অসমীয়া জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্ম জয়ন্তীক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা বিভিন্ন কাৰ্য্যসূচীয়ে নিশ্চয়কৈ অসমৰ নৱ-প্ৰজন্মৰ ওপৰত কিছু হ’লেও প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে ৷ আনহাতে চৰকাৰৰ এই পদক্ষেপৰ ফলত সমগ্ৰ ভাৰতবৰ্ষৰে বীৰ যোদ্ধা ৰূপে পৰিচিত লাচিত বৰফুকন নো কোন আছিল সেই বিষয়েও হয়তো অসমৰ বাহিৰৰ লোক সকলেও জানিব পাৰিছে ৷ আনহাতে চৰকাৰে অনুষ্ঠিত কৰা বীৰ লাচিতৰ ৰচনা লিখাৰ যি কাৰ্যসূচী সি বহুতকে উপকৃত কৰিছে ৷
শেহতীয়াকৈ সামাজিক মাধ্যম টুইটাৰ যোগে কামৰূপে জিলা প্ৰশাসনে টুইট কৰা এখন ফটোৱে নেটিজেন সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখনীয় যে আই এ এছ তথা বৰ্তমান কামৰূপ জিলাৰ উপায়ুক্ত শ্ৰীমতী কীৰ্তি জল্লীয়ে তেওঁৰ মাতৃভাষা তেলেগুত বীৰ লাচিত বৰফুকনৰ ৰচনা লিখি আপলোড কৰা কাৰ্য্যই প্ৰকৃতাৰ্থত বিষয়া গৰাকীৰ উদাৰতা তথা অসমৰ জাতীয় বীৰ গৰাকীৰ প্ৰতি তেখেতৰ শ্ৰদ্ধাকেই যেন প্ৰতিফলিতকৰিছে ।সামাজিক মাধ্যমত এই কথা প্ৰকাশ পোৱাৰ লগে লগেই সেয়েহে এই টুইটটোৱে নেটিজেন সকলৰ প্ৰতিক্ৰিয়া লাভ কৰিবলৈ সক্ষম হৈছে ৷
ফটোখন টুইটাৰত আপলোড কৰি সেয়ে কামৰূপ জিলা প্ৰশাসনে লিখিছে যে ,’আপুনি এতিয়াও আপোনাৰ ৰচনাখন লিখিছেনে? পৰ্টেলটো সোনকালে বন্ধ হৈ যাব। সেয়েহে আপুনি আপোনাৰ ৰচনাখন চিৰকালৰ বাবে আপলোড কৰাৰ এই সোণালী সুযোগৰ সদ্ব্যৱহাৰ কৰক।