VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পানীৰ তলত আজিও সুৰক্ষিত নেকি বিশ্বৰ এইখন সুন্দৰ চহৰ ?

ক’ত অৱস্থিত এসময়ত সাগৰৰ অটল তলিত হেৰাই যোৱা আটলাণ্টিছ চহৰ ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 2, 2022
in সমাজ
পানীৰ তলত আজিও সুৰক্ষিত নেকি বিশ্বৰ  এইখন সুন্দৰ চহৰ ?
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

ক’ত অৱস্থিত এসময়ত পানীৰ তলত হেৰাই যোৱা এই আটলাণ্টিছ চহৰখন ? গৱেষকসকলৰ মতে আটলাণ্টিছ চহৰখন গ্ৰীচৰ চেণ্টোৰিণি দ্বীপ, ইটালীৰ চাৰ্ডিনিয়া বা চাইপ্ৰাছ দ্বীপত অৱস্থিত। কিন্তু শেহতীয়া গৱেষণা অনুসৰি এই চহৰখন কাডিজৰ স্পেইন আৰু মৰক্কোৰ জলসীমাৰ মাজত আছিল বুলি অনুমান কৰা হৈছে ৷

বহু বছৰৰ আগতে পানীৰ তলত ডুব গৈছিল  এই কিংবদন্তি দ্বীপ যাৰ ফলত নিশ্চিহ্ন হৈ পৰিছিল দ্বীপটোত প্ৰাণ পাই উঠা এক উন্নত তথা চহকী সভ্যতা। এতিয়া প্ৰশ্ন  উত্থাপন হয় যে এই চহৰখন কেতিয়াবা বিচাৰি পোৱাটো সম্ভৱনে বা  সঁচাকৈয়ে এই চহৰখনৰ কিবা অস্তিত্ব আছিল নে?

অৱশ্যে বৰ্তমান  উপলব্ধ সকলো প্ৰমাণেই এই  ইংগিত দিয়ে যে দাৰ্শনিক প্লেটোৱে, খ্ৰীষ্টপূৰ্ব ৩৬০ চনৰ কোনোবা এটা সময়ত এই দ্বীপ জাতিটোৰ উদ্ভাৱন কৰিছিল। প্লেটোৰ কোৱা মতে আটলাণ্টিছ কোনো ইউটোপিয়া নাছিল।

এই হেৰুৱা চহৰখনৰ কাহিনীয়ে  হাজাৰ হাজাৰ বছৰ ধৰি মানুহক মোহিত কৰি ৰাখিছে।সকলোৱেই যেন প্ৰতিমূহুৰ্হততে চহৰখনৰ বিষয়ে জানিবলৈ উৎসুক ৷  প্লেটোৰ গ্ৰন্থসমূহত উল্লেখ থকা মতে  আটলাণ্টিছ আছিল ইমানেই বিশাল এখন চহৰ যে বৰ্তমানৰ  লিবিয়া আৰু এছিয়া যোগ কৰিলে যিমান হ’ব ইয়াৰ পৰিধি আছিল তাতকৈও ডাঙৰ ,যিটোৱে প্লেটোৰ সময়ত আধুনিক উত্তৰ আফ্ৰিকা আৰু তুৰস্কৰ আধাতকৈও অধিক অঞ্চলক বুজায়।আনহাতে আটলাণ্টিক মহাসাগৰত অৱস্থিত আছিল এই চহৰখন  ৷ কিন্তু এই কথাও মনলৈ নহা নহয় যে যদি সঁচাকৈয়ে আটলাণ্টিকৰ পানীৰ তলৰ ক’ৰবাত ইয়াৰ অস্তিত্ব থাকিলহেঁতেন, তেন্তে  নিশ্চিতভাৱে সাগৰৰ তলৰ ছ’নাৰ মেপত ইয়াক দেখা পোৱা গ’লহেঁতেন৷

