VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পিন্ধে ৭.৫ কোটি টকাৰ সোণ, গাড়ী-মোবাইল সকলোতে লগাই লৈছে স্বর্ণঃকোন এই দুই বন্ধু ??

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 3, 2022
in মুখ্য সংবাদ
পিন্ধে ৭.৫ কোটি টকাৰ সোণ, গাড়ী-মোবাইল সকলোতে লগাই লৈছে স্বর্ণঃকোন এই দুই বন্ধু ??
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

ডিঙি ভৰি থকা  সোণৰ গহণা , সকলো আঙুলিত সোণৰ আঙঠি, হাতত সোণৰ ব্ৰেচলেট – ‘গোল্ডেন ৰজা’ শব্দটোৱে বিখ্যাত সংগীত পৰিচালক, সুৰকাৰ বাপ্পী লাহিড়ীৰ প্ৰতিচ্ছবিকে মনত পেলাই দিয়ে। বাপ্পী লাহিড়ীৰ বাহিৰেও আমাৰ দেশত আৰু কিছু এনে লোক আছে, যিসকল ‘সোণালী ৰজা’তকৈকোনো গুণে কম নহয়।

ইয়াৰে এজন হৈছে ছানী নানা চাহেব ৱাঘচৌৰ। তেওঁৰ জন্ম পুনেত। স্কুল আৰু কলেজীয়া শিক্ষাও পুনেত সমাপ্ত কৰে ৷ ছানীৰ বন্ধু সঞ্জয় গুজাৰ ওৰফে বাণ্টীৰ নামো সমানে উচ্চাৰিত হয় । ছানী-সঞ্জয়ৰ যুটিটোক ‘দ্য গোল্ডেন গাই’ নামেৰে বেছি পৰিচিত। এটা সাক্ষাৎকাৰত ছানীয়ে কয়, ‘আমি দুয়ো পুনেত বাস কৰো। বাণ্টী আৰু মই সৰুৰে পৰা বন্ধু। সৰুৰে পৰা দুয়োৰে সোণৰ প্ৰতি এক অদ্ভুত আকৰ্ষণ আৰু প্ৰেম আছিল । আৰু সেই চখটো পূৰণ কৰিবলৈ আমি দুয়ো সোণৰ গহনা পিন্ধিবলৈ আৰম্ভ কৰিলো ৷”

ছানি আৰু বাণ্টীয়ে দুয়োজনে মুঠ ১৩ কিলোগ্ৰাম সোণৰ গহনা পিন্ধে। ছানীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁৰ গোটেই শৰীৰত মুঠ ৮ কিলোগ্ৰাম সোণ আছে। আনহাতে বান্টিয়ে পিন্ধে ৫ কিলোগ্ৰাম সোণৰ গহনা। বৰ্তমান সোণৰ বজাৰ মূল্য অনুসৰি ‘গোল্ডেন গাই’ৰ মুঠ সোণৰ মূল্য ৭.৫ কোটি টকাতকৈও অধিক।

সাক্ষাৎকাৰটোত ছানীয়ে কয়, “ইমান সোণ পিন্ধা দেখি সকলোৱে আচৰিত হয়, ইমান ওজন  কেনেকৈ কঢ়িয়াই লৈ ফুৰে? দীৰ্ঘদিন পিন্ধি থকাৰ বাবে এয়া অভ্যাসত পৰিণত হয় ৷ অসুবিধা অনুভৱ নহয় ৷ “কেৱল সোণৰ গহনাই নহয় ছানীৰ মোবাইলৰ কভাৰটোও সোণৰ। আন গেজেটতো সোণৰ ক’ভাৰ ৷

ছানি আৰু বাণ্টীৰ গাড়ীতো লগোৱা হৈছে  সোণ ৷ জোতা, ঘড়ী, আনকি চশমাতো  আছে সোণ। ছানীয়ে প্ৰকাশ কৰা অনুসৰিতেওঁলোকক চাবলৈ বহুত লোক গোট খায় ৷ ফলত সকলো সময়তে সাৱধান হ’ব লগা হয়। তেওঁলোকৰ নিৰাপত্তাৰ বাবে দেহৰক্ষী ৰাখিবলগীয়া হৈছে ৷

গোল্ডেন গাইজৰ আছে কেইবাখনো বিলাসী গাড়ী। ইয়াৰে এখন হ’ল জাগুয়াৰ এক্সএফ। গাড়ীখনৰ বাহিৰৰ আৰু ভিতৰৰ অংশ সোণেৰে নির্মাণ কৰা হৈছে। ইয়াৰ উপৰিও আছে অ’ডি কিউ-৭। জাগুয়াৰ আৰু অ’ডিৰ উপৰিও ছানি আৰু বাণ্টীয়ে মাৰ্চিডিজ বেঞ্জ ই ক্লাছৰ মালিক। ইয়াৰ উপৰিও আছে লেণ্ড ৰভাৰ ৰেঞ্জ ৰভাৰ ভোগ এল৩৩২। ইয়াৰ এক্স শ্ব’ৰুমৰ মূল্য প্ৰায় ৩ কোটি টকা।

ছানি আৰু বাণ্টীয়ে বলীউড (চলচ্চিত্ৰ বিত্তীয় সাহায্য)কে ধৰি বহু ছবিত ধন বিনিয়োগ কৰিছিল। ২০১৩ চনত ছানী-বাণ্টীয়ে ‘জিলা গাজিয়াবাদ’, ‘জয়ন্তভাই কি লাভ ষ্ট’ৰী’ ছবিখনতো ধন বিনিয়োগ কৰিছিল।

বলীউডৰ বহু তাৰকাৰ ঘনিষ্ঠ ‘গোল্ডেন গাই’। বিবেক অবেৰয় আৰু নেহা শৰ্মাৰ সৈতে প্ৰায়ে দেখা যায় ছানীক । ‘জিলা গাজিয়াবাদ’ ছবিতো অভিনয় কৰিছে ছানীয়ে। অভিনেতা বিবেক অবেৰয়ৰ ব্যৱসায়িক অংশীদাৰ ছানী। দুয়োকে কেইবাটাও জনপ্ৰিয় ৰিয়েলিটি শ্ব’ত দেখা গৈছে।

২০১৭ চনত প্ৰথমবাৰৰ বাবে জনপ্ৰিয় শ্ব’ত দেখা গৈছিল ‘গোল্ডেন গাইজ’ক। ইয়াৰ পিছত তেওঁলোকৰ সৌন্দৰ্য্যৰ বাবে ছানি-বাণ্টীৰ নামটো অধিক জনপ্ৰিয় হৈ পৰিছিল। কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছানীৰ সম্পত্তিৰ পৰিমাণ ৩০ কোটি টকা। ছনীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত কেইবাবাৰো মডেল প্ৰীতি ছোনীৰ সৈতে তেওঁৰ ছবি শ্বেয়াৰ কৰিছে। ফলত প্ৰীতিৰ সৈতে ছানীৰ সম্পৰ্কক লৈ চৰ্চা চলিছে।

Previous Post

ভাৰতত জন্মগ্ৰহণ কৰা সুন্দৰ পিচাইক ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ‘পদ্মভূষণ’ প্ৰদান

Next Post

দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ ছিল্ক স্মিতাৰ কথা মনত আছেনে ? কেনেদৰে বিজয়লক্ষ্মী বদলাপতিৰ পৰা তাৰকা হৈ পৰিছিল দৰিদ্ৰ ঘৰৰ জীয়ৰী গৰাকী ?আজিও ৰহস্যৰ আৱর্তত মৃত্যু ৰহস্য

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ ছিল্ক স্মিতাৰ কথা মনত আছেনে ? কেনেদৰে বিজয়লক্ষ্মী বদলাপতিৰ পৰা  তাৰকা হৈ পৰিছিল দৰিদ্ৰ ঘৰৰ জীয়ৰী গৰাকী ?আজিও ৰহস্যৰ আৱর্তত মৃত্যু ৰহস্য

দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ ছিল্ক স্মিতাৰ কথা মনত আছেনে ? কেনেদৰে বিজয়লক্ষ্মী বদলাপতিৰ পৰা তাৰকা হৈ পৰিছিল দৰিদ্ৰ ঘৰৰ জীয়ৰী গৰাকী ?আজিও ৰহস্যৰ আৱর্তত মৃত্যু ৰহস্য

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7