VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাচীন ভাৰতেই  হয়তো একমাত্ৰ এনে দেশ য’ত সকলো ঋতু একেলগে উপভোগ কৰিব পাৰি

এইখন ভাৰততে আছে এটাও পকী ঘৰ নথকা এখন ধুনীয়া গাওঁ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 3, 2022
in সমাজ
প্ৰাচীন ভাৰতেই  হয়তো একমাত্ৰ এনে দেশ য’ত সকলো ঋতু একেলগে উপভোগ কৰিব পাৰি
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

ভাৰতক বিশ্বৰ জনপ্ৰিয় পৰ্যটন ক্ষেত্ৰ হিচাপে জনা যায়। ইয়াৰ  পৰ্যটনস্থলীসমূহৰ আছে  বহু ইতিহাস ৷  কোনোবা এখন ঠাইৰ সৈতে যদি জড়িত এক পৌৰাণিক কাহিনীৰ সৈতে আন এখন ঠাইৰ  হয়তো আছে কিবা এক আচৰিত ৰহস্য নাইবা  কোনোবা এখন ঠাই হয়তো এজন মহান ব্যক্তিৰ জন্মস্থান ৷ প্ৰাচীন ভাৰতেই হয়তো  একমাত্ৰ এনে দেশ য’ত সকলো ঋতু একেলগে উপভোগ কৰিব পাৰি। কাশ্মীৰৰ বগা বৰফৰ চাদৰ, উত্তৰাখণ্ডৰ পাহাৰ, হিমাচলৰ উপত্যকা, কেৰালা, উত্তৰ-পূবাঞ্চলৰ সেউজীয়া আৰু ৰাজস্থানৰ  শুষ্কতা  ইয়াত সকলো দেখিবলৈ পোৱা যায় ।

সেইবাবেই যেন ভাৰতে সকলো পৰ্যটকৰ হৃদয়ত বাস কৰে। আজি আমি ভাৰতৰ  কেইখনমান ঐতিহ্যমণ্ডিত কেইখনমান  গাঁৱৰ  বিষয়ে  জনাবলৈ ওলাইছোঁ যিকেইখন গাঁৱে  ইতিহাসৰ এক নিবিড় আভাস দিব পাৰে পৰ্য্যটক সকলক। এই আটাইকেইখন গাঁও ইয়াৰ পুৰণি সংস্কৃতি, পৰম্পৰা আৰু জীৱনশৈলীৰ বাবে জনাজাত।

১/ পৰাগপুৰ  বা প্ৰাগ গাঁও, হিমাচল প্ৰদেশ – এই পৰাগপুৰ গাঁওখন ভাৰতৰ প্ৰথমখন ঐতিহ্যমণ্ডিত গাঁও বুলি গণ্য কৰা হয়। ষোড়শ শতিকাত কংগ্ৰা জিলাৰ ৰাজকীয় পৰিয়াল বুলি বিশ্বাস কৰা যছৱান ৰাজপৰিয়ালৰ ৰাজকুমাৰী প্ৰাগ দেইয়ে প্ৰতিষ্ঠা কৰা এই গাঁওখনৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে। এই গাঁওখনে  আজিও নিজৰ পুৰণি ঐতিহ্যক লৈ সগৌৰৱে থিয় দি আছে । গাঁওখন এবাৰ  দেখাৰ পিছত সকলো মুগ্ধ হৈ পৰে ৷  আজিও ইয়াত  দেকা পোৱা যায় পুৰণি  ঐতিহাসিক দোকান-পোহাৰ, শিলৰ ৰাস্তা আৰু গড় সদৃশ ঘৰ যিবোৰ হ’ল এই গাঁওখনৰ মুখ্য  আকৰ্ষণ।

