বৰ্তমান সময়ৰ অসমৰ এগৰাকী স্বনামধন্য লেখিকা জুৰি বৰুৱাৰ দ্বিতীয় গল্প সংকলন খন হ’ল ‘প্ৰাক্তন’ ৷ লেখিকা গৰাকীয়ে জানিবলৈ দিয়া মতে পাঞ্চজন্য বুকছৰ দ্বাৰা প্ৰকাশ পোৱা গল্প সংকলন ‘প্ৰাক্তন’ৰ এই দ্বিতীয় সংস্কৰণটোত নতুনকৈ সংযোজিত হৈছে গল্পকাৰ গৰাকীৰ বহুকেইটা গল্প ৷ আনহাতে বৰ্তমান অসমৰ ঠায়ে ঠায়ে অনুষ্ঠিত হোৱা গ্ৰন্থমেলাসমূহৰ বিপণী সমূহতো উপলব্ধ হোৱা এই গল্প সংকলনখ গ্ৰন্থপ্ৰেমী সকলৰ মাজতো যথেষ্ট সমাদৃত হৈছে ৷ শেহতীয়াকৈ যোৰহাটত অনুষ্ঠিত হোৱা ‘অসম গ্ৰন্থমেলা’ত অসমৰ কেইবাটাও আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰ বিপণীৰ যেন শোভা বৃদ্ধি কৰিছে ‘প্ৰাক্তন’এ ৷
গ্ৰন্থখনৰ সন্দৰ্ভত জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত তেওঁৰ ব্যক্তিগত প্ৰফাইলৰ পৰা এখন ফট’সহ মনৰ কিছু কথা ব্যক্ত কৰি লেখিকাগৰাকীয়ে কয় যে এটা প্ৰশ্ন প্ৰায়ে তেওঁৰ মনলৈ আহে যে কাহিনী কোৱাটো জৰুৰী নেকি ! কাহিনী মানেটো সৰু সৰু কিছুমান প্ৰশ্নৰ সমাহাৰ নহয়। তেওঁৰ বোধেৰে কাহিনীতো সকলোতেই আছে ৷ সেই কাহিনী তেৱেই ক’ব লাগিব বুলিতো কোনো কথা নাই।তেওঁৰ মতে সামৰি সুতুৰি বহুত কাহিনী প্ৰতিজন মানুহেই ৰাখে। অলপ নিজৰ বাহিৰত, অলপ নিজৰ ভিতৰত আৰু অলপ বাহিৰৰ আৰু ভিতৰৰ দুনিয়াখনৰ সোঁমাজত।
অৱশ্যে ক’ভিডৰ সময়ছোৱাত তেওঁ যেন গুৱাহাটীৰ পৰা নিজকে এক নিদিষ্ট দূৰত্বলৈ লৈ গৈ নিজক নতুনকৈ আৱিষ্কাৰ কৰিলে । গল্পকাৰৰ গ্লেমাৰ বুলি যি এক অহংকাৰে তেওঁৰ ভিতৰত অট্টালিকা গঢ়িবলৈ আৰম্ভ কৰিছিল, সেয়াও যেন তেওঁ নিজেই খহাই পেলালে। তেওঁৰ মতে মৃত্যু ভয়েই বোধকৰো জীৱনৰ অন্তিমতম ভয়। মৃত্যু ভয়ৰ মাজতো সৃষ্টিশীল হৈ থাকিবলৈ লেখক এজনকো এজন মানুহৰ দৰেই এক প্ৰকাৰৰ নিজা প্ৰতিৰোধ আৰু বিদ্ৰোহৰ প্ৰয়োজন ৷
লকডাউনে কেৱল লেখক সকলৰেই নহয় প্ৰকাশন গোষ্ঠীসমূহলৈও বহুত পৰিৱৰ্ত্তন আনিলে। যি সময়ত তেওঁৰ ভাষাৰে ই এম আইৰ ডেডলাইন আৰু জীৱনৰ মাজত কিতাপ এক ইলাহী কাৰবাৰ হিচাপে ধৰা দিলে। সেয়েহে সেইসকল প্ৰকাশকক লেখিকা গৰাকীয়ে এই প’ষ্টটোৰ যোগেদি চেলুট জনাইছে যি সাহস কৰি এই ব্যৱসায় চলাই আছে। যিসকলে লেখকক লেখক হিচাপে পাঠকৰ ওচৰলৈ নি আছে। যিসকলে দিন ৰাতি একাকাৰ কৰি প্ৰিণ্টিং, বাইণ্ডিং কৰিছে আৰু কিতাপক কিতাপৰ আকাৰ দিছে।
লেখিকা গৰাকীৰ মতে কিছুমান গল্পৰ চৰিত্ৰই সদায় এই কথা শিকাইছে যে লেখক আৰু মানুহৰ মাজত কোনো পাৰ্থক্য নাই। লেখক আচলতে মানুহৰে এক অংশ। অনুভৱ কৰাইছে যে লেখকো এজন মানুহহে ।
সেয়ে কেতিয়াবা এগৰাকী গল্পকাৰ হিচাপে তেওঁ নিজকে সোধে যে এজন গল্পকাৰে তেওঁৰ চৰিত্ৰবোৰক ন্যায় দিব পাৰেনে !তেওঁৰ বোধেৰে নিশ্চয় নোৱাৰে আৰু সেই বাবেই গল্পক পাঠক লাগে। গল্পকাৰ গৰাকীৰ মতে পাঠকেই হ’ল কোনো এক কাহিনীৰ চৰম কাঠগৰা ।
শেষত প্ৰেছৰ পৰা পঠোৱা এখন ফটো কথাখিনিৰ সৈতে আপলোড কৰি তেওঁ ধন্যবাদ জনালে গ্ৰন্থখনৰ প্ৰথম প্ৰকাশক গকুল কলিতা আৰু পাঞ্চজন্য সংস্কৰণৰ প্ৰকাশক ধীৰাজ লহকৰক । লগতে আক্ষেপ প্ৰকাশ কৰি ক’লে যে গল্পসংকলন খনৰ আগৰ সংস্কৰণটো বহুতৰ হাতত দিব নোৱাৰিলে তেওঁ । অৱশ্যে তেওঁ এইকথাও ব্যক্ত কৰিলে যে এইবাৰৰ সংস্কৰণটোত তেওঁৰ কিছু নতুন গল্পৰো সংযোজন ঘটিছে ৷ পা
পাঠকসকলে গ্ৰন্থখন পঢ়ি ভাল পাব বুলি যথেষ্ট আশাবাদী প্ৰকাশক তথা গল্পকাৰ জুৰি বৰুৱা ৷