আজি বিশিষ্ট স্বাধীনতা সংগ্ৰামী চন্দ্ৰনাথ শৰ্মাৰ ওপজা দিন । ১৮৮৯ চনৰ আজিৰ দিনটোতে শোণিতপুৰ জিলাৰ বিহগুৰিৰ মেকনত তেওঁৰ জন্ম হৈছিল । ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগশাৰীৰ নেতা আছিল তেওঁ । তেওঁ আছিল অসমত অসহযোগ আন্দোলনৰ প্ৰথমগৰাকী অসহযোগকাৰী । অসমত কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাপক আছিল তেওঁ । তেওঁ এগৰাকী বাগ্মীপুৰুষ আছিল । তেওঁৰ প্ৰচেষ্টাতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসমত পদাৰ্পণ কৰিছিল । নেতাগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ স্মৃতি দিৱস । ১৯৫৬ চনত তেওঁ সহকাৰী প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি ১৯৬৭ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত সহকাৰী সম্পাদক (পাণ্ডুলিপি) হিচাপে যোগদান কৰি পিছলৈ নাট্য প্ৰযোজক হয় । তেওঁ আকাশবাণী কলিকতাৰ সহকাৰী কেন্দ্ৰ সঞ্চালকো হৈছিল । ১৯৯৩ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে । আকাশবাণী গুৱাহাটীৰ পৰা এসময়ত প্ৰচাৰিত জনপ্ৰিয় ব্যংগাত্মক অনুষ্ঠান ‘নোকোৱাই ভাল’ৰ স্ৰষ্টা আছিল তেওঁ । স্কুলীয়া দিনতে তেওঁ লাচিত বৰফুকন নামৰ এখন নাটক লিখিছিল । কলেজত পঢ়ি থাকোঁতে মকৰাজাল নামৰ এখন একাংকিকা নাট লিখিছিল । ১৯৭১ চনত জন্ম নামৰ এখন পূৰ্ণাংগ নাট লিখি উলিয়ায় । ১৯৮১ চনত শিমলু চন্দন নামৰ নাটকেৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত প্ৰৱেশ কৰে । শৰাগুৰি চাপৰি, দধীচি, মুখ্যমন্ত্ৰী আদি তেওঁৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় নাট । আজলী নবৌ, ককাদেউতা নাতি আৰু হাতীকে ধৰি কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ চিত্ৰনাট্য, সংলাপ তেওঁ লিখিছিল । তেওঁ অসম নাট্য সন্মিলনৰ সভাপতিও (২০০১-২০০৩) আছিল । ১৯৮৯ চনত তেওঁ মুখ্যমন্ত্ৰী নাটকৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ শ্ৰেষ্ঠ নাটকৰ বঁটা লাভ কৰিছিল । ২০০১ চনত তেওঁ অসম শিল্পী দিৱস বঁটাৰে সন্মানিত হৈছিল । ২০০৫ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । নাট্যকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।