২/ হিমাচল প্ৰদেশৰ গাৰ্লি গাঁও- হিমাচলৰ দ্বিতীয়খন ঐতিহ্যমণ্ডিত গাঁৱৰ নাম গাৰ্লি গাঁও। ইয়াত আজিও ফিউজন আৰ্কিটেকচাৰ দেখা পোৱা  পায় যি উপভোগ কৰিবলৈ  প্ৰতি বছৰে হাজাৰ হাজাৰ লোক ইয়ালৈ আহে । এই গাঁওখনৰ স্থাপত্য ইউৰোপীয় শৈলীৰ। ইয়াত পুৰণি অট্টালিকাও দেখা যায়, যিবোৰ পুৰণি কালত ব্যৱসায়ী সকলৰ ঘৰ আছিল। এই গাঁওখনে আজিও যেন  নিজৰ পুৰণি ঐতিহ্যক জীয়াই ৰাখিছে।

৩/ কিছামা গাঁও, নাগালেণ্ড –উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য নাগালেণ্ডত অৱস্থিত কিছামা গাঁৱক নগা সম্প্ৰদায়ৰ গাঁও বুলি কোৱা হয়, যিয়ে ইয়াৰ সংস্কৃতি, পৰম্পৰা আৰু প্ৰাচীন ৰীতি-নীতিৰ প্ৰতিফলন ঘটায়। নাগালেণ্ডত প্ৰতি বছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত হৰ্ণবিল উৎসৱ পালন কৰা হয়, সেই সময়ত এই গাঁওখন সাধাৰণ পৰ্যটকৰ বাবে মুকলি কৰা হয় আৰু  এই সময়ছোৱাত এই গাঁওখন যেন মুকলি আকাশৰ তলৰ এটি সংগ্ৰহালয়লৈ  পৰিণত হয়।

৪/ মিজোৰামৰ ৰেইক গাঁও-সেউজীয়া পাহাৰেৰে আগুৰি থকা উত্তৰ-পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য  মিজোৰামৰ ৰিয়েক গাঁওখন অতি সুন্দৰ আৰু আকৰ্ষণীয়। এই গাঁৱৰ পৰাই বাংলাদেশৰ ভূমি সহজে দেখা পোৱা যায়। স্বকীয় সংস্কৃতি আৰু ঐতিহ্যৰ বাবে পৰিচিত মিজো জনজাতীয় সম্প্ৰদায়ৰ বাসস্থান ৰিক গাঁও। তেওঁলোকৰ  জনজাতীয় সমাজখনক চাবলৈ আৰু বুজিবলৈ এই গাঁওখনেই এক নিখুঁত গন্তব্যস্থান।

৫) মেঘালয়ৰ খাছি  গাঁও – মেঘালয়ত অৱস্থিত খাছি গাঁওখন অতি সুন্দৰ যি  প্ৰাচীন সভ্যতা-সংস্কৃতিক  প্ৰদৰ্শন কৰে ৷ এই  গাঁওখনক  মাউলিননং গাঁও বুলিও কোৱা হয়। বৰ্তমান সময়ত এই গাঁওখনক এছিয়াৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ গাঁও বুলি গণ্য কৰা হয়। খাছি জনজাতিৰ এই গাঁওখনক ‘ঈশ্বৰৰ নিজৰ বাগিচা’ বুলিও জনা যায়। এই গাঁৱৰ বিশেষত্ব হ’ল ইয়াত এটাও পকী ঘৰ নিৰ্মাণ কৰা দেখা পোৱা নাযায় ৷  তাৰ পৰিৱৰ্তে ইয়াৰ মানুহে বাঁহৰ ঘৰত থাকিবলৈ পছন্দ কৰে, যাৰ বাবে এই গাঁওখন আৰু অধিক বিশেষ হৈ পৰিছে।

 

Previous Post

দেওবাৰে ১৯০ বছৰীয়া জনাথনৰ জন্মদিন

Next Post

আপুনি বাৰু কণী খাই ভাল পাই নেকি ?

Related Posts

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
Next Post
আপুনি বাৰু কণী খাই ভাল পাই নেকি ?

আপুনি বাৰু কণী খাই ভাল পাই নেকি ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7