ভাৰতত জন্মগ্ৰহণ কৰা সুন্দৰ পিচাইক ভাৰতৰ ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰে সন্মানিত কৰা হয়।গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে শুকুৰবাৰ অৰ্থাৎ ২ ডিচেম্বৰ তাৰিখে আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্ৰদূতৰ পৰা পদ্মভূষণ বঁটা লাভ কৰে।
এই সন্মান গ্ৰহণ কৰি তেওঁ ক’লে যে ভাৰত তেওঁৰ এটা অংশ ৷ তেওঁ য’লৈকে যায় এই সত্বাক কঢ়িয়াই লৈ ফুৰে ৷ কাৰণ ই এটা সুন্দৰ বঁটা নহয় যে তেওঁ ইয়াক ক’ৰবাত সুৰক্ষিত কৰি থ’ব । ভাৰতত জন্মগ্ৰহণ কৰা সুন্দৰ পিচাইক ভাৰতৰ ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰে সন্মানিত কৰা হয় ৷ ছান ফ্ৰান্সিস্কোত তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত পিচাইয়ে আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত তৰণজিৎ সিং সন্ধুৰ পৰা এই বঁটা গ্ৰহণ কৰে।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ‘বাণিজ্য আৰু উদ্যোগ’ শাখাত পিচাইৰ লগতে মাইক্ৰ’ছফ্টৰ সত্য নাডেলা, টাটা গ্ৰুপৰ এন চন্দ্ৰশেখৰণ, ভাৰত বায়’টেকৰ কৃষ্ণা আৰু সুচিত্ৰ এলা আৰু চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চাইৰাছ পুনাৱাল্লাক এই বঁটা প্ৰদান কৰে।
গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে এই সন্মান লাভ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয় যে এই অপৰিসীম সন্মানৰ বাবে ভাৰত চৰকাৰ আৰু ভাৰতবাসীৰ প্ৰতি তেওঁৰ গভীৰ কৃতজ্ঞতা। তেওঁ লগতে কয় যে তেওঁক গঢ় দিয়া দেশখনে এইদৰে সন্মান জনোৱাটো অবিশ্বাস্যভাৱে অৰ্থপূৰ্ণ।আনহাতে তেওঁ এই আস্বাস দিয়ে যে গুগল আৰু ভাৰতৰ মাজত থকা মহান অংশীদাৰিত্ব অব্যাহত ৰাখিবলৈ তেওঁ আগ্ৰহী কাৰণ একেলগে কাম কৰি তেওঁলোকে প্ৰযুক্তিৰ সুবিধা অধিক লোকৰ মাজলৈ লৈ যাব পাৰিব ৷