ভাৰতীয় নৌসেনাই গ্ৰহণ কৰিছে আন এক ঐতিহাসিক সিদ্ধান্ত! বিশেষ কমাণ্ডো বাহিনী ‘মাৰ্ক’ছ’ত অন্তভুর্ক্ত কৰা হ’ব মহিলা ৷ প্ৰাপ্ত তথ্য অনুসৰি নৌসেনাৰ মহিলাসকল মাৰ্ক’ছ অভিযানৰ কেডাৰ হিচাপে যোগদান কৰিব পাৰিব । অৱশ্যে ইয়াৰ আগতে তেওঁলোকে কঠিন পৰীক্ষাৰ মাজেৰে পাৰ হ’ব লাগিব। কাৰণ, বিশেষ বাহিনীৰ সদস্যসকলে কঠোৰ অনুশাসনৰ অধীনত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া হয়। যিটো সাধাৰণতে যথেষ্ট কঠিন বুলি গণ্য কৰা হয়। এইবাৰ মহিলাৰ বাবেও এই বিশেষ অভিযানৰ দুৱাৰ মুকলি কৰিবলৈ ওলাইছে। যদি তেওঁলোকৰ কোনোবাই ইচ্ছা কৰে, তেন্তে তেওঁলোকে কেৱল শাৰীৰিক ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰ পিছত নৌসেনাত সেৱা আগবঢ়োৱা যিকোনো মহিলাই মেৰিন কমাণ্ডোৰ বিশেষ বাহিনীক প্ৰতিনিধিত্ব কৰিব পাৰে।
নৌসেনাৰ কমাণ্ডোসকলক মাৰ্ক’ছ বুলি কোৱা হয়। যিকোনো কঠিন পৰিস্থিতিত শত্ৰুৰ মুখামুখি হোৱাৰ বাবে এই শক্তিৰ বিশ্বজুৰি সুনাম আছে। মাৰ্ক’ছে তিনিওটা ঠাইতে সমানে যুঁজিব পাৰে – পানী, স্থল, মহাকাশ। এই অতি সক্ষম কমাণ্ডো বাহিনী যুদ্ধজাহাজ, অফশ্ব’ৰ ইনষ্টলেচন আৰু অন্যান্য জটিল যুদ্ধতো অত্যন্ত দক্ষ। এই বাহিনী শত্ৰুক ঘেৰাও কৰাত বিশেষভাৱে পাকৈত। সামুদ্ৰিক পৰিৱেশত যুদ্ধ কৰাৰ উপৰিও মাৰ্ক’ছ কমাণ্ডো জম্মু-কাশ্মীৰৰ উলৰ হ্ৰদতো উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজিবলৈ মোতায়েন কৰা হৈছে।
এতিয়া নৌসেনাৰ বিশেষ অভিযানৰ পৰা আৰম্ভ কৰি যুদ্ধজাহাজত উৰণীয়া বোমাৰু হিচাপে সেৱা আগবঢ়োৱালৈকে নৌসেনাৰ সকলো শাখাতে মহিলাসকলক অন্তৰ্ভুক্ত কৰা হৈছে। নৌসেনাই নিজকে সম্পূৰ্ণ লিংগ নিৰপেক্ষ শক্তিলৈ ৰূপান্তৰিত কৰিছে।