বুদ্ধিমান মানুহে সকলোতে আদৰ পোৱাৰ উপৰিও সকলোৰে প্ৰিয় পাত্ৰ হ’ব পাৰে। বুদ্ধি আৰু স্মৃতিৰ ওপৰত দখল থকা ব্যক্তি কেতিয়াও অকলশৰীয়া নহয়। স্মৃতি প্ৰখৰ হোৱা মানুহে সহজতে কোনো কথা পাহৰি নাযায়। সেইবাবে তেওঁলোক সকলোতে সন্মান পোৱাৰ যোগ্যতা থাকে। বয়স বৃদ্ধি হোৱাৰ লগে লগে স্মৃতি শক্তি কমি যাব পাৰে। স্মৃতি শক্তি ধৰি ৰাখিবলৈ এই নিয়ম কেইটা মানি চলা অতি প্ৰয়োজন—-
১) স্মৃতি শক্তিৰ লগত টোপনিৰ যথেষ্ট প্ৰভাৱ আছে। আমি যদি সঠিক সময়ত টোপনি যাব পাৰো বা টোপনি যদি ভাল হয় তেনেহ’লে স্মৃতি শক্তি কটকটীয়া হয়। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে এজন প্ৰাপ্ত বয়স্ক লোকে দিনত ৬ ৰ পৰা ৮ ঘণ্টালৈকে টোপনি যাব লাগে। ইয়াৰ ফলত মগজুৱে বিশ্ৰাম ল’ব পাৰে আৰু ৰাতিপুৱা সুস্থ অনুভৱ কৰিব পাৰে।
২) খাদ্যৰ তালিকাত কিছু পুষ্টিগুণ যুক্ত খাদ্য ৰাখিব লাগে। ইয়াৰ ফলত শৰীৰ আৰু মন দুয়োটাই শক্তিশালী হয়। পাচলি আৰু ফল-মূলত প্ৰচুৰ পৰিমাণে এণ্টি-অক্সিডেণ্ট আৰু ওমেগা ৩’ থকাৰ কাৰণে স্মৃতি শক্তি বৃদ্ধিত সহায় কৰে।
৩) নিয়মিত ধ্যান কৰা অতি প্ৰয়োজন। প্ৰাণায়াম কৰিলে অতি সহজে কিছুমান সমস্যাৰ সমাধান কৰিব পৰা যায়। নিয়মিত প্ৰাণায়াম নাইবা ব্যায়াম কৰিলে মন শান্ত হয় , দুশ্চিন্তা আৰু অৱসাদ নোহোৱা হৈ যায়।
৪) নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰিব নালাগে। মদ্যপান বা ধূমপান কৰিলে শৰীৰত বহুতো জটিলতা সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও নিচা আসক্ত লোকৰ মগজুৱে সঠিক কাম কৰিবলৈ সমৰ্থ নহয়। নিচা জাতীয় বস্তুৰ পৰা আঁতৰি থাকিলে শৰীৰৰ প্ৰতি যেনেকৈ ভাল ঠিক তেনেকৈ স্মৃতি শক্তি বৃদ্ধিত সহায় হয়।
৫) ফাষ্ট ফুড খোৱা উচিত নহয়। ফাষ্টফুডে সমস্যা বেছি গভীৰ কৰিব পাৰে। গতিকে এইবোৰৰ পৰা একেবাৰেই আঁতৰি থাকিলে স্মৃতি শক্তি বৃদ্ধি হোৱাত সহায় হ’ব।