ক’ত অৱস্থিত এসময়ত পানীৰ তলত হেৰাই যোৱা এই আটলাণ্টিছ চহৰখন ? গৱেষকসকলৰ মতে আটলাণ্টিছ চহৰখন গ্ৰীচৰ চেণ্টোৰিণি দ্বীপ, ইটালীৰ চাৰ্ডিনিয়া বা চাইপ্ৰাছ দ্বীপত অৱস্থিত। কিন্তু শেহতীয়া গৱেষণা অনুসৰি এই চহৰখন কাডিজৰ স্পেইন আৰু মৰক্কোৰ জলসীমাৰ মাজত আছিল বুলি অনুমান কৰা হৈছে ৷
বহু বছৰৰ আগতে পানীৰ তলত ডুব গৈছিল এই কিংবদন্তি দ্বীপ যাৰ ফলত নিশ্চিহ্ন হৈ পৰিছিল দ্বীপটোত প্ৰাণ পাই উঠা এক উন্নত তথা চহকী সভ্যতা। এতিয়া প্ৰশ্ন উত্থাপন হয় যে এই চহৰখন কেতিয়াবা বিচাৰি পোৱাটো সম্ভৱনে বা সঁচাকৈয়ে এই চহৰখনৰ কিবা অস্তিত্ব আছিল নে?
অৱশ্যে বৰ্তমান উপলব্ধ সকলো প্ৰমাণেই এই ইংগিত দিয়ে যে দাৰ্শনিক প্লেটোৱে, খ্ৰীষ্টপূৰ্ব ৩৬০ চনৰ কোনোবা এটা সময়ত এই দ্বীপ জাতিটোৰ উদ্ভাৱন কৰিছিল। প্লেটোৰ কোৱা মতে আটলাণ্টিছ কোনো ইউটোপিয়া নাছিল।
এই হেৰুৱা চহৰখনৰ কাহিনীয়ে হাজাৰ হাজাৰ বছৰ ধৰি মানুহক মোহিত কৰি ৰাখিছে।সকলোৱেই যেন প্ৰতিমূহুৰ্হততে চহৰখনৰ বিষয়ে জানিবলৈ উৎসুক ৷ প্লেটোৰ গ্ৰন্থসমূহত উল্লেখ থকা মতে আটলাণ্টিছ আছিল ইমানেই বিশাল এখন চহৰ যে বৰ্তমানৰ লিবিয়া আৰু এছিয়া যোগ কৰিলে যিমান হ’ব ইয়াৰ পৰিধি আছিল তাতকৈও ডাঙৰ ,যিটোৱে প্লেটোৰ সময়ত আধুনিক উত্তৰ আফ্ৰিকা আৰু তুৰস্কৰ আধাতকৈও অধিক অঞ্চলক বুজায়।আনহাতে আটলাণ্টিক মহাসাগৰত অৱস্থিত আছিল এই চহৰখন ৷ কিন্তু এই কথাও মনলৈ নহা নহয় যে যদি সঁচাকৈয়ে আটলাণ্টিকৰ পানীৰ তলৰ ক’ৰবাত ইয়াৰ অস্তিত্ব থাকিলহেঁতেন, তেন্তে নিশ্চিতভাৱে সাগৰৰ তলৰ ছ’নাৰ মেপত ইয়াক দেখা পোৱা গ’লহেঁতেন৷
উল্লেখযোগ্য যে আটলাণ্টিছে কেনেকৈ হেৰুৱা ইউটোপিক সভ্যতাক প্ৰতিনিধিত্ব কৰিছিল সেইকথা জানিব পৰা গৈছে ১৮৮২ চনত প্ৰকাশ পোৱা আমেৰিকাৰ প্ৰাক্তন কংগ্ৰেছী ইগনেচিয়াছ ডনেলিকৰ ‘আটলাণ্টিছ: দ্য এণ্টিডিলুভিয়ান ৱৰ্ল্ড’ গ্ৰন্থখনৰ যোগেদি ৷ আটলাণ্টিছৰ প্ৰকৃত অস্তিত্ব আছিল বুলি ধাৰণাটোক কেন্দ্ৰ কৰি গ্ৰন্থখনে ১৩টা এনে অনুমান দাঙি ধৰে য’ত প্ৰকৃততে ইয়াত আদিম মানৱজাতিয়ে যুগ যুগ ধৰি শান্তি আৰু সুখত বাস কৰা বুলি স্পষ্টকৈ প্ৰকাশ পাইছিল ।
বিশেষজ্ঞ সকলৰ মতে পৃথিৱীৰ বুকুৰ পৰা হেৰাই যোৱা বহুতো উল্লেখযোগ্য চহৰৰ ভিতৰত অন্যতম এই আটলাণ্টিছ চহৰ ৷ প্লেটোৰ বৰ্ণনা অনুযায়ী অজিৰ পৰা প্ৰায় ১২০০০বছৰৰ আগেয়ে এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত সমুদ্ৰৰ অটল তলিত নিশ্চিহ্ন হোৱা এই চহৰখনৰ বিষয়ে জানিবলৈ আজিও উৎসুক সমগ্ৰ বিশ্ববাসী ৷ ৷আটলাণ্টিছক কেন্দ্ৰ কৰি এতিয়াও বহুজনৰ মতানৈক্য আছে আৰু থাকিব ৷অৱশ্যে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত বহু এনে প্ৰমাণো পোৱা গৈছে যি আটলাণ্টিছ চহৰখনৰ অস্তিত্বক প্ৰতিফলিত কৰে ৷ অতিশীঘ্ৰেই হয়তো সমাধান হ’ব পানীৰ তলৰ এই চহৰখনৰ ৰহস্য ৷