VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

টাইটানিকৰ দূর্ঘটনা পূর্ব পৰিকল্পিত আছিল নেকি ? কিহৰ বাবে একাংশ তত্ত্ববিদে কৰিছে এই আশংকা !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 13, 2022
in মুখ্য সংবাদ
টাইটানিকৰ দূর্ঘটনা পূর্ব পৰিকল্পিত আছিল নেকি ? কিহৰ বাবে একাংশ তত্ত্ববিদে কৰিছে এই আশংকা !!
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

টাইটানিক নামৰ জাহাজখনৰ দূর্ঘটনাৰ কাহিনী সর্বজনবিদিত ৷ ১৯১২ চনত ‘টাইটানিক’ জাহাজখনে ইংলেণ্ডৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা আৰম্ভ কৰে। উত্তৰ আটলাণ্টিক মহাসাগৰৰ বৰফৰ পাহাৰত খুন্দা মৰাৰ ফলত জাহাজখন ডুব যায় মাজ মহাসাগৰত। এই ঘটনাৰ আধাৰত ১৯৯৭ চনত জেমছ কেমেৰনৰ পৰিচালনাত ‘টাইটানিক’ ছবিখন ডাঙৰ পৰ্দাত মুক্তি লাভ কৰে। কিন্তু টাইটানিকৰ এই কাহিনীটো বহু বছৰৰ আগতে উপন্যাসখনৰ পৃষ্ঠাত লিখা হৈছে। এই কথা একাংশ তত্ত্ববিদে দাবী কৰিছে।

১৮৮৬ চনত ‘দ্য ছিংকিং অৱ এ মডাৰ্ণ লাইনাৰ’ নামৰ এখন উপন্যাস প্ৰকাশ পাইছিল। ডব্লিউ টি ষ্টীড নামৰ এজন সাংবাদিকে এই গ্ৰন্থখন লিখিছে। এই উপন্যাসখনৰ লগত টাইটানিকৰ দুৰ্যোগৰ বহু সাদৃশ্য আছে। এই উপন্যাসখনত ষ্টীডে লিখিছে যে লিভাৰপুলৰ পৰা এখন জাহাজ নিউয়ৰ্কলৈ যায়। কিন্তু বাটতে জাহাজখন ডুব গ’ল। লাইফবোটৰ অভাৱৰ বাবে জাহাজত থকা সকলো যাত্ৰীক বচাব পৰা নাছিল। আশ্চর্যজনকভাৱে  টাইটানিকৰ লগত এই সকলোবোৰ ঘটনাৰ সাদৃশ্য আছিল ৷

উপন্যাসখনৰ মতে, জাহাজৰ ডেকত যাত্ৰীসকলে লাইফবোটত উঠিবলৈ হুলস্থুল কৰিছিল। জাহাজৰ কেপ্তেইনে সকলোকে তাৰ পৰা উলিয়াই আনিবলৈ বন্দুকেৰে গুলিয়াইছিল ।  ‘টাইটানিক’ ছবিখনতো একেধৰণৰ দৃশ্য দেখুওৱা হৈছিল।

কেৱল ষ্টীডে লিখা গ্ৰন্থখনতে নহয়, ১৮৯৬ চনত প্ৰকাশিত আন এখন উপন্যাস ‘দ্য ৰেক অৱ দ্য টাইটান’তো ‘টাইটানিক’ৰ দৰে ভয়ানক ঘটনাৰ উল্লেখ আছে। আমেৰিকাৰ লেখক মৰ্গান ৰবাৰ্টছনে এই উপন্যাসখনত জাহাজ ধ্বংসৰ কাহিনী বর্ণনা কৰিছে ৷

মৰ্গানে তেওঁৰ কিতাপখনত উল্লেখ কৰা জাহাজখনৰ নাম ‘টাইটান’। নিউফাউণ্ডলেণ্ডৰ উপকূলত ডুব যায় জাহাজখন। বৰফৰ পাহাৰৰ সৈতে খুন্দা মৰাৰ ফলত জাহাজখনৰ ক্ষতিসাধন হয়। সেইবাবেই জাহাজখন ডুব যায় ৷১৯০৮ চনত এম মেকডনেল বডকিনে তেওঁৰ উপন্যাস ‘দ্য শ্বিপ ৰাণ’ত জাহাজ ধ্বংসস্তূপৰ কথাও উল্লেখ কৰিছে। সেই জাহাজখনৰ নাম আছিল ‘টাইটানিক’।

