আজি নাট্যকাৰ, অভিনেতা দুৰ্গেশ্বৰ বৰঠাকুৰৰ ওপজা দিন । ১৯২৯ চনৰ আজিৰ দিনটোতে শিৱসাগৰ জিলাৰ জাঁজীৰ বামুণগাঁৱত তেওঁৰ জন্ম হৈছিল । কটন কলেজৰ পৰা স্নাতক হৈ তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চাকৰিৰে কৰ্মজীৱনৰ পাতনি মেলিছিল । পিছত ১৯৬০ চনত তেওঁ আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান প্ৰযোজক হিচাপে যোগদান কৰি শিলচৰ কেন্দ্ৰৰ পৰা কেন্দ্ৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁৰ জনপ্ৰিয় নাম আছিল প্ৰসাদ ।আকাশবাণী গুৱাহাটীৰ জনপ্ৰিয় চমু ব্যংগ নাট্যানুষ্ঠান ‘নোকোৱাই ভাল’ৰ মূল চৰিত্ৰটোত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল । অনেক অনাতাঁৰ নাটকৰ উপৰি তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল । অভিনেতাগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সমাজকৰ্মী তথা নাৰী সবলীকৰণ কৰ্মী মীনা আগৰৱালাৰ ওপজা দিন । ১৯২৪ চনৰ আজিৰ দিনটোতে তেজপুৰত তেওঁৰ জন্ম হৈছিল । সৰুতেই তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যলৈ আহি সংগীত আৰু নৃত্যৰ শিক্ষা লাভ কৰিছিল । ১৫ বছৰ বয়সতে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কনিষ্ঠ ভাতৃ কমলাপ্ৰসাদ আগৰৱালাৰ সৈতে বিয়া হয় । ১৯১৯ চনত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে প্ৰতিষ্ঠা কৰা ‘তেজপুৰ মহিলা সমিতি’ৰ পুনৰ গঠন কৰি তেওঁ ১৯৪৬ চনৰ পৰাই নাৰী সবলীকৰণৰ দিশত কাম কৰে । বিশেষকৈ নাৰী শিক্ষা আৰু স্বনিৰ্ভৰশীলতাৰ ওপৰত সমিতিয়ে গুৰুত্ব দিছিল । ২০০৪ চনলৈকে তেওঁ এই সমিতিৰ অধ্যক্ষা আছিল । ১৯৫০ৰ দশকত তেওঁ জিলা সামাজিক উন্নয়ন সমিতিৰো অধ্যক্ষা আছিল । শিশুৰ বিকাশৰ বাবেও কাম কৰা মীনা আগৰৱালাই মহিলা সমিতিৰ চৌহদতে ‘শিশু ভাৰতী’ নামৰ এখন বিদ্যালয়ো স্থাপন কৰিছিল ।তেওঁ অমলপ্ৰভা দাস সোঁৱৰণী বঁটা, নাৰীশক্তি পুৰস্কাৰ আদি লাভ কৰে । নেত্ৰীগৰাকীলৈ আমাৰ প্ৰণাম ।