শীতকাল অহা বুলি ক’লেই হয়তো আমাৰ বেছিভাগৰে এনে লাগে যেন একো কাম নকৰি কেৱল বিচনাত উম লৈ শুই থাকিম ৷অৱশ্যে সেয়া মাত্ৰ ভবা কথা ৷ কাৰণ প্ৰচণ্ড শীতেই হওঁক বা উৎকত গৰম ,সকলোৱে কাম কৰিবই লাগিব ৷ সেয়েহে হয়তো বিজ্ঞানে এনে বহু বস্তু অৱিষ্কাৰ কৰিছে যি শীতৰ দিনকেইটাতো আমাৰ অৱসাদ দূৰ কৰাৰ লগতে শীতৰ মাজতো কিছু উত্তাপ দিব পাৰে ৷
নিজকে গৰম কৰি ৰাখিবলৈ ব্যৱহাৰ কৰিব পৰা তেনে কিছুমান গেজেটৰ বিষয়ে আপোনাক জনাবলৈ বিচাৰিছোঁ ৷
বৈদ্যুতিক কম্বল– এই বৈদ্যুতিক কম্বলখনত এটা ৰিম’ট আছে যিয়ে ব্যৱহাৰকাৰীক উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই কম্ব্যল ব্যৱহাৰকাৰী গৰাকীয়ে বিচনাত এইখন কম্বল ব্যৱহাৰ কৰিলে হয়তো হেলাৰঙে আওকান কৰিব পাৰিব পুহমাহৰ প্ৰচণ্ড শীতকো ৷ জানিব পৰা মতে ইয়াৰ মূল্য: ১,৭৯৯ টকা
বৈদ্যুতিক ফুট ৱাৰ্মাৰ – এই বৈদ্যুতিক ফুট ৱাৰ্মাৰৰ মূল্য ১,৬৭০ টকা৷ উল্লেখনীয় যে বুঢ়া বয়সত বিষ নিৰাময়ৰ বাবে ডিজাইন কৰা হৈছে এই ইলেক্ট্ৰিক ফুট ৱাৰ্মাৰৰ । ই ৱাটাৰ প্ৰুফ আৰু এই ফুট ৱাৰ্মাৰ উৎপাদক কোম্পানীয়ে দাবী কৰা অনুসৰি ই এজন ব্যক্তিৰ শৰীৰ গৰম কৰি ৰখাৰ বাবে আটাইতকৈ সুবিধাজনক উপায়।
টাচস্ক্ৰীণৰ সৈতে ৱাটাৰপ্ৰুফ গ্ল’ভছ– এই গ্ল’ভছ যোৰৰ মূল্য: ১,০৭১ টকা ৷এই গ্ল’ভছত হিট লক কৰিব পৰা বৈশিষ্ট্য আছে যিয়ে বায়ুক আৱদ্ধ কৰি তাপীয় বাধা সৃষ্টি কৰে আৰু আপোনাৰ হাত গৰম কৰি ৰাখে।
তৎক্ষণাত পানী গৰম কৰা যন্ত্ৰ– পানী সোনকালে গৰম কৰিব পৰা এই যন্ত্ৰ পাকঘৰ আৰু স্নানাগাৰ দুয়োটাৰে বাবে উপযোগী ৷ ইয়াৰ ৩ লিটাৰ পানী গৰম কৰিব পৰাৰ ক্ষমতা আছে।
ইমাৰ্চন ৰড- এই পানী গৰম কৰিব পৰা বৈদ্যুতিক ৰডডালৰ মূল্য ভিন ভিন ৷ ১৫০০ৱাটৰ এডাল ইমাৰ্জন ৰডে ১ মিনিটত পানী গৰম কৰিব পাৰে। ইমাৰ্চন ৰডত শ্বকপ্ৰুফ ডিজাইন আৰু তামৰ উপাদান থাকে যিয়ে অতি সোনকালে শীতল পানী উষ্ণতৰ কৰি তুলিব পাৰে ৷