ডিব্ৰুগড় বিশ্ববিদ্যায়লয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে আজি আত্মসমর্পন কৰিছে ৷ লেখাপানী আৰক্ষী থানাত আজি পুৱাই ৰাহুলে আত্মসমর্পণ কৰে ৷ ইয়াৰ পাছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ৷ যোৱা ২৭ নৱেম্বৰৰ পৰা ৰাহুল ছেত্ৰী পলাতক অৱস্থাত আছিল ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আনন্দ শর্মা নামৰ ছাত্ৰজনক ৰেগিঙৰ নামত শাৰিৰীক আৰু মানসিক নির্যাতন চলাইছিল ৰাহুল ছেত্ৰীয়ে ৷ যাৰ বাবে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ ছাত্ৰজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ৰাজহাড়ঁ ভাগি যোৱাৰ বাবে তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয় ৷ ইয়াৰ বিপৰীতে ৰেগিং কাণ্ডত জড়িত কেইবাজনো ছাত্ৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও মূল অভিযুক্ত ৰাহুল ছেত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ আৰক্ষীয়ে ৰাহুলক পলাতক ঘোষণা কৰাৰ লগতে তেওঁৰ সন্ধান দিওতালৈ ৫০ হেজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল ৷ ইয়াৰ পাছতে আজি পুৱা ৰাহুলে লেখাপানী আৰক্ষী থানাত আত্মসমর্পন কৰে ৷ গ্ৰেপ্তাৰ কৰাৰ পাছত ৰাহুলক ডিব্ৰুগড় সদৰ আৰক্ষী থানাত জেৰা কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ৷ ইপিনে, বিগত ৯ দিন ধৰি ৰাহুল ছেত্ৰীয়ে অৰুণাচলত আত্মগোপন কৰি আছিল বুলি আৰক্ষীৰ সূত্ৰই সদৰী কৰিছে ৷