তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক দিল্লীৰ আবকাৰী নীতি ৰূপায়নত সংঘটিত দুৰ্নীতিৰ গোচৰত জেৰাৰ বাবে চিবিআইয়ে চমন কৰিছে। অহা ৬ ডিচেম্বৰত দিল্লীস্থিত চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কবিতাক নিৰ্দেশ দিয়া হৈছে।
সূত্ৰ অনুসৰি কবিতাই দিল্লীৰ পৰিৱৰ্তে হায়দৰাবাদত জেৰাৰ সন্মুখীন হ’বলৈ আবেদন কৰিছিল যদিও এই প্ৰস্তাৱ চিবিআইয়ে নাকচ কৰে। চিবিআইৰ চমন পোৱাৰ কথা স্বীকাৰ কৰি তেওঁ কয় , ‘আমাক সোধা-পোছাৰ বাবে দিল্লীলৈ চমন কৰা হৈছে। দিল্লীৰ পৰিৱৰ্তে হায়দৰাবাদত হাজিৰ হোৱাটো সম্ভৱ নেকি বুলি চিবিআইক সুধিছো।”
তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ নেতা কবিতাই শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেন্দ্ৰীয় সংস্থাটোৰ ‘অপব্যৱহাৰ’ কৰাৰ অভিযোগত সমালোচনা চলাইছিল। আনহাতে, চন্দ্ৰশেখৰ চৰকাৰে হায়দৰাবাদ উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰি তেলেংগানাত চিবিআইৰ তদন্তৰ ‘সাধাৰণ সন্মতি’ প্ৰত্যাহাৰ কৰে। ইয়াৰ পিছতে কবিতাক জেৰাৰ বাবে তলব কৰে ৷