আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বহু প্ৰকাৰৰ পুষ্টিকৰ উপাদান আৰু খনিজ পদাৰ্থৰ প্ৰয়োজন হয় আৰু আমি বিভিন্ন খাদ্যৰ যোগেদি ইয়াক পূৰণ কৰোঁ। কণী এনেকুৱা এক খাদ্য যিয়ে আমাৰ শৰীৰৰ বহুতো পুষ্টিকৰ উপাদানৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে ।সেয়েহে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে কণী খোৱা উচিত ৷
কণীয়ে শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলাই ৷ এক প্ৰতিবেদন অনুসৰি প্ৰটিনৰ বাবে কণী হ’ল সৰ্বোত্তম উৎস ৷আনহাতে ইয়াৰ বাহিৰেও ইয়াত ভিটামিন বি, ভিটামিন বি ১২, বায়’টিন, ৰাইব’ফ্লেভিন, থাইয়ামিন, এন্টিঅক্সিডেন্ট আৰু চেলেনিয়াম পোৱা যায়। এই সকলোবোৰ উপাদানে শৰীৰক বহুতো গুৰুতৰ ৰোগৰ পৰা ৰক্ষা কৰে। মানুহে কণী বিভিন্ন ধৰণে খাব পাৰে ৷ কিছুমানে কণীৰ কুহুম গাখীৰৰ লগত সেৱন কৰে আৰু কোনোবাই উতলাই খায়, কিন্তু প্ৰকৃতাৰ্থত সিজোৱা কণীৰ উপকাৰিতা সকলোতকৈ বেছি ৷
উল্লেখযোগ্য যে সিজোৱা কণীত জিংকৰ লগতে যথেষ্ট পৰিমাণৰ ভিটামিন বি ৬ আৰু ভিটামিন বি ১২ থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। অৱশ্যে এটা কণীত চৰ্বিও যথেষ্ট পৰিমাণে থাকে ৷ আনহাতে ই শৰীৰক গৰম কৰি ৰখাত সহায় কৰে, গতিকে শীতকালত কণী সিজাই খালে ভাল ফল পোৱা যায় ।
কণীত প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে হাড়ক মজবুত কৰি ৰাখে লগতে ই প্ৰটিনৰ লগতে এমিনো এচিডৰ উৎস, আৰু কেলৰি কম হোৱাৰ বাবে ই ওজন হ্ৰাস কৰাতো সহায় কৰে। জানিব পৰা মতে সিজোৱা কণী মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো উপকাৰী।ইয়াত ওমেগা-৩ ফেটি এচিড আৰু কলিন থাকে, যিয়ে কোষৰ আৱৰণ গঠন কৰে। কণীৰ কুহুম বা সিজোৱা কণীৰ হালধীয়া অংশত লুটিন আৰু জিএক্সান্থিন প্ৰচুৰ পৰিমাণে থাকে। আমাৰ চকুৰ বাবেও ই অতি উপকাৰী। ইয়াৰ ফলত চকুৰ ছানি পৰাৰ সম্ভাৱনাও কমি যায়।