ভাৰতক বিশ্বৰ জনপ্ৰিয় পৰ্যটন ক্ষেত্ৰ হিচাপে জনা যায়। ইয়াৰ পৰ্যটনস্থলীসমূহৰ আছে বহু ইতিহাস ৷ কোনোবা এখন ঠাইৰ সৈতে যদি জড়িত এক পৌৰাণিক কাহিনীৰ সৈতে আন এখন ঠাইৰ হয়তো আছে কিবা এক আচৰিত ৰহস্য নাইবা কোনোবা এখন ঠাই হয়তো এজন মহান ব্যক্তিৰ জন্মস্থান ৷ প্ৰাচীন ভাৰতেই হয়তো একমাত্ৰ এনে দেশ য’ত সকলো ঋতু একেলগে উপভোগ কৰিব পাৰি। কাশ্মীৰৰ বগা বৰফৰ চাদৰ, উত্তৰাখণ্ডৰ পাহাৰ, হিমাচলৰ উপত্যকা, কেৰালা, উত্তৰ-পূবাঞ্চলৰ সেউজীয়া আৰু ৰাজস্থানৰ শুষ্কতা ইয়াত সকলো দেখিবলৈ পোৱা যায় ।
সেইবাবেই যেন ভাৰতে সকলো পৰ্যটকৰ হৃদয়ত বাস কৰে। আজি আমি ভাৰতৰ কেইখনমান ঐতিহ্যমণ্ডিত কেইখনমান গাঁৱৰ বিষয়ে জনাবলৈ ওলাইছোঁ যিকেইখন গাঁৱে ইতিহাসৰ এক নিবিড় আভাস দিব পাৰে পৰ্য্যটক সকলক। এই আটাইকেইখন গাঁও ইয়াৰ পুৰণি সংস্কৃতি, পৰম্পৰা আৰু জীৱনশৈলীৰ বাবে জনাজাত।
১/ পৰাগপুৰ বা প্ৰাগ গাঁও, হিমাচল প্ৰদেশ – এই পৰাগপুৰ গাঁওখন ভাৰতৰ প্ৰথমখন ঐতিহ্যমণ্ডিত গাঁও বুলি গণ্য কৰা হয়। ষোড়শ শতিকাত কংগ্ৰা জিলাৰ ৰাজকীয় পৰিয়াল বুলি বিশ্বাস কৰা যছৱান ৰাজপৰিয়ালৰ ৰাজকুমাৰী প্ৰাগ দেইয়ে প্ৰতিষ্ঠা কৰা এই গাঁওখনৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে। এই গাঁওখনে আজিও নিজৰ পুৰণি ঐতিহ্যক লৈ সগৌৰৱে থিয় দি আছে । গাঁওখন এবাৰ দেখাৰ পিছত সকলো মুগ্ধ হৈ পৰে ৷ আজিও ইয়াত দেকা পোৱা যায় পুৰণি ঐতিহাসিক দোকান-পোহাৰ, শিলৰ ৰাস্তা আৰু গড় সদৃশ ঘৰ যিবোৰ হ’ল এই গাঁওখনৰ মুখ্য আকৰ্ষণ।
২/ হিমাচল প্ৰদেশৰ গাৰ্লি গাঁও- হিমাচলৰ দ্বিতীয়খন ঐতিহ্যমণ্ডিত গাঁৱৰ নাম গাৰ্লি গাঁও। ইয়াত আজিও ফিউজন আৰ্কিটেকচাৰ দেখা পোৱা পায় যি উপভোগ কৰিবলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ লোক ইয়ালৈ আহে । এই গাঁওখনৰ স্থাপত্য ইউৰোপীয় শৈলীৰ। ইয়াত পুৰণি অট্টালিকাও দেখা যায়, যিবোৰ পুৰণি কালত ব্যৱসায়ী সকলৰ ঘৰ আছিল। এই গাঁওখনে আজিও যেন নিজৰ পুৰণি ঐতিহ্যক জীয়াই ৰাখিছে।
৩/ কিছামা গাঁও, নাগালেণ্ড –উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য নাগালেণ্ডত অৱস্থিত কিছামা গাঁৱক নগা সম্প্ৰদায়ৰ গাঁও বুলি কোৱা হয়, যিয়ে ইয়াৰ সংস্কৃতি, পৰম্পৰা আৰু প্ৰাচীন ৰীতি-নীতিৰ প্ৰতিফলন ঘটায়। নাগালেণ্ডত প্ৰতি বছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত হৰ্ণবিল উৎসৱ পালন কৰা হয়, সেই সময়ত এই গাঁওখন সাধাৰণ পৰ্যটকৰ বাবে মুকলি কৰা হয় আৰু এই সময়ছোৱাত এই গাঁওখন যেন মুকলি আকাশৰ তলৰ এটি সংগ্ৰহালয়লৈ পৰিণত হয়।
৪/ মিজোৰামৰ ৰেইক গাঁও-সেউজীয়া পাহাৰেৰে আগুৰি থকা উত্তৰ-পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য মিজোৰামৰ ৰিয়েক গাঁওখন অতি সুন্দৰ আৰু আকৰ্ষণীয়। এই গাঁৱৰ পৰাই বাংলাদেশৰ ভূমি সহজে দেখা পোৱা যায়। স্বকীয় সংস্কৃতি আৰু ঐতিহ্যৰ বাবে পৰিচিত মিজো জনজাতীয় সম্প্ৰদায়ৰ বাসস্থান ৰিক গাঁও। তেওঁলোকৰ জনজাতীয় সমাজখনক চাবলৈ আৰু বুজিবলৈ এই গাঁওখনেই এক নিখুঁত গন্তব্যস্থান।
৫) মেঘালয়ৰ খাছি গাঁও – মেঘালয়ত অৱস্থিত খাছি গাঁওখন অতি সুন্দৰ যি প্ৰাচীন সভ্যতা-সংস্কৃতিক প্ৰদৰ্শন কৰে ৷ এই গাঁওখনক মাউলিননং গাঁও বুলিও কোৱা হয়। বৰ্তমান সময়ত এই গাঁওখনক এছিয়াৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ গাঁও বুলি গণ্য কৰা হয়। খাছি জনজাতিৰ এই গাঁওখনক ‘ঈশ্বৰৰ নিজৰ বাগিচা’ বুলিও জনা যায়। এই গাঁৱৰ বিশেষত্ব হ’ল ইয়াত এটাও পকী ঘৰ নিৰ্মাণ কৰা দেখা পোৱা নাযায় ৷ তাৰ পৰিৱৰ্তে ইয়াৰ মানুহে বাঁহৰ ঘৰত থাকিবলৈ পছন্দ কৰে, যাৰ বাবে এই গাঁওখন আৰু অধিক বিশেষ হৈ পৰিছে।