শংকৰী কলাকৃষ্টিৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পাল কৰা এক স্বেচ্ছাসেৱী সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘বৃহত্তৰ গুৱাহাটী মহিলামঞ্চ সাংস্কৃতিক সংস্থা’৷ সংস্থাটোৱে অসমীয়া সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত বহু ঠাইত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে ৷
বৰ্তমান সময়ত শংকৰী কলাকৃষ্টিৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব প্ৰদান কৰি বহুতেই অহোপুৰুষাৰ্থ কৰি আছে যদিও গুৰুজনাৰ আপুৰুগীয়া সৃষ্টি ভাওনা পৰিবেশনৰ কিছু সীমাবদ্ধতা থাকে। ‘বৃহত্তৰ গুৱাহাটী মহিলামঞ্চ সাংস্কৃতিক সংস্থা’ই গুৱাহাটীৰ বিভিন্ন প্ৰেক্ষাগৃহত প্ৰদৰ্শনীমূলকভাৱে বিগত পাঁচটা বছৰৰ মহিলাসকলৰ দ্বাৰা অভীনিত ভাওনা পৰিবেশন কৰি আহিছে।মহিলামঞ্চৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে মহিলা সকলৰ সুৰক্ষা আৰু সুবিধাৰ সীমাবদ্ধতাৰ কাৰণে নামঘৰ অথবা মুকলি ঠাইৰ পৰিৱৰ্তে প্ৰেক্ষাগৃহ বাচনি কৰি লোৱা হয়।
‘অসম সাংস্কৃতিক সঞ্চালকালয়’ৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এইবাৰ পঞ্চম বাৰৰ বাবে মহিলামঞ্চৰ উদ্যোগত , ড°শিখা বেজবৰুৱা গোস্বামীৰ ব্যৱস্থাপনাত এইবাৰো মঞ্চস্থ হ’ব এখন সৰ্বাংগসুন্দৰ মহিলা ভাওনা।অহা ২৪ ডিচেম্বৰ শনিবাৰে বিয়লি ৩ বজাত ড°বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত শিৱসাগৰৰ পুণ্ডৰীকাক্ষ মহিলা নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰিব নাট:দানবীৰ ৰজা হৰিশ্চন্দ্ৰ।নাটখনি পৰিচালনা কৰিব বাস্তৱ মিণ্টু গগৈয়ে।
নিৰ্দিষ্ট সময়ৰ আগতেই সীমিত আসন গ্ৰহণ কৰি নাটখনি উপভোগ কৰিবলৈ সমূহ নট্যপ্ৰেমী তথা ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাইছে মহিলামঞ্চৰ সাধাৰণ সম্পাদিকা ভিকুইলিনা দলৈ তথা আন আন বিষয়ববীয়া সকলে ।