” কলৰে পাততে কাউৰী পৰে—
আগলতি চিত মোৰ লৰে চৰে–
———————–
অ–অ জেউতি তোলৈ মোৰ মনত পৰে–।”
” আজি ওৰে নিশা কলৰে পাততে
জোনাক সৰিছিল টোপাটোপে ।”
ক’তো কবিৰ কলমত কলপাতে কবিতাৰ ৰূপ পালে , ক’তো গীতত কলপাতে সুৰ হৈ নিগৰিলে। অকল কবিতা বা গীততেই নহয় কলপাত অসমীয়া সমাজ জীৱনৰ এক অবিচ্চেদ্য অংগ। দৈনন্দিন জীৱনৰ প্ৰায় ক্ষেত্ৰতে কলপাতৰ বিশেষ ভূমিকা আছে। সাধু-কথা , ফকৰা-যোজনা , গীত-মাত , সাঁথৰ , মাংগলিক কাৰ্য, প্ৰবচন , অসমীয়া লোকাচাৰ ইত্যাদিত কলপাতৰ উল্লেখ মন কৰিবলগীয়া।
হিন্দু ধৰ্মৰ সকলো মাংগলিক কাৰ্যতে কলপাতৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। কলপুলি শুভমংগল আৰু আগলতি কলপাত পৱিত্ৰতাৰ প্ৰতীক। অসমীয়া সমাজৰ বিয়া এখনত দৰা-কইনাক নোৱাওঁতে কলপুলিৰ বেই সাজি বা কলপুলিৰ তলত আগলি কলপাতত তামোল-পাণৰ শৰাই দি গা ধুওৱা পৰম্পৰা। কল-পটুৱাৰে চালাঙি ( গোৱালপাৰাত প্ৰচলিত ) বাতি জ্বলাই জোৰোণ , দৈয়ন দিয়া , গাঁঠিয়ন খুন্দা , সুৱাগৰি দিয়া, আখৈ ভাজা , সোৱাগ তোলা , গোন্ধ তেল কৰা , দৰা আদৰা , পানী তোলা আদি বিভিন্ন মাংগলিক অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। বিয়া গীতত উল্লেখ আছে—
” চাৰিওপিনে কলৰ পুলি তাতে আমৰ ডালি
বেইৰ মধ্যে ৰামচন্দ্ৰই কৰিছে ধেমালি।”
লোক-সংস্কৃতিৰ অন্যতম প্ৰবচন , ফকৰা -যোজনা সমূহ লোক-সাহিত্যত বিশেষভাৱে উল্লেখযোগ্য। ফকৰা -যোজনা , প্ৰবচন সমূহ লোক জীৱনৰ পটভূমিত ৰচিত জনসাধাৰণৰ মুখে মুখে প্ৰচলিত । ইয়াত গাৱঁলীয়া সমাজৰ জীৱনদৃষ্টি , জীৱন ধাৰণৰ প্ৰণালী আদিৰ লগতে গাৱঁলীয়া সমাজৰ চিত্ৰ প্ৰতিফলিত হয়। অসমীয়া ফকৰা-যোজনা , প্ৰৱচন আদিত কল ,কলপাত বা কলগছৰ উল্লেখ দেখিবলৈ পোৱা যায়–
” কল ৰুবা আগে
বিয়া পাতিবা পাছে
কলো হ’ব লৰায়ো খাব।”
” কলা পুতি নেকাটে পাত
তাতেই কাপোৰ তাতেই ভাত।”
বতাহত কঁপি থকা কলজোপাৰ কলপাত দেখি সাঁথৰত সোধা হয়—
” এক মাৰল দুই চাল , নাচি বাগি জয়পাল।”
