ক’ভিড ভেকচিনকে ধৰি বিভিন্ন ভেকচিন নির্মানৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান ভাৰতীয় চিৰাম ইনষ্টিটিউট (SII)ৰ ১.০১ কোটি টকা প্ৰৱঞ্চনাৰে লুটি নিয়া ৭জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।অভিযোগ অনুসৰি ভাৰতীয় ছিৰাম ইনষ্টিটিউট বা এছ আই আইৰ অন্যতম পৰিচালক সতীশ দেশপাণ্ডেৱেইহোৱাটছএপত প্ৰতিষ্ঠানটোৰৰ চিইঅ’ আদৰ পুনাৱালাৰ নাম লৈ এজন ব্যক্তিৰ পৰা বাৰ্তা লাভ কৰিছিল ৷ এই বার্তাৰ জৰিয়তে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত তেওঁক ৭টা বিভিন্ন একাউণ্টলৈ ধন প্ৰেৰণ কৰিবলৈ কোৱা হৈছিল।বাৰ্তাটো আদৰ পুনাৱালাৰ বুলি ভাবি সতীশ দেশপাণ্ডেই সেই একাউণ্টবোৰত ১.০১ কোটি টকা ট্ৰেন্সফাৰ কৰিছিল ৷ পিছত তেওঁ অৱগত হয় যে কোম্পানীটোক প্ৰতাৰণা কৰা হৈছে।
এই সন্দৰ্ভত অভিযোগ পঞ্জীয়ন কৰা হৈছে ৷ তদন্তৰ সময়ত আৰক্ষীয়ে কয় -” সাতজন লোকৰ একাউণ্টত এই ধন ট্ৰেন্সফাৰ হোৱাৰ কথা পোহৰলৈ আহিছে ৷যিসকলক এতিয়া দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে মূল অভিযুক্ত এতিয়াও নিৰুদ্দেশ হৈ আছে।” তেওঁ লগতে কয় যে তেওঁলোকে এই সকলোবোৰ একাউণ্ট আৰু আন ৪০টা একাউণ্ট জব্দ কৰিছে ৷
এই একাউণ্টসমূহত আৰক্ষীয়ে জব্দ কৰি ৰাখিছে ১৩ লাখ টকা ৷ শুকুৰবাৰে পুনে চহৰ আৰক্ষীৰ চাইবাৰ ইউনিটে এই গোচৰৰ সৈতে জড়িত ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, “পুনে চহৰ আৰক্ষীৰ চাইবাৰ ইউনিটে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰতাৰণা সম্পৰ্কীয় গোচৰটোৰ সৈতে জড়িত ৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। এতিয়ালৈকে মুঠ ৭জন অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে । মূল অভিযুক্ত নিৰুদ্দেশ হৈ আছে।”