গ্ৰন্থখনত উল্লেখ কৰা অনুসৰি জাহাজখন আকাৰত আটাইতকৈ ডাঙৰ। এই জাহাজখনে সৰ্বাধিক সংখ্যক যাত্ৰী কঢ়িয়াব পাৰে ৷ বডকিনৰ কিতাপখন পঢ়িলে এনে লাগে যেন তেওঁ আচলতে টাইটানিকৰ বিষয়ে আগতেই জানিছিল। ঘটনাৰ ৪ বছৰ আগতে লিখা হৈছিল কিতাপখন। কিন্তু তেওঁ জাহাজখনৰ গঠন এনেদৰে বৰ্ণনা কৰিছিল যে টাইটানিক জাহাজখন দেখাৰ পিছত তেওঁ কিতাপখন লিখা যেন পাঠকৰ অনুভৱ হ’ব ৷

টাইটানিক জাহাজ যাত্ৰাৰ পূৰ্বে ১৯১২ চনত ৰচিত হৈছিল ‘দ্য হোৱাইট ঘোষ্ট অৱ ডিজেষ্টাৰ” শীৰ্ষক এটা চুটিগল্প। থৰ্ণ্টন জেনকিন্স হেইনছে মেইন ক্লিউ গাৰ্নেট হিচাপে ছদ্মনাম নাম ব্যৱহাৰ কৰি এই কিতাপখন লিখিছিল। হেইনছৰ কাহিনীত জাহাজখনৰ নাম আছিল ‘এডমিৰেল’। প্ৰতি ঘণ্টাত ৪২ কিলোমিটাৰ বেগেৰে গৈ থকা জাহাজখনেও বৰফৰ পাহাৰত খুন্দা মৰাৰ কাহিনী বর্ণনা কৰা হৈছিল ৷  টাইটানিকৰ দৰে ‘এডমিৰেল’ জাহাজখনো উত্তৰ আটলাণ্টিক মহাসাগৰৰ মাজত ডুব গৈছিল। থৰ্ণ্টনে কাহিনীটোত লিখিছে যে সেই জাহাজখনত পৰ্যাপ্ত পৰিমাণৰ লাইফবোট নথকাৰ বাবে বহু যাত্ৰী জীৱিত অৱস্থাত ঘূৰি আহিব নোৱাৰিলে।

ইমানবোৰ উপন্যাসত টাইটানিক জাহাজ ডুব যোৱাৰ আগতে এই ঘটনাৰ কথা উল্লেখ কৰা হৈছে যে ই যে কাকতলীয়া ঘটনা সেই কথাটো মানি লোৱাটো কঠিন। বহু ষড়যন্ত্ৰ তত্ত্ববিদে দাবী কৰে যে লেখকৰ কল্পনা আৰু বাস্তৱৰ মাজত এনে সাদৃশ্য দেখাৰ পিছত ‘টাইটানিক’ৰ ডুব যোৱাটো পূৰ্বনিৰ্ধাৰিত হৈছিল। কিন্তু বেছিভাগৰ মতে ঘটনাবোৰ কাকতলীয়া ঘটনাহে আছিল ।

Previous Post

চীনৰ হেকাৰৰ দৃষ্টি ভাৰতৰ কম্পিউটাৰ, বাৰে বাৰে চাইবাৰ আক্ৰমণৰ চেষ্টা, কর্মচাৰীক সাৱধান হ’বলৈ চৰকাৰৰ সকীয়নি

Next Post

নৌসেনাৰ ঐতিহাসিক সিদ্ধান্ত! বিশেষ কমাণ্ডো বাহিনী ‘মাৰ্কছ’ত অর্ন্তভুক্ত হ’ব মহিলা

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
নৌসেনাৰ ঐতিহাসিক সিদ্ধান্ত!  বিশেষ কমাণ্ডো বাহিনী ‘মাৰ্কছ’ত অর্ন্তভুক্ত হ’ব মহিলা

নৌসেনাৰ ঐতিহাসিক সিদ্ধান্ত! বিশেষ কমাণ্ডো বাহিনী ‘মাৰ্কছ’ত অর্ন্তভুক্ত হ’ব মহিলা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7