ভাৰতত প্ৰতি বছৰে ১৪ ডিচেম্বৰত পালন কৰা হয় ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস । ১৯৯১ চনৰ পৰাই ভাৰতত এই দিৱস পালন কৰি অহা হৈছে । শক্তি সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়।
শক্তি সংৰক্ষণ বৰ্তমান সময়ত সমগ্ৰ বিশবৰ বাবেই এক বৃহৎ প্ৰয়োজনীয়তা ৷ ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস উদযাপনৰ মূল লক্ষ হৈছে শক্তি আৰু সম্পদ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা। শক্তি সংৰক্ষণ মানে শক্তিৰ অপব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ইয়াৰ সৎ-ব্যৱহাৰ কৰা।
২০০১ চনত ভাৰতীয় শক্তি দক্ষতা ব্যুৰোৱে ভাৰতীয় শক্তি সংৰক্ষণ আইন কাৰ্যকৰী কৰে, য’ত শক্তি সংৰক্ষণ সম্পৰ্কীয় নীতি প্ৰণয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তাৰ পিছৰে পৰা প্ৰতি ১৪ ডিচেম্বৰত শক্তি সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন আলোচনা, সন্মিলন আৰু কৰ্মশালাৰো আয়োজন কৰা হয় আৰু সমগ্ৰ দেশতে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়।
ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস ২০২২ উদযাপনৰ মূল উদ্দেশ্য হৈছে ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ কথা চিন্তা কৰি শক্তিৰ সৎ ব্যৱহাৰ কৰা । শক্তি সংৰক্ষণ দিৱসৰ জৰিয়তে নাগৰিকসকলক শক্তি সংৰক্ষণৰ বিষয়ে সজাগ কৰা হয় আৰু শক্তিৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিভিন্ন তথ্য প্ৰদান কৰা হয়। এই দিৱসত সমান্তৰালকৈ শক্তি সংৰক্ষণৰ বিভিন্ন ব্যৱস্থাৰ বিষয়ে নাগৰিকক তথ্য দিয়াৰ উপৰিও তেওঁলোকৰ অংশগ্ৰহণৰ জৰিয়তে শক্তি সংৰক্ষণৰ বৃহত্তৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰা হয়।