উল্লেখযোগ্য যে  আটলাণ্টিছে কেনেকৈ হেৰুৱা ইউটোপিক সভ্যতাক প্ৰতিনিধিত্ব কৰিছিল সেইকথা জানিব পৰা গৈছে    ১৮৮২ চনত প্ৰকাশ  পোৱা আমেৰিকাৰ প্ৰাক্তন কংগ্ৰেছী ইগনেচিয়াছ ডনেলিকৰ  ‘আটলাণ্টিছ: দ্য এণ্টিডিলুভিয়ান ৱৰ্ল্ড’ গ্ৰন্থখনৰ যোগেদি  ৷ আটলাণ্টিছৰ প্ৰকৃত অস্তিত্ব আছিল বুলি ধাৰণাটোক কেন্দ্ৰ কৰি গ্ৰন্থখনে ১৩টা এনে অনুমান দাঙি ধৰে  য’ত প্ৰকৃততে  ইয়াত  আদিম মানৱজাতিয়ে যুগ যুগ ধৰি শান্তি আৰু সুখত বাস কৰা  বুলি স্পষ্টকৈ প্ৰকাশ  পাইছিল ।

বিশেষজ্ঞ সকলৰ মতে পৃথিৱীৰ বুকুৰ পৰা হেৰাই যোৱা বহুতো উল্লেখযোগ্য চহৰৰ ভিতৰত অন্যতম এই আটলাণ্টিছ চহৰ ৷ প্লেটোৰ বৰ্ণনা অনুযায়ী অজিৰ পৰা প্ৰায় ১২০০০বছৰৰ আগেয়ে এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত সমুদ্ৰৰ অটল তলিত নিশ্চিহ্ন হোৱা এই চহৰখনৰ বিষয়ে জানিবলৈ আজিও উৎসুক সমগ্ৰ বিশ্ববাসী ৷ ৷আটলাণ্টিছক কেন্দ্ৰ কৰি এতিয়াও বহুজনৰ মতানৈক্য আছে আৰু থাকিব ৷অৱশ্যে  দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত বহু এনে প্ৰমাণো পোৱা গৈছে যি আটলাণ্টিছ চহৰখনৰ অস্তিত্বক প্ৰতিফলিত কৰে ৷ অতিশীঘ্ৰেই  হয়তো সমাধান হ’ব পানীৰ তলৰ এই চহৰখনৰ ৰহস্য ৷

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

ফুটবল খেলপথাৰত ধূলিস্যাৎ জাৰ্মানীৰ-গৌৰৱ!গ্ৰুপ পর্যায়ৰ পৰাই বিদায় ল’লে চাৰিবাৰকৈ বিশ্বকাপজয়ী দলটোৱে

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 29, 2023
এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও
সমাজ

এই অঞ্চললৈ আহিবলৈ অস্বীকাৰ কৰে টেক্সি চালকসকলেও

January 28, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 28, 2023
চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ
সমাজ

চৰাইদেউৰ কেইজনমান ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

January 27, 2023
আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে  শীৰ্ষ ৰেটিং ?
সমাজ

আতিথ্যৰ ক্ষেত্ৰত ভাৰতৰ কোনকেইখন চহৰে লাভ কৰিলে শীৰ্ষ ৰেটিং ?

January 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

January 27, 2023
Next Post
ফুটবল খেলপথাৰত ধূলিস্যাৎ জাৰ্মানীৰ-গৌৰৱ!গ্ৰুপ পর্যায়ৰ পৰাই বিদায় ল’লে  চাৰিবাৰকৈ বিশ্বকাপজয়ী দলটোৱে

ফুটবল খেলপথাৰত ধূলিস্যাৎ জাৰ্মানীৰ-গৌৰৱ!গ্ৰুপ পর্যায়ৰ পৰাই বিদায় ল’লে চাৰিবাৰকৈ বিশ্বকাপজয়ী দলটোৱে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7