VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এইখন ভাৰততে আছে বাহিৰৰ জগতৰ লগত কোনো ধৰণৰ সংস্পৰ্শ নোহোৱা এটা জনগোষ্ঠী

দূৰৰ পৰা ফটোৰ জৰিয়তে কৰা হয় ভাৰতৰ এই জনগোষ্ঠীৰ লোকপিয়ল

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 5, 2022
in সমাজ
এইখন ভাৰততে আছে বাহিৰৰ জগতৰ লগত কোনো ধৰণৰ সংস্পৰ্শ নোহোৱা এটা জনগোষ্ঠী
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

 

এই পৃথিৱীত আমি মানুহবোৰে  মানুহকেই  জীৱশ্ৰেষ্ঠ হিচাপে বিবেচিত কৰিছোঁ কাৰণ মানুহে নিজৰ মগজু নিয়ন্ত্ৰণ  কৰাৰ লগতে কথা ক’ব পাৰে বা মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে ৷ কিন্তু একে সময়তে জীৱ শ্ৰেষ্ঠ হিচাপে বিবেচিত হোৱা এই মানুহৰ বিপৰীতে এইখন পৃথিৱীতে আছে এনে কিছুমান মানুহ যাৰ  বাহিৰৰ জগতৰ লগত নাই কোনো ধৰণৰ সম্পৰ্ক ৷

আন্দামানৰ উত্তৰ চেণ্টিনেল দ্বীপত বাস কৰা  ‘চেণ্টিনেল জনগোষ্ঠী’ হৈছে নেগ্ৰিটো সম্প্ৰদায়ৰ লোক। যি  মানুহ হৈও আজিও  বাহিৰৰ জগতৰ লগত কোনো ধৰণৰ সংস্পৰ্শ নোহোৱাকৈ সম্পূৰ্ণ বিচ্ছিন্ন হৈয়ে আছে।পৃথিবীত বিভিন্ন দেশত  বিভিন্ন জনজাতিৰ লোকে  বসবাস কৰে। ইয়াৰে কোনো এটা জনজাতি হয়তো ক্ৰমান্বয়ে আধুনিক হৈ উঠিছে , আনহাতে কিছুমান হয়তো  এতিয়াও নিজৰ পুৰণি পৰম্পৰা অনুসৰি জীয়াই আছে। অৱশ্যে এতিয়া প্ৰতিটো জনগোষ্ঠীৰ বিষয়ে বেছিভাগ কথাই মানুহে জানে।

কিন্তু  আচৰিত কথা যে আমাৰ দেশ ভাৰতত এতিয়াও  এনেকুৱা এটা জনজাতি আছে  যিটোৰ বিষয়ে  আজিও সমগ্ৰ বিশ্বই সঠিকভাৱে জানিব পৰা নাই। তেওঁলোকৰ বিষয়ে সকলোৱে কেৱল কাহিনীহে  শুনিছে, যিবোৰ কাহিনীয়ে হয়তো  মানুহৰ আত্মা কঁপাই তুলিব পাৰে ।  ভাৰতৰ  এটা ৰহস্যময় জনগোষ্ঠী চেণ্টিনেল দ্বীপত বাস কৰা এই  চেণ্টিনেল জনগোষ্ঠী ৷ এই জনগোষ্ঠীটো আন্দামানৰ উত্তৰ চেণ্টিনেল দ্বীপত বাস কৰে।

কিন্তু ১৯৯১ চনত যেতিয়া ভাৰত চৰকাৰে এই লোকসকলৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া এই জনজাতীয় সমাজে ভাৰতীয় নৃতত্ত্ববিদ আৰু প্ৰশাসকৰ এটা দলৰ পৰা কিছু তামোল লৈছিল। কিন্তু এই তামোলবোৰো দূৰৰ পৰাহে লৈছিল  এই  জনগোষ্ঠীৰ লোকসকলে । চেণ্টিনেলিজ মানুহৰ লগত যোগাযোগৰ অসুবিধাৰ বাবে  তেওঁলোকৰ লোকপিয়ল দূৰৰ পৰা তেওঁলোকৰ ফটোৰ জৰিয়তে কৰা হয়। নৰ্থ চেণ্টিনেল দ্বীপত বাস কৰা এই জনগোষ্ঠীৰ  জনসংখ্যা ৫০ৰ পৰা ১০০জনৰ ভিতৰত বুলি অনুমান কৰা হৈছে ।

