ঘূৰ্ণীবতাহ ‘মণ্ডাছ’-এ প্ৰভাৱ পেলাব ৰাজ্যৰ কেইবাখনো ৰাজ্যত ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰ অনুসৰি বংগৰ দক্ষিণ-পূব উপসাগৰত লাহে লাহে ঘনীভূত হোৱা নিম্ন চাপ ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে ৷ বতৰ বিজ্ঞান সংস্থাৰ নিৰ্দেশনা অনুসৰি ঘূৰ্ণীবতাহৰ সৃষ্টি হ’লে কোনো এখন দেশে ঘূৰ্ণীবতাহৰ নাম দিয়ে। এইবাৰ সংযুক্ত আৰব আমিৰ শ্বাহীয়ে ইয়াক ‘মণ্ডাছ’ নামেৰে নামাকৰণ কৰিছে ৷ আৰবী ভাষাত ‘মণ্ডাছ’ শব্দৰ অৰ্থ হৈছে ‘গহনা বাকচ’।
বতৰ কাৰ্যালয়ৰ তথ্য অনুসৰি দক্ষিণ-পূব বংগ উপসাগৰৰ ওপৰত গঠন হোৱা গভীৰ নিম্ন চাপ বুধবাৰে ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞানীসকলে কয় যে এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু পুডুচেৰীৰ উপকূলীয় অঞ্চলত অধিক হ’ব।
বতৰ বিজ্ঞোন বিভাগে ৮ ডিচেম্বৰত ১৩খন জিলাত আৰু ৯ ডিচেম্বৰত ১২খন জিলাত কমলা সতৰ্কতা জাৰি কৰিছিল। প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ ভিতৰত চেন্নাই, কাঞ্চিপুৰম, তিৰুভাল্লুৰ আৰু চেংগালপেট অন্যতম।চেন্নাইৰ বতৰ কাৰ্যালয়ৰ উপ-সঞ্চালক প্ৰধান এছ বালাচন্দ্ৰনে কয় যে, “৭ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ তামিলনাডু, পুডুচেৰী আৰু কৰিকালৰ বেছিভাগ অঞ্চলতে বৰষুণৰ সম্ভাৱনা আছে।”
চেন্নাইৰ বতৰ কাৰ্যালয়ৰ উপ-সঞ্চালক প্ৰধান এছ বালাচন্দ্ৰনে কয় যে, “৭ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ তামিলনাডু, পুডুচেৰী আৰু কৰিকালৰ বেছিভাগ অঞ্চলতে বৰষুণৰ সম্ভাৱনা আছে।” সোমবাৰে পুৱা ৫:৩০ বজাত বংগোপসাগৰত নিম্ন চাপ গঠন হোৱাৰ পিছৰে পৰা লাহে লাহে পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিছে।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি মঙলবাৰে সন্ধিয়াৰ ভিতৰত দক্ষিণ-পূব উপসাগৰৰ ওপৰত এই নিম্নচাপ অধিক গভীৰ হ’ব ৷ ইয়াৰ পিছত ই আৰু উত্তৰ-পশ্চিম দিশলৈ গতি কৰি তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হ’ব পাৰে আৰু ৮ ডিচেম্বৰৰ সন্ধিয়াৰ ভিতৰত উত্তৰ তামিলনাডু-পুডুচেৰী আৰু ইয়াৰ কাষৰীয়া দক্ষিণ অন্ধ্ৰপ্ৰদেশ উপকূলত আঘাত কৰিব পাৰে।
আগতীয়া ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে বুধবাৰৰ পৰা কুড্ডালোৰ আৰু মায়লাদুথুৰাই জিলাত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। অহা ৮ ডিচেম্বৰত উত্তৰ তামিলনাডুৰ বিভিন্ন জিলাত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে। তিৰুপট্তুৰ, কৃষ্ণগিৰি, ধৰ্মপুৰী আৰু চেলেম অঞ্চলত অহা ৯ ডিচেম্বৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা।বতৰ বিজ্ঞান বিভাগে লগতে কয় যে এই ঘূৰ্ণীবতাহৰ ফলত দক্ষিণ আন্দামান সাগৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহো প্ৰভাৱিত হ’ব। ৭ ডিচেম্বৰতো বৰষুণ হ’ব এই অঞ্চলসমূহত ৷