বিশ্বকাপ ফুটবলৰ যিসকল তাৰকাৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থাকে সেসকলৰ অন্যতম হৈছে নেইমাৰ ৷ কিন্তু এইবাৰ নেইমাৰে আৰম্ভণিৰ মেচতে আঘাত লাভ কৰাৰ বাবে তাৰকা গৰাকীৰ দুভৰিৰ চন্দ উপভোগ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে অনুৰাগী ৷ ইয়াৰ মাজতে অনুৰাগীসকলৰ বাবে আছে এক দুখৰ কবৰ ৷ কাটাৰ বিশ্বকাপত হয়তো এইবাৰ নেইমাৰৰ খেল উপভোগ কৰাৰ পৰা সম্পূর্ণৰূপে বঞ্চিত হ’ব পাৰে ৷ বিশ্বকাপৰ আন কোনো খেলত নেইমাৰে অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি চর্চা লাভ কৰিছে ৷ কিয়নো তেওঁৰ লিগামেণ্টৰ গুৰুতৰ আঘাত লাভ কৰা বুলি ধাৰণা কৰা হৈছে ৷
ছাৰ্বিয়াৰ বিৰুদ্ধে প্ৰথমখন খেলত আঘাতপ্ৰাপ্ত হৈছিল নেইমাৰ। দুদিনমান জল্পনা-কল্পনাৰ অন্তত কোৱা হৈছে যে তেওঁ গ্ৰুপ পৰ্যায়ত খেলিব নোৱাৰিব। কিন্তু নকআউটত মেচত খেলাৰ সম্ভাৱনা আছে ৷ কিন্তু শেহতীয়া খবৰ অনুসৰি নেইমাৰক নক আউট মেচত তেওঁ খেলাৰ সম্ভাৱনা নাই ৷ তেওঁৰ আঘাত প্ৰথম ভবাতকৈও বেছি গুৰুতৰ আছিল। তেওঁৰ ভৰিৰ গোৰোহাত যথেষ্ট আঘাত পাইছে ৷
কেমেৰুণৰ খেলখনৰ পূৰ্বে ব্ৰাজিলৰ সহকাৰী প্ৰশিক্ষক ক্লেবাৰ জেভিয়াৰে কয় যে নেইমাৰৰ স্বাস্থ্য লাহে লাহে উন্নতি হৈছে। নেইমাৰে তিনিখন বিশ্বকাপত অংশগ্ৰহণ কৰিছিল । পূৰ্বৰ দুয়োখন বিশ্বকাপত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। ২০১৪ চনৰ বিশ্বকাপত পিঠিৰ আঘাতৰ বাবে কেইবাখনো মেচত খেলাৰ পৰা বঞ্চিত হৈছিল ৷ ২০১৮ চনৰ বিশ্বকাপৰ পূৰ্বে তেওঁ আঘাতপ্ৰাপ্ত হৈছিল।