঁচা অৰ্থত শিশু দিবসে গতি লাভ কৰক।