তৰোৱালখন মুখত ভৰাই বিভিন্ন কৌশল প্ৰদর্শনেৰে জনপ্ৰিয়তা লাভ কৰা এগৰাকী শিল্পী ৷ আজৱ কায়দাৰে তৰোৱাল মুখত ভৰাই গিলি পেলোৱা শিল্পীজনৰ বিস্ময়কৰ খেল চাবলৈ হেতা ওপৰা লাগে বহু লোকৰ ৷ ছান ডিয়েগোৰ স্কট নেলচনে তৰোৱালেৰে যাদু দেখুৱাই জনপ্ৰিয়তাৰ শিখৰত উপনীত হয়। কিন্তু এই কৃতিত্ব প্ৰদর্শণ কৰি থকা অৱস্থাতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হ’ল।
সদায় দেখুৱাই অহা খেলাৰ সময়তে হোৱা সামান্য হীন দেৰিয়ে মৃত্যুৰ মুখলৈ ঠেলি দিয়ে শিল্পী গৰাকীক ৷ গুৰুতৰভাৱে আহত হয় শিল্পীগৰাকী। তেওঁৰ পেট, যকৃত, হাওঁফাওঁৰ যথেষ্ট ক্ষতি হয়। যাৰ বাবে তেওঁৰ ঠিকনা এতিয়াৰ বাবে হৈ পৰিছে চিকিৎসালয়।
নেলছনৰ শ্ব’বোৰ তৰোৱালেৰে এনে দক্ষতা দেখুৱাবলৈ আয়োজন কৰা হৈছিল। অৱশ্যে কোনো এটা শ্ব’ৰ সময়ত কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাছিল। তৰোৱালখনেৰে অনুশীলন কৰি থাকোঁতে তেওঁ হয়তো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। কেতিয়া এনেকুৱা হৈছিল সেয়া স্পষ্ট হোৱা নাই। শেহতীয়াকৈ তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ খবৰ পোহৰলৈ আহিছে।
স্কট মেৰিলেণ্ডৰ এখন থিম পাৰ্কত খেল প্ৰদর্শনৰ সময়তে আঘাতপ্ৰাপ্ত হোৱা নেলছনক ৱাশ্বিংটনৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয়। নেলচনৰ শ্ব’টোৰ কাৰ্যবাহী প্ৰযোজক জোছ বৰেনে এইদৰে কয়।
স্কটৰ আঘাত সমূহ প্ৰত্যক্ষ কৰি চিকিৎসকে প্ৰথমতে ভাবিছিল যে তেওঁক বচাব নোৱাৰিব। কিন্তু তেওঁ অলৌকিকভাৱে সুস্থ হৈ উঠিছে ৷
স্কটে এমাহতকৈও অধিক সময় মৃত্যুৰ সৈতে যুঁজিছিল। তেওঁৰ পেটৰ পৰা পাঁচখন তৰোৱাল উলিওৱা হৈছিল ৷ সম্প্ৰতি তেওঁ বিপদমুক্ত যদিও এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
৫৯ বছৰীয়া নেলচনে তৰোৱালেৰে বিভিন্ন ধৰণৰ খেল প্ৰদর্শন কৰিছিল ৷যিসমূহ দেখি সকলো আচৰিত হৈছিল। মুখত সেই তৰোৱালখন লৈও তেওঁ মৃত্যুৰ মুখৰ পৰা উভতি আহিল। চিকিৎসাধীন অৱস্থাত তেওঁৰ কিছু ছবি প্ৰকাশ কৰা হৈছে৷ তেওঁৰ শৰীৰৰ বিভিন্ন অংশ কাটি পেলোৱা হৈছে। অন্ততঃ আৰু এসপ্তাহ নেলছনে হস্পিতালত কটাব লাগিব। চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ লগে লগে নেলচনে নিজৰ কামলৈ ঘূৰি আহিব নোৱাৰিব। তেওঁক এতিয়াৰ বাবে জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছে।
তেওঁৰ চিকিৎসাৰ বিত্তীয় সাহায্যত সহায়ক হোৱাকৈ এটা পুঁজি মুকলি কৰা হৈছিল। এমাহতকৈ অধিক সময় ধৰি নেলচনে একো খাব পৰা নাই। তেওঁৰ আঘাত গুৰুতৰ।
গুৰুতৰভাৱে আহত হোৱাৰ পিছতো তেওঁ হতাশ হৈ পৰা নাই ৷ বৰঞ্চ এই বেয়া সময়ৰ মাজতো তেওঁ ইতিবাচক হৈ থাকিবলৈ চেষ্টা অব্যাহত ৰাখিছে। নেলচনে কয় যে আঘাতৰ পিছত কেইবাদিনো ধূমপান কৰা নাই ৷ ধূমপান এৰি দিয়াটো তেওঁ ইতিবাচক বুলি গণ্য কৰিছে ৷
শিল্পীগৰাকীৰ আঘাতৰ খবৰ পোহৰলৈ অহাৰ লগে লগে চিকিৎসালয়ৰ বাহিৰত বহু অনুৰাগীৰ সমাগম হয়। অনুৰাগীৰ উপস্থিতি দেখি তেওঁ আপ্লুত হৈ পৰিছিল।