পঞ্জাৱৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গেংষ্টাৰ গোল্ডি ব্ৰাৰক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতীয় চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি আমেৰিকাৰ কেলিফৰ্ণিয়াত গ্ৰেপ্তাৰ কৰা হৈছে গোল্ডিক। অৱশ্যে কেলিফৰ্ণিয়া চৰকাৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ৷ অৱশ্যে সূত্ৰ অনুসৰি গোল্ডীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ভাৰতীয় চোৰাংচোৱা সংস্থা, দিল্লী আৰক্ষীৰ বিশেষ কোষ আৰু পঞ্জাৱ আৰক্ষীলৈ তথ্য প্ৰেৰণ কৰা হৈছে। সূত্ৰ অনুসৰি ভাৰতীয় চোৰাংচোৱা সংস্থাক গোল্ডীক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সূত্ৰই অৱগত কৰিছে। গোল্ডিক শীঘ্ৰে ভাৰতলৈ অনাৰ সম্ভাৱনা আছে ৷
গোল্ডিয়ে মুছেৱালাৰ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে । আৰু তেতিয়াৰ পৰাই পঞ্জাৱ আৰক্ষী আৰু ভাৰতীয় চোৰাংচোৱা সংস্থাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰি আহিছে ৷
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে চলিত বৰ্ষৰ ২৯ মে’ত পঞ্জাৱৰ মানছা জিলাৰ নিজৰ গাঁও মুছাতেইত ৰেপ গায়ক সিদ্ধুক একাংশ দুস্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। তাৰে এজন আছিল লৰেন্স বিষ্ণোই গোটৰ সদস্য অংকিত ছিৰছা। গুলীচালনা সংঘটিত হোৱাৰ সময়ত সিদ্ধুৰ সৈতে গাড়ীত আছিল সিদ্ধুৰ এজন খুলশালীয়েক আৰু বন্ধু। দুয়োজন গুৰুতৰভাৱে আহত হয়। সিদ্ধুৰ মৃতদেহৰ মৰণোত্তৰ প্ৰতিবেদন অনুসৰি, মুঠ ১৯টা গুলীয়ে তেওঁৰ শৰীৰত আঘাত কৰে ৷ গুলীবিদ্ধ হোৱাৰ ১৫ মিনিটৰ ভিতৰতে তেওঁৰ মৃত্যু হয়। হত্যাকাণ্ডৰ মাত্ৰ এদিন পূৰ্বে পঞ্জাৱ চৰকাৰে সিদ্ধুৰ নিৰাপত্তা কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছিল।
মুছেৱালাৰ হত্যাৰ এদিন পিছত অভিযুক্ত গোল্ডিয়ে ফেচবুকত পোষ্ট কৰিছিল যে তেওঁ নিজৰ গোটৰ দুজন সদস্যৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ গায়কজনক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। ব্ৰাৰ নিজেই গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ ‘ঘনিষ্ঠ’ সহযোগী হিচাপে পৰিচিত। সেই বিষ্ণয় হৈছে মুছেৱালা হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত।