সমগ্ৰ দেশৰ ভিতৰতে উচ্চ শিক্ষাৰ বাবে ভাৰতৰ এক প্ৰতিষ্ঠিত আগশাৰীৰ শিক্ষানুষ্ঠান আই.আই.টি. ৷ যি শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰা বহুতৰ বাবেই হয়তো এক সপোন ৷ এই শিক্ষানুষ্ঠানে কেৱল শিক্ষা প্ৰদান কৰাই নহয় শিক্ষাৰ্থী সকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে আজি বহু বছৰ ধৰি কেম্পাছ নিযুক্তিৰ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে ৷
শেহতীয়াকৈ সমগ্ৰ দেশৰ আই.আই.টি. সমূহত কেম্পাছ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে তিনিখন আগশাৰীৰ আই.আই.টিৰ তিনি গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে ৪কোটি টকীয়া দৰমাহাৰ চাকৰিৰ বাবে নিযুক্তি ৷ উল্লেখযোগ্য যে যোৱা বৃহস্পতি বাৰে হাই ফ্ৰিকুৱেন্সি এণ্ড কুৱাণ্টিটেটিভ প্ৰতিষ্ঠান ‘জেন ষ্ট্ৰীট কেপিটেলে’ এই শিক্ষানুষ্ঠানৰ ৩গৰাকীকৈ শিক্ষাৰ্থীক এই লোভনীয় দৰমহাত নিযুক্তি প্ৰদানৰ কথা ঘোষণা কৰিছে ৷ দেশৰ আগশাৰীৰ আই.আই.টি. প্ৰতিষ্ঠান আই.আই.টি.দিল্লী, আই.আই.টি কানপুৰ আৰু আই.আই.টি ব’ম্বেৰ তিনিওগৰাকী শিক্ষাৰ্থী ইতিমধ্যে চুক্তিবদ্ধ হৈছে উক্ত প্ৰতিষ্ঠানটোৰ সৈতে ৷
সমগ্ৰ বিশ্বতে মন্দাৱস্থাই দেখা দিয়াৰ সময়ছোৱাতে কেইগৰাকীমান শিক্ষাৰ্থীয়ে এনে আভিলেখকাৰী দৰমহাত সংস্থাপন লাভ কৰাটো সঁচাকৈয়ে তাৎপৰ্য্যপূৰ্ণ ৷ আনহাতে আই.আই.টি. মাদ্ৰাজৰ ২৫গৰাকীকৈ শিক্ষাৰ্থীয়ে এইবাৰ ১ কোটি টকাৰ অধিক দৰমহাৰ চাকৰি লাভ কৰাৰ লগতে আই.আই.টি গুৱাহাটীৰ এগৰাকী শিক্ষাৰ্থীয়েও ২.৪কোটি টকাৰ চাকৰিৰ প্ৰস্তাৱ পোৱা বুলি অসমৰ আগশাৰীৰ বাতৰি কাকত ‘নিয়মীয়া প্ৰতিদিন’ৰ এক প্ৰতিবেদনত উল্লেখ পাইছে ৷ আনহাতে শিক্ষানুষ্ঠানখনৰ ১১গৰাকীকৈ সিক্ষাৰ্থীয়ে লোভনীয় চাকৰিৰ প্ৰস্তাৱ লাভ কৰাৰ লগতে আন এগৰাকীয়ে ১.১কোটি টকাৰ দৰমহাৰ প্ৰস্তাৱ লাভ কৰা বুলি প্ৰতিবেদন যোগে বাতৰি কাকতখনত প্ৰকাশ পাইছে ৷