সাধুকথা সমূহ লোক-মনৰ লগত জড়িত। সাধুকথাত সমাজ আৰু সমাজৰ লগত জড়িত হৈ থকা ব্যক্তিৰ নিজা মানসিকতাৰ সম্ভেদ পোৱাৰ লগতে লোক-বিশ্বাস , প্ৰেম -ভালপোৱা , খাদ্য , সাজ- পাৰ , স্বাৰ্থপৰতা , চহা মনৰ চিন্তা-ভাৱনা , আদিৰ প্ৰতিফলন দেখা যায়। তদুপৰি সাধুকথাত নিহিত হৈ থকা তৰপটো আঁতৰাই দিলে চিৰসত্য ছবি এখন দেখিবলৈ পোৱা যায়।
বান্দৰ আৰু শিয়ালে মিতিৰ পাতি ‘কল খাই বাকলি যচা’ আৰু নানা ধৰণে পোতক তোলা আদি সাধু কথাত কলৰ উলেখ আছে। আলসুৱা চিলনীৰ জীয়েক জনীৰ সাধু সকলোৱে জানে——
” আগলি কলপাত লৰে কি চৰে
চিলনী আই মোৰ আগতে পৰে।”
বিহু উৎসৱ আচলতে ঋতু উৎসৱ। বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতি পূৰ্ণ যৌৱন ধাৰণ কৰে। কৃষিজীৱী লোকেও প্ৰকৃতিৰ লগত সংগতি ৰাখি ঋতু উৎসৱ পালন কৰি নৃত্য-গীতেৰে নতুন বছৰক আদৰণি জনায়। এই বিহুগীত সমূহত বিভিন্ন কলৰ নামেৰে সৈতে কলগছৰ দ্ৰুতবৃদ্ধিতা , ঔষধিধৰ্মিতা আৰু কলাবাৰীৰ সৌন্দৰ্যও অতি সুন্দৰ ভাৱে প্ৰকাশ পাইছে—-
” কল বুঢ়া হ’ল থোকতঐ মইনা
কল বুঢ়া হ’ল থোকত
তই বুঢ়া হ’লি হাবি -বননিয়ে
মই বুঢ়ী হ’লো ঘৰত।”
” এ ভণ্টি আঠিয়া কলৰে—
এ ভণ্টি পাতে নেকাটিবা
এ ভণ্টি চিটিকিনো পৰিব এঠা–।”
সকলো মাংগলিক কাৰ্যতে কল প্ৰসাদ হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও ‘কলপুলি’ , ‘কলদোনা’ , নাইবা কলপাত অপৰিহাৰ্য। ডিঙা উটুওৱা উৎসৱত কলপটুৱাৰে ডিঙা সাজি নৈবেদ্য সহকাৰে আইৰ নামত উটুৱাই দিয়া হয়। ঠিক সেইদৰে লখিমি আদৰা , আই সবাহ , মৃতকলৈ টোপোলা দিয়া ‘ন’ খোৱাত গৰুক ভাত খাবলৈ দিয়া আদি বিভিন্ন লোকাচাৰ আৰু মাংগলিক অনুষ্ঠানত আগলতি কলপাতৰ ব্যৱহাৰ অপৰিহাৰ্য।
বাৰমাহী গীততো কলাপাতত ন’ভাত খোৱাৰ কথাৰ বিৱৰণ পোৱা যায়—-
“আঘোণৰ মাহতে নেকাটিলা পাত
খাবলৈ নাপালো প্ৰভু নবীন ধানৰ ভাত।”
কিছুমান অঞ্চলত কোনো কোনো জনগোষ্ঠীয়ে কলৰ লগত জড়িত কেতবোৰ যাদু ধৰ্মীয় লোকাচাৰ পালন কৰি ৰোগ আৰোগ্য কৰাৰ বিধান আছে। পিঠা গৰল বা যদুমণি আই ওলালে সূৰ্য উদয় হোৱা সময়ত দুৱাৰৰ এচুকত বহি কলপাত পাৰিলৈ তাতে মাটিৰ চাকি জ্বলাই পিঠাগুড়ি, এঁৱা গাখীৰ আৰু ভীমকলৰ নৈবেদ্য আগ বঢ়াব লাগে। প্ৰসাদৰ কিছু অংশ খাই , কিছু অংশ ফুলা গালত সানি , বাকী থকা প্ৰসাদ খিনি কলপাতৰ সৈতে পেলাই দিব লাগে। এনে কৰিলে ৰোগ আৰোগ্য হয় বুলিও তেওঁলোকৰ মাজত বিশ্বাস আছে।
