ৰাণী দ্বিতীয় এলজাবেথৰ মৃত্যুৰ পাছত তৃতীয় ৰজা চালর্ছৰ ৰাজঅভিষেকৰ প্ৰস্তুতি আৰম্ভ হৈছে ৷ ৰাজ অভিষেকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে ‘ছাৰ এডৱাৰ্ডৰ মুকুট’ ৷ যিটো মুকুট ৰাজঅভিষেকৰ দিনা ৰজাক পৰিধান কৰোৱা হয় ৷কিন্তু শেহতীয়াকৈ ব্ৰিটিচ চৰকাৰে প্ৰদৰ্শনীৰ পৰা ‘ছাৰ এডৱাৰ্ডৰ মুকুট’ আঁতৰাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ শনিবাৰে বাকিংহাম পেলেচৰ পৰা এক বিবৃতিত এই কথা ঘোষণা কৰা হৈছে। তেওঁলোকে প্ৰকাশ কৰা অনুসৰি ৰাজমুকুটত কিছু পৰিৱৰ্তন কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে ।
অহা ৬ মে’ত ৱেষ্টমিনিষ্টাৰ এবেত ৭৪ বছৰীয়া ৰজা তৃতীয় চাৰ্লছক মুকুট পিন্ধোৱা হ’ব । সেই উপলক্ষে ৮ মে’ক ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰা হৈছে। এই অনুষ্ঠানৰ পূৰ্বে বাকিংহাম পেলেছে সোণালী মুকুটটো নতুনকৈ সজাই তোলাৰ পৰিকল্পনা কৰিছে। সপ্তদশ শতিকাৰ ৰাজমুকুট প্ৰায় এক ফুট ওখ। সোণৰ মুকুটটোৰ ওজন হৈছে প্ৰায় ডেৰ-দুই কিলোগ্ৰাম। বেঙুনীয়া ৰঙৰ টুপীটোৰ ওপৰত মুকুটটো সংস্থাপন কৰা থাকে। এই মুকুটটো পান্না, পোখৰাজকে ধৰি বহুতো মূল্যৱান মুকুটাৰে সজাই তোলা হৈছে।
১৬৬১ চনত এডৱাৰ্ড দ্য কনফেছৰৰ বাবে এই মুকুট নিৰ্মাণ কৰা হৈছিল। তেতিয়া মুকুটটো অধিক গধুৰ আছিল। তেওঁৰ ৰাজত্বকালৰ পিছত মুকুটটো ৰাজ অভিষেকৰ বাবে ব্যৱাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ পৰৱৰ্তী ৰজাসকলৰ বাবে ইয়াক অলপ লঘু কৰাৰ পৰিকল্পনা কৰা হয়। ১৯১১ চনত পঞ্চম জৰ্জৰ ৰাজ অভিষেকৰ সময়ত এই মুকুটৰ ওজন সামান্য হ্ৰাস কৰা হৈছিল। ১৯৫৩ চনত ৰাজ অভিষেকৰ সময়ত দ্বিতীয় ৰাণী এলিজাবেথে মুকুটটো পৰিধান কৰিছিল ৷ ৮ ছেপ্টেম্বৰত দ্বিতীয় ৰাণী এলিজাবেথৰ ৯৬ বছৰ বয়সত মৃত্যু হয়। ৰাণীৰ ৭০ বছৰীয়া ৰাজত্বৰ পাছত ৰজা তৃতীয় চাৰ্লছ ক্ষমতালৈ আহে।