প্ৰতীবন্ধী সকলৰ বাবে এক বিশেষ দিন ৷ কাইলৈ ৩ডিচেম্বৰ আৰু প্ৰতিবছৰে এই ৩ ডিচেম্বৰ তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস ৷ যাৰ উদ্দেশ্য হৈছে প্ৰতিবন্ধী সকলৰ অধিকাৰ আৰু মংগলৰ লগতে তেনে লোকৰ উদ্বেগ সম্পৰ্কে সজাগতা বিয়পোৱা।
১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে প্ৰথমবাৰৰ বাবে এই দিৱস পালনৰ কথা ঘোষণা কৰিছিল।এই বছৰৰ এই দিৱস উদযাপনৰ বিষয়বস্তু হৈছে “অন্তৰ্ভুক্ত উন্নয়নৰ বাবে পৰিৱৰ্তনশীল সমাধান: এখন সুলভ আৰু সমতাপূৰ্ণ পৃথিৱীত ইন্ধন যোগোৱাত উদ্ভাৱনৰ ভূমিকা।”
ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি বিশ্বৰ জনসংখ্যাৰ ৭ বিলিয়নতকৈ অধিক লোক বা বিশ্বৰ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশই কোনো ধৰণৰ অক্ষমতাৰ সৈতে জীয়াই আছে৷ যাৰ ৮০ শতাংশই উন্নয়নশীল দেশত বাস কৰে।
এই দিনটো উদযাপনৰ প্ৰধান উদ্দেশ্য হৈছে বিশেষ ভাৱে সক্ষম বা দিব্যঞ্জন সকলক তেওঁলোকৰ প্ৰাপ্য সন্মান আৰু অধিকাৰ বিচাৰিবলৈ উৎসাহিত কৰা। গতিকে আহক আমি সকলোৱে মিলি তেওঁলোকক তেওঁলোকৰ এই অধিকাৰ সমূহ লাভ কৰাত সহায়ৰ হাত আগবঢ়াও ৷