সকলোৰে প্ৰিয় সংগীত ৷ মনৰ অৱসাদ দূৰ কৰিবলৈ সংগীত শুনাটো বহু মানুহৰ অভ্যাস ৷ শেহতীয়া এক গৱেষণাৰ তথ্য অনুসৰি পিয়ানোৰ দৰে বাদ্যযন্ত্ৰৰ সংগীত হতাশা দূৰ কৰাত বিশেষভাৱে ফলপ্ৰসূ। লণ্ডনৰ বাথ বিশ্ববিদ্যালয়ৰ গৱেষক ক’ৰিন পেট্ৰিনিয়ে কয় যে বাদ্যযন্ত্ৰ শুনা বা বজোৱাটো ভাৱমূর্তি উন্নত কৰাৰ এক অদ্ভুত উপায়। কিন্তু ভাল মানসিক স্বাস্থ্যৰ বাবে বাদ্যযন্ত্ৰৰ সংগীত শুনাতকৈ শিক্ষণ অধিক গুৰুত্বপূৰ্ণ।
বাদ্যযন্ত্ৰৰ সংগীত শিকিবলৈ আঙুলি আৰু মগজু দুয়োটা অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ পিয়ানো শিকিবলৈ। আঙুলিৰ লগত মগজুৰ মিল নাথাকিলে কোনো বাদ্যযন্ত্ৰ শিকিব নোৱাৰি। মগজুত তাল আৰু ছন্দৰ বাবে দুটা সুকীয়া কক্ষ আছে। ইয়াৰ ভিত্তিতে দুহাতেও কাম কৰে। এই হাত আৰু মগজুৱে যেতিয়া একেলগে কাম কৰিবলৈ আৰম্ভ কৰে, তেতিয়া ইয়াৰ প্ৰভাৱ মগজুৰ নেতিবাচক চিন্তাধাৰাত পৰে। যাৰ পৰিণতিত মগজুৰ ভিতৰত সকলো সময়তে চলি থকা ভাল বেয়াৰ সংঘাতত ইতিবাচক মনোভাৱ জয়ী হয়। ইয়াৰ উপৰিও ‘হেপি হৰম’ন’ চেৰ’টনিনৰ প্ৰভাৱো বৃদ্ধি পায়।