এইখন পৃথিৱীত এনে কিছুমান আশ্চৰ্য্যকৰ বস্তু আছে যিবোৰৰ অস্তিত্বৰ বিষয়ে আমাৰ হয়তো কোনো ধাৰণাই নাই ।তেনেধৰণৰ কিছুমান বস্তুৰ ভিতৰত এবিধ আচৰিত বস্তু হ’ল ‘ভেণ্টাব্লেক’ ৷
‘ভেণ্টাব্লেক’ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ ক’লা পদাৰ্থ। যাক নিৰ্মাণ কৰিছিল ছাৰে নেনোচিষ্টেমছে ৷ ব্ৰিটেইনত ২০১৫ চনত ছাৰে নেন’চিষ্টেমছে ইয়াক তৈয়াৰ কৰিছিল যি প্ৰকৃততে এটা ছাবষ্ট্ৰেটত “বৃদ্ধি” কৰা উলম্ব কাৰ্বন টিউবৰ সংকলন।
ইউকেলিপ্টাছ ডেগ্লুপ্টা– এই ইউকেলিপ্টাছ গছৰ বাকলি ৰামধেনুৰ দৰে।ইউকেলিপ্টাছ ডেগ্লুপ্টা নামৰ এই গছজোপা ইণ্ডোনেছিয়া, পাপুয়া নিউ গিনি আৰু ফিলিপাইনছত পোৱা যায় । উজ্জ্বল নীলা, কমলা, বেঙুনীয়া, সেউজীয়া আৰু মেৰুণ ৰঙৰ ৰেখাৰে অতি আকৰ্ষণীয় এই গছজোপাৰ বহুৰঙী বাকলি।মিছৌৰী বোটানিকেল গাৰ্ডেনৰ মতে, গছজোপাৰ অস্বাভাৱিক ৰংবোৰ গছজোপাৰ বাকলি এৰাই যোৱাৰ পাৰ্শ্বক্ৰিয়া ।
ইণ্ডোনেছিয়াৰ কাৱাহ ইজেন নামৰ এই আগ্নেয়গিৰিটো নীলা আৰু বেঙুনীয়া ৰঙৰ লাভা নিৰ্গত কৰাৰ বাবে বিখ্যাত।অৱশ্যে কাৰিকৰীভাৱে এই লাভা নিজেই নীলা নহয়। স্মিথছ’নিয়ান আলোচনীৰ মতে, লাভাৰ সৈতে ওলোৱা বৃহৎ পৰিমাণৰ চালফিউৰিক গেছৰ পৰাই এই আকৰ্ষণীয় ৰং উৎপন্ন হয় । যেতিয়া এই গেছত জুই লাগে তেতিয়া ই উজ্জ্বল ৰঙৰ সৈতে জ্বলি উঠে যাৰ ফলত লাভাৰ ৰং নীলা যেন লাগে।
এই নীলা এঞ্জেল ছি স্লাগ দেখাত এলিয়েনৰ দৰে ।আনহাতে নীলা এঞ্জেল ছি স্লাগ মাংসভোজী। গ্ল’কাছ আটলাণ্টিকাছ হৈছে “নীলা দেৱদূত” হিচাপে বিখ্যাত এবিধ সাগৰীয় স্লাগ। কেৱল দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ উপকূলতহে পোৱা যায় এই বিৰল সুন্দৰ জীৱটো ।যাৰ খাদ্য অন্যান্য বিষাক্ত সাগৰীয় জীৱ । ই নিজৰ চিকাৰৰ পৰা বিশেষ মোনাত বিষ সংগ্ৰহ কৰি ভৱিষ্যতৰ চিকাৰত এই বিষ ব্যৱহাৰ কৰে।