VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৰোণা ভাইৰাছ মানৱসৃষ্ট- বিজ্ঞানীৰ দাবীত নতুন চাঞ্চল্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 6, 2022
in মুখ্য সংবাদ
কৰোণা ভাইৰাছ মানৱসৃষ্ট- বিজ্ঞানীৰ দাবীত নতুন চাঞ্চল্য
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

নভেল কৰোণ ভাইৰাছৰ সংক্ৰমণে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছিল ৷সমগ্ৰ বিশ্বতে সৃষ্টি হৈছিল এক বিভীষিকাময় পৰিৱেশৰ ৷ কিন্তু এই কৰোণা ভাইৰাছৰ উৎপত্তি ক’ৰ পৰা হৈছিল ? সেয়া আজিও ৰহস্যৰ আৱর্তত ৷ ইয়াৰ মাজতে কৰোণা ভাইৰাছ  ‘মানৱসৃষ্ট’ বুলি দাবী কৰিছে  আমেৰিকান গৱেষক এন্দ্ৰিউ হফে। তেওঁ লগতে কয় যে দুবছৰ পূৰ্বে চীন চৰকাৰে পৰিচালিত উহান ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ পৰীক্ষাগাৰৰ পৰা কেনেবাকৈ ভাইৰাছ ওলাই আহিছিল। ব্ৰিটিছ কাকত এখনক দিয়া সাক্ষাৎকাৰত তেওঁ এই দাবী কৰে। পিছলৈ তেওঁৰ এই দাবী আমেৰিকাৰ এখন আগশাৰীৰ দৈনিক কাকতত প্ৰকাশ পাইছিল।

মহামাৰী বিজ্ঞানী হফে পূর্বে উহান ইনষ্টিটিউটৰ সৈতে কাম কৰিছিল ৷ শেহতীয়াকৈ তেওঁ নিজৰ অভিজ্ঞতাৰ ওপৰত এখন কিতাপ প্ৰকাশ কৰিছে। নামটো হৈছে ‘উহানৰ সত্য’। লেখক হফে দাবী কৰিছে যে এই মহামাৰীৰ আঁৰত আছে  চীন আৰু আমেৰিকা। আমেৰিকা চৰকাৰে প্ৰদান কৰা ধন আৰু জৈৱ প্ৰযুক্তিৰ সহায়ত চীনত কৰোণা সম্পৰ্কে গৱেষণা চলি আছিল। লেবৰ পৰা ভাইৰাছ বিয়পি পৰাৰ বাবে পৰীক্ষাগাৰত উপযুক্ত সুৰক্ষা ব্যৱস্থা স্থাপন কৰা হোৱা নাছিল।

মহামাৰীৰ আৰম্ভণিৰে পৰা চীনৰ উহান ইনষ্টিটিউট বিতৰ্কৰ শিৰোনাম দখল কৰি আহিছে। ২০১৯ চনৰ একেবাৰে শেষৰ ফালে উহানত প্ৰথম কৰ’না সংক্ৰমণ ধৰা পৰিছিল। কিন্তু চীন চৰকাৰ বা উহানৰ গৱেষকসকলেও এই অভিযোগ মানি লোৱা নাছিল। চীনে দাবী কৰিছিল যে এই ভাইৰাছ কেৱল তেওঁলোকৰ দেশতহে চিনাক্ত কৰা হৈছে। উৎপত্তি আন এখন দেশত হৈছিল । তেওঁলোকৰ ইংগিত স্পষ্টভাৱে আমেৰিকাৰ প্ৰতি আছিল। ইফালে ৰাষ্ট্ৰসংঘই এটা বিশেষজ্ঞ দল চীনলৈ প্ৰেৰণ কৰে। কিন্তু বিশেষজ্ঞসকলে উভতি আহি উহান ইনষ্টিটিউটক ক্লিন চিট দিলে। উহানক লৈ কোনো সন্দেহ নাছিল। ইয়াৰ পূৰ্বেও উহানৰ গৱেষণাত আমেৰিকাৰ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। অৱশ্যে বিষয়টোক বিশেষ গুৰুত্ব দিয়া নহ’ল।

এদশকৰো অধিক সময় ধৰি উহান ইনষ্টিটিউটে বাদুলিৰ বিভিন্ন প্ৰকাৰৰ কৰোণা ভাইৰাছৰ ওপৰত কাম কৰি আহিছে। আমেৰিকা চৰকাৰৰ নেচনেল ইনষ্টিটিউট অৱ হেল্থ (এন আই এইচ)ৰ দ্বাৰা এই সংস্থাটোৰ বাবে ধন আগবঢ়োৱা হৈছে। বিভিন্ন ধৰণৰ জৈৱ-চিকিৎসা গৱেষণা  এই পৰীক্ষাগাটোত কৰা হয় ৷ ২০১৪ চনৰ পৰা ২০১৬ চনলৈকে হফে ইকোহেল্থ এলায়েন্স নামৰ আমেৰিকাৰ এটা অলাভজনক সংস্থাত কাম কৰিছিল। তেওঁ কয় যে এই কোম্পানীয়ে বহু বছৰ ধৰি উহান লেবৰ সৈতে কাম কৰি আহিছে। তেওঁলোকৰ কাম আছিল বাদুলিৰ কৰোণা ভাইৰাছৰ নতুন ষ্ট্ৰেইন সৃষ্টি কৰা। লক্ষ্য আছিল জৈৱ অভিযান্ত্ৰিক পদ্ধতিৰ জৰিয়তে পৃথিৱীত বিপজ্জনক ভাইৰাছ ধ্বংস কৰিব পৰা প্ৰজাতিৰ সৃষ্টি কৰা। হফে তেওঁৰ গ্ৰন্থত লিখিছে, “চীনে প্ৰথম দিনাৰ পৰাই জানিছিল যে বিশ্বজুৰি বিয়পি থকা ভাইৰাছটো জিনীয় অভিযন্তাৰ সৃষ্টি। কিন্তু এনে বিপজ্জনক জৈৱ প্ৰযুক্তি চীনক গতাই দিয়াৰ বাবে আমেৰিকা চৰকাৰো দোষী।“

 

Previous Post

শীতৰ দিনকেইটাতো যি উত্তাপ দিব পাৰে আপোনাক

Next Post

লেডী গাগাৰ ডগ-ৱাকাৰৰ হত্যাকাৰীক ২১ বছৰৰ কাৰাদণ্ড

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
লেডী গাগাৰ ডগ-ৱাকাৰৰ হত্যাকাৰীক ২১ বছৰৰ কাৰাদণ্ড

লেডী গাগাৰ ডগ-ৱাকাৰৰ হত্যাকাৰীক ২১ বছৰৰ কাৰাদণ্ড

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7