নৰ্থ চেণ্টিনেল দ্বীপৰ এক সমীক্ষা অনুসৰি  এই জনগোষ্ঠীৰ লোকসকলে  কৃষি কৰাৰ কোনো প্ৰমাণ পোৱা নাযায়। আনহাতে  এতিয়ালৈকে হোৱা গৱেষণা সমূহৰ পৰা এই কথা জানিব পৰা গৈছে যে এই সম্প্ৰদায়ৰ লোকসকলে  দলবদ্ধভাৱে চিকাৰ কৰে, মাছ ধৰি খাই আৰু দ্বীপত থকা বনৰীয়া গছৰ পুলি  গোটাই  ক্ষুধা নিবাৰণ কৰে  । উল্লেখযোগ্য যে এই চেণ্টিনেলিজ জনগোষ্ঠীক ভাৰত চৰকাৰে বিশেষভাৱে দুৰ্বল জনজাতি গোট হিচাপে তালিকাভুক্ত কৰিছে।

আনহাতে এই চেণ্টিনেলিজ জনগোষ্ঠীটোক আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ গ্ৰেট আন্দামানী, অং, জাৰাৱা আৰু শ্বোম্পেন পিভিটিজি হিচাপে তালিকাভুক্ত আন চাৰিটা জনগোষ্ঠীৰ সমান মৰ্যাদা দিয়া হৈছে। আচলতে এই সকলো জনজাতিকে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ জনগোষ্ঠীয় জনজাতি সুৰক্ষা নিয়ন্ত্ৰণ, ১৯৫৬ (Protection of Tribal Tribes Regulation, 1956 ) ৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰা হৈছে। এই আইনখনে জনজাতিসকলে দখল কৰা পৰম্পৰাগত অঞ্চলসমূহক সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰে আৰু বিষয়াসকলৰ বাহিৰে আন কাৰোবাৰ প্ৰৱেশ নিষিদ্ধ কৰে। ইয়াৰ লগতে এই জনজাতীয় লোকসকলৰ ফটো তোলা বা তেওঁলোকৰ ওপৰত যিকোনো ধৰণৰ চিত্ৰগ্ৰহণৰ কাম কৰাটোও এক  অপৰাধ।

শেহতীয়াকৈ এজন খ্ৰীষ্টান মিছনেৰী এই লোকসকলক বাইবেলৰ পাঠ শিকাবলৈ গৈছিল আৰু তেওঁলোকক খ্ৰীষ্টান ধৰ্মৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে এই চেণ্টিনেলিজ লোকসকলে তেওঁক কাঁড়েৰে গুলীয়াই হত্যা কৰিছিল। এইসকল লোকে ইয়াৰ পূৰ্বেও বহুবাৰ তেওঁলোকৰ চোকা কাঁড় আৰু বৰশীৰে বাহিৰৰ লোকক আক্ৰমণ কৰিছে।

Previous Post

নগাঁৱৰ বেবেজীয়াৰ প্ৰাক্তন শিক্ষয়িত্ৰী-সমাজকৰ্মী-ধৰ্মপৰায়ণ মহিলা মীৰা শৰ্মাৰ পৰলোক

Next Post

তৃতীয় ৰজা চালর্চৰ ৰাজ অভিষেকৰ পূৰ্বে নতুনকৈ সজোৱা হ’ব ৰাজমুকুট, কি কি মূল্যবান মণি মুকুটা খচিত কৰা হয় জানেনে ?

Related Posts

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
Next Post
তৃতীয় ৰজা চালর্চৰ ৰাজ অভিষেকৰ পূৰ্বে নতুনকৈ সজোৱা হ’ব ৰাজমুকুট, কি কি মূল্যবান মণি মুকুটা খচিত কৰা হয় জানেনে ?

তৃতীয় ৰজা চালর্চৰ ৰাজ অভিষেকৰ পূৰ্বে নতুনকৈ সজোৱা হ’ব ৰাজমুকুট, কি কি মূল্যবান মণি মুকুটা খচিত কৰা হয় জানেনে ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7