নামনি অসমৰ লোক-উৎসৱ মহোহো খেদা , গোৱালপাৰাৰ অৰি মাগা আদি অনুষ্ঠানত কলপাতৰ চোঁচনি পিন্ধি এজনক ভালুক সজোৱা হয় । এনে গীতবোৰত কলপাতৰ চোঁচনিৰ উল্লেখ আছে—-
” ওৰি ওৰি আত দিবা নোৰি
কলৰ চোঁচনি বাঁহৰ ঢোল
ভাল ভালুকাই নাচোন দেই
এ হৰি বোল।”
কলগছ হাবিতলীয়া ঠাইত আপোনা -আপুনি গজে আৰু বংশ বৃদ্ধি হয়। গতিকে কলগছৰ সুকীয়াকৈ বাৰী পতাৰ প্ৰয়োজন নাই যদিও উজনি অসমৰ জনজাতীয় গৃহস্থই পদুলিমুখত বা পিছপিনে বা চোতালৰ কাষতে কল এজুপি হ’লেও ৰুই থোৱাটো শুভকাৰ্য বুলি ভাৱে।
” পদুলি মুখতে সোন্দাকল এজুপি
কাউৰী পৰিলে ভাগে ,
আমাৰ পীৰিতি সৰুৰে পৰা
এৰিলে তিৰীবধ লাগে।”
প্ৰাচীন কালৰে পৰা কলৰ উৎপাদনে অসমীয়া আৰু অসমৰ থলুৱা জনগোষ্ঠীক কৰ্ম নিৰ্ভৰশীল কৰি তুলিছে। কলৰ খেতিয়ে বহুতকে জীৱন নিৰ্বাহৰ পথ মুকলি কৰি দিয়াৰ লগতে বহুতো নিবনুৱা যুবকে সংস্থাপন পাইছে । গোৱালপাৰা জিলাৰ দৰংগিৰিৰ কলে আন্ত-ৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে , এয়া অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। কল এবিধ স্বাস্থ্যকৰ ফল হোৱাৰ উপৰিও কলগছ এনে এবিধ গছ যাৰ প্ৰতিটো অংশ আমাৰ বাবে অতি প্ৰয়োজনীয়। কলৰ ফুল যাক আমি কলডিল বা কলফুল বুলি কওঁ এয়া অতি সুস্বাদু খাদ্য হোৱাৰ উপৰিও ঔষধি গুণেৰে ভৰপুৰ। কলৰ বাকলি বা গা অংশৰ পৰা কলৰ খাৰ বনোৱা হয় সেয়া অতি স্বাস্থ্য সন্মত। কলৰ পাত আমাৰ বিভিন্ন মাংগলিক অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। কিছু বছৰ আগতে বিয়া সবাহত কলৰ পাতত ভাত খোৱাৰ পৰম্পৰা আছিল । আজিৰ দিনত নানা ধৰণৰ সামগ্ৰীৰ আৱিষ্কাৰ হোৱাত কলপাতত ভাতখোৱা পৰম্পৰা অতীত হ’ল যদিও কলপাতত খোৱাটো স্বাস্থ্যসন্মত। কলৰ পাতত নুৰিয়াই পিঠা-পনা বনোৱাৰ লগতে মাছ আদিও কলপাতত মেৰিয়াই ভাপত দি খোৱা হয়।
মুঠতে কলগছ অসমীয়াৰ অতি প্ৰয়োজনীয় এবিধ গছ। কল আৰু কলপাতৰ লগত জড়িত বিভিন্ন মাংগলিক অনুষ্ঠান সমূহে অসমীয়াৰ ঐতিহ্য বহন কৰি আহিছে আৰু এই পৰম্পৰা সমূহ সদায় জীয়াই থাকিব প্ৰতিজন অসমীয়াৰ মনে প্ৰাণে।