‘পেলেচ অন হুইলছ’ এখন ৰে’ল যিখন ৰে’লৰ ডবাত প্ৰৱেশ কৰাৰ লগে লগে যাত্ৰীয়ে এনে অনুভৱ কৰে যেন তেওঁলোক এটা ৰাজপ্ৰসাদলৈহে আহিছে। উল্লেখনীয় যে এই ৰে’লখনৰ প্ৰতিটো ডবাই কোচ ৰজাৰ শৈলীত ডিজাইন কৰা হৈছে ৷
ৰে’লখনত আছে ফাইভষ্টাৰ হোটেলত থকা সকলো সা-সুবিধা ৷ ৰে’লখনৰ ভিতৰতে আছে বিলাসী ছুইট, জিম,স্পা, বাৰ আৰু বহুতো। এই কাৰণেই ‘পেলেচ অন হুইলছে’ বিশ্বৰ দ্বিতীয়খন বিলাসী ৰে’লৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে । কৰ’ণা কালত ২ বছৰ ৰে’ল যাত্ৰাত বিৰতি আছিল যদিও এইবাৰ ১২ অক্টোবৰৰ পৰা জয়পুৰবাসীক ৰাজকীয় শৈলীত আদৰিবলৈ সাজু হৈছে এই ৰে’লখন।
১৯৮২ চনৰ ২৬ জানুৱাৰীত প্ৰথম বাৰৰ বাবে যাত্ৰা আৰম্ভ কৰা ‘পেলেচ অন হুইলছ’ হৈছে ভাৰতৰ প্ৰথমখন বিলাসী ৰে’ল। এইখন ৰাজস্থানৰ আটাইতকৈ বিখ্যাত ৰে’ল যি দিল্লীৰ পৰা যাত্ৰীসকলক লৈ ৰাজস্থানৰ বিভিন্ন দুৰ্গ আৰু ৰাজপ্ৰসাদসমূহ ভ্ৰমণ কৰে। এই ৰে’লখনত ৮২ জন যাত্ৰীৰ বাবে আছে ৩৯টা ডিলাক্স কেবিন আৰু ২টা ছুপাৰ ডিলাক্স কেবিন। প্ৰতিটো কেবিনত সংলগ্ন একো একোটাকৈ ৱাছৰুম ।
গুৰুত্বপূৰ্ণ কথা যে এই বিলাসী ৰে’লখনৰ প্ৰতিটো কেবিনৰ নাম ৰাজস্থানৰ একো একোটা ৰাজপ্ৰসাদ আৰু দুৰ্গৰ নামেৰে ৰখা হৈছে। আনহাতে ৰে’লখনৰ সৌন্দৰ্য্যই সকলোকে আকৰ্ষিত কৰে। ৰেলখনৰ প্ৰতিটো ডবা ভিতৰৰ পৰা ফিৰোজা, ৰুবি আৰু মুকুতাৰ ৰঙেৰে সজাই তোলা হৈছে । ইয়াত দুখন ৰেষ্টুৰেণ্টো নিৰ্মাণ কৰা হৈছে য’ত অতিথিসকলক ৰাজকীয় খাদ্য আগবঢ়োৱা হয়। এই বিলাসী ৰে’লখনে পৰ্যটকসকলক এসপ্তাহৰ বাবে যাত্ৰাত লৈ যায়।
‘পেলেচ অন হুইলছ’ৰে যাত্ৰা কৰাৰ বাবে এজন যাত্ৰীৰ এৰাতিৰ ভাড়া ৫৫ হাজাৰ টকা ।অৱশ্যে ৰে’লত পানীয়, সুৰা, বিয়েৰ, কাপোৰ ধোৱা আৰু স্পাৰ বাবে সুকীয়াকৈ মূল্য পৰিশোধ কেৰিব লাগে যাত্ৰী সকলে । আনহাতে ৫ বছৰ পৰ্যন্ত শিশুৰ বাবে কোনো ধৰণৰ মূল্য লোৱা নহয় যদিও ৫ৰ পৰা ১০ বছৰ বয়সৰ শিশুৰ আধা ভাড়া লোৱা হয় এই ৰে’ল যাত্ৰাত ।
‘পেলেচ অন হুইলছ’ৰ বিষয়বস্তু অতি বিশেষ বাবেই ইয়াক চলন্ত ৰে’লত থকা পেলেচ বুলিও কোৱা হয়। ৰাজকীয় সকলো স- সুবিধা থকা এই অত্যন্ত বিলাসী ৰে’ল ‘পেলেচ অন হুইলছে’ বিশ্বৰ দ্বিতীয়খন বিলাসী ট্ৰেভেল ট্ৰেইন হিচাপেও স্বীকৃতি লাভ কৰিছে।ৰাজকীয় সা-সুবিধাৰে ভৰা এই ৰে’লখনেৰে ৭ ৰাতি ৮ দিনৰ এই যাত্ৰাত বুণ্ডী আৰু আজমেৰকো অন্তৰ্ভুক্ত কৰা হৈছে।