কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সে আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব। সেই মেচখন অনুষ্ঠিত হ’ব লুচিল ষ্টেডিয়ামত।এই ষ্টেডিয়াম খনতে এজন নিৰাপত্তাৰক্ষীৰ মৃত্যুত দেওবাৰৰ খেলখনৰ পূৰ্বে বিতৰ্কৰ সৃষ্টি হয়।
কাটাৰত বিশ্বকাপ আৰম্ভ হোৱাৰ পূর্বেও বহু বিতর্ক চলি আছিল৷ দুজন সাংবাদিকৰ মৃত্যুৰ খবৰ চৰ্চালৈ আহিছে। এইবাৰ জানিব পৰা মতে এজন নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছে। দেওবাৰে বিশ্বকাপৰ চূড়ান্ত খেল অনুষ্ঠিত হ’বলগীয়া ষ্টেডিয়ামতে ঘটনা সংঘ্টিত হয়। কেনিয়াৰ পৰা আহিছিল নিৰাপত্তাৰক্ষী জন কিবু। ষ্টেডিয়ামৰ ওখ স্থানৰ পৰা পৰি ২৪ বছৰীয়া কিবুৰ মৃত্যু ঘটে । সেই ঘটনা ১০ ডিচেম্বৰত সংঘটিত হৈছিল। সেইদিনা আৰ্জেণ্টিনা বনাম নেদাৰলেণ্ডৰ খেলখন লুচাইলত চলি আছিল । নিৰাপত্তাৰক্ষীৰ মৃত্যুৰ কথা উল্লেখ কৰি ষ্টেডিয়াম কৰ্তৃপক্ষই কয় যে, মঙলবাৰে চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল যদিও তেওঁক বচাব পৰা নাছিল। ৩ দিন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি তেওঁ হাৰ মানে ।
কিবুৰ পৰিয়াল অৱশ্যে ষ্টেডিয়াম কৰ্তৃপক্ষৰ মন্তব্যত সান্তনা লাভ কৰা নাই ৷ ইয়াৰ বাবে কিবুৰ পৰিয়ালে কতৃপক্ষৰ পৰা উত্তৰ বিচাৰিছে ৷ কিবুৱে কাটাৰত প্ৰায় এবছৰ ধৰি কাম কৰি আহিছে ৷ আৰ্জেণ্টিনাৰ মেচখনৰ পিছতে কিবুৰ মৃত্যু হয়। কেনিয়াৰ পৰা বহু লোক কাটাৰত কাম কৰিবলৈ আহে। যোৱা বছৰ কেনিয়াৰ এজন প্ৰব্ৰজিত শ্ৰমিকে কাটাৰত কাম কৰিবলৈ আহি তাৰ পৰিস্থিতিৰ ওপৰত সৱিশেষ প্ৰকাশ কৰাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে পিছত তেওঁক মুকলি কৰি দিয়া হয়। বিশ্বকাপৰ বিষয়াসকলে কয় যে কিবুৰ মৃত্যুৰ কাৰণক আকস্মিক বুলি গণ্য কৰা হৈছে আৰু ইয়াৰ তদন্ত কৰা হ’ব।