এইবাৰ ভাৰতৰ এটি ঘৰুৱা কোম্পানী ‘মিভি’য়ে মিভি মডেল ই স্মাৰ্টৱাচ মুকলি কৰি স্মাৰ্টৱাচ খণ্ডত প্ৰৱেশ কৰিছে। কোম্পানীটোৰ প্ৰথমটো স্মাৰ্টৱাচৰ মূল্য কম হোৱাৰ উপৰিও ইয়াত বহুতো স্বাস্থ্যসম্পৰ্কীয় বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা হৈছে।
‘অমৰ ওজালা’ নামৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বিশাল মৈথিলৰ এক প্ৰতিবেদন অনুসৰি ‘মিভি মডেল ই’ৰ ডায়েল দেখাত বৰ্গাকাৰৰ আৰু ইয়াক মেটালিক ফিনিচিং দিয়া হৈছে।আনহাতে ইয়াত ৫০০ নিট উজ্জ্বলতাৰ সৈতে ১.৬৯ ইঞ্চিৰ টিএফটি এইচডি ডিছপ্লে আছে আৰু ই ৫০টাতকৈও অধিক ক্লাউড ৱাচ ফেচ সমৰ্থন কৰে। মিভি এপৰ জৰিয়তে এই ঘড়ী চাব পাৰিব।
এই ‘মিভি মডেল ই’ নীলা, ক’লা, সেউজীয়া, ধূসৰ, ৰঙা আৰু ক্ৰীম ৰং আদি বিভিন্ন ৰঙত তৈয়াৰ কৰা হৈছে। আজিৰ পৰা কোম্পানীটোৰ ৱেবছাইট আৰু ফ্লিপকাৰ্টত গ্ৰাহক সকলৰ বাবে উপলব্ধ হ’ব এই ঘড়ীটো । ‘মিভি মডেল ই’ৰ মূল্য ৩,৯৯৯ টকা, কিন্তু ইনট্ৰেক্টৰী অফাৰ হিচাপে বৰ্তমান ইয়াক গ্ৰাহকসকলে ১,২৯৯ টকাত ক্ৰয় কৰিব পাৰিব।
জানিব পৰা মতে এইঘড়ীটোৱে ১২০টাতকৈও অধিক স্প’ৰ্টছ মোড সমৰ্থন কৰে। ঘড়ীটোৱে হাৰ্ট ৰেট ট্ৰেকিং, SpO2 মণিটৰ, স্লিপ ট্ৰেকাৰ, আৰু পিৰিয়ড ট্ৰেকাৰৰ দৰে স্বাস্থ্য সম্পৰ্কীয় কামবোৰো কৰিব পাৰে । আনহাতে এই ঘড়ীটোৰ সহায়ত ষ্টেপ কাউণ্টিঙো কৰিব পাৰি।
এই ক্ষেত্ৰত ব্যৱহাৰকাৰী সকলে মিভি এপৰ জৰিয়তে ইয়াৰ সকলো কাৰ্য্যকলাপ অনুসৰণ কৰিব পাৰিব। ইয়াত আছে কেমেৰা/সংগীত নিয়ন্ত্ৰণ, স্মাৰ্ট জাননী, বতৰ আপডেট, কল নাকচ বা নিস্তব্ধ কৰাৰ ক্ষমতা আদিকে ধৰি বহুতো বৈশিষ্ট্য।
ইয়াৰ বেটাৰীৰ সন্দৰ্ভত কোম্পানীটোৱে দাবী কৰিছে যে ইয়াক এবাৰ চাৰ্জ কৰিলে ৭ দিনৰ বেটাৰী বেকআপ পোৱা যায়। একে সময়তে ইয়াৰ সৈতে ২০ দিনলৈকে ষ্টেণ্ডবাই টাইম উপলব্ধ। আনহাতে পানী প্ৰতিৰোধৰ বাবে এই বিশেষ মডেলত উপলব্ধ আই পি ৬৮ ।