মূল সূতিলৈ উভতি আহিছে এটাৰ পাছত আন এটা উগ্ৰবাদী সংগঠন ৷ এইবাৰ অস্ত্ৰ সম্বৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰাক উপত্যকাৰ দুই সংগঠনে ৷ হাইলাকান্দি জিলাত আজি আনুষ্ঠানিক অস্ত্ৰ সম্বৰণ অনুষ্ঠানত প্ৰায় ১১৭৯ জনব্ৰু উগ্ৰপন্থীয়ে অস্ত্ৰ আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহে ৷
বৰাক উপত্যকাৰ ইউনাইটেড ডেম’ক্ৰেটিক লিবাৰেশ্যন ফ্ৰণ্ট অৱ বৰাক ভেলী (ইউডিএলএফবিভি) আৰু ব্ৰু ৰিভল্যুচনেৰী আৰ্মি অৱ ইউনিয়নৰ সদস্যসকলে হাইলাকান্দিৰ কাটলিচেৰাত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰে ৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী পীয়ুষ হাজৰিকা, অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হীৰেণ চন্দ্ৰ নাথৰ উপস্থিতি সদস্য সকলে অস্ত্ৰ সম্বৰণ কৰে ৷
এই আনুষ্ঠানিক অনুষ্ঠানত হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষকসকলক অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ কোৱা হৈছে। কেন্দ্ৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ৰাজ্য চৰকাৰ আৰু মিজোৰাম ব্ৰু ডিচপ্লেচড পিপলছ ফ’ৰাম (এম বি ডি পি এফ)য়ে ২০১৮ চনত তেওঁলোকক পুনৰ মূলসুঁতিলৈ অনাৰ বাবে আলোচনা আৰম্ভ কৰে।
উগ্ৰপন্থী দুয়োটা সংগঠনে ৯০ৰ দশকত অসম-মিজোৰাম সীমান্ত অঞ্চলত বিশেষকৈ হাইলাকান্দি জিলাত সক্ৰিয় হৈ আছিল ৷ লণ্ডনৰ পৰা ভাৰতলৈ উভতি অহা বিজেপি নেতা প্ৰতুল দেৱৰ হত্যাকাণ্ডৰ লগত জড়িত বুলি অভিযোগ উঠিছে। ধন দাবী, অপহৰণ আৰু অন্যান্য অবৈধ কাৰ্যকলাপত সংগঠন দুটা জড়িত হৈ আছিল ৷