VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেনেকুৱা গুণ থকাটো বিচাৰে আপোনাৰ সন্তানৰ গাত ? জন্মৰ পূর্বেই নির্ধাৰণ কৰিব পাৰিব মেধা, মাতৃগর্ভত নহয় পৰীক্ষাগাৰত হ’ব সন্তান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 15, 2022
in মুখ্য সংবাদ
কেনেকুৱা গুণ থকাটো বিচাৰে আপোনাৰ সন্তানৰ গাত ? জন্মৰ পূর্বেই নির্ধাৰণ কৰিব পাৰিব মেধা, মাতৃগর্ভত নহয় পৰীক্ষাগাৰত হ’ব সন্তান
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

এটা বিশাল পৰীক্ষাগাৰ। য’ত আছে  হাজাৰ হাজাৰ কাঁচৰ গোলকৰ দৰে কিছুমান যন্ত্ৰও । এই যন্ত্ৰসমূহৰ ভিতৰত সৃষ্টি কৰা হৈছে  মানৱ সন্তান ৷য়েমেনৰ আণৱিক জৈৱ প্ৰযুক্তিবিদ হাচেম আল-গাইলীয়ে শীঘ্ৰে এনেধৰণে গৱেষণাগাৰতে সন্তান সৃষ্টি কৰিব পৰা দিন আহিব বুলি আগজাননী প্ৰকাশ কৰিছে ৷ শেহতীয়াকৈ হাচেমে এটা এনিমেটেড ভিডিঅ’ প্ৰকাশ কৰি দাবী কৰিছে যে অদূৰ ভৱিষ্যতে এনে এটা পৰীক্ষাগাৰ সৃষ্টি কৰাটো বৰ কঠিন নহ’ব। বিজ্ঞানীগৰাকীয়ে নিৰ্মাণ কৰা এই ভিডিঅ’টোৱে ইতিমধ্যে ছ’চিয়েল মিডিয়াত এক ধুমুহাৰ সৃষ্টি কৰিছে।

হাচেমে তেওঁৰ কল্পনাপ্ৰসূত পৰীক্ষাগাৰৰ নাম ৰাখিছে এক্ট’লাইফ। এই পৰীক্ষাগাৰত মুঠ ৭৫টা কোঠা থাকিব। প্ৰতিটো কোঠাত থাকিব ৪০০টা কৃত্ৰিম গৰ্ভ। অৰ্থাৎ পৰীক্ষাগাৰত একে সময়তে ৩ হাজাৰ সন্তান জন্ম দিয়া সম্ভৱ হ’ব। ভিডিঅ’টোত দেখা পোৱা কাঁচৰ গোলকৰ দৰে বস্তুবোৰ হৈছে কৃত্ৰিম গৰ্ভ । এই কৃত্ৰিম গৰ্ভত আইভিএফ পদ্ধতিত শুক্ৰাণু আৰু ডিম্বানুৰ সংযোগৰ দ্বাৰা ভ্ৰূণ সৃষ্টি হ’ব। তাৰ ভিতৰত সেই ভ্ৰূণটো বাঢ়িব। এই যন্ত্ৰটোত শিশুৰ ৰক্তচাপৰ পৰা আৰম্ভ কৰি হৃদস্পন্দনলৈকে সকলো জুখিব পৰা ব্যৱস্থা থাকিব ৷

বিজ্ঞানীগৰাকীৰ মতে, প্ৰতি বছৰে বিশ্বৰ লাখ লাখ মহিলাই সন্তান জন্ম দিওঁতে মৃত্যুমুখত পৰে। বিভিন্ন জটিলতাৰ বাবে বহু নৱজাতকৰ মৃত্যু হয়। এই নতুন পদ্ধতিয়ে সেই সমস্যা সম্পূৰ্ণৰূপে আঁতৰাই পেলাব। কেৱল সেয়াই নহয়, সন্তান জন্ম হোৱাৰ আগতেই পিতৃ-মাতৃয়ে কি কি গুণ  সন্তানৰ গাত থকাটো বিচাৰে সেয়া নিৰ্ণয় কৰিব পৰা যাব । ছালৰ ৰং, উচ্চতা, শাৰীৰিক গঠন, মাতৰ সুৰ বা বুদ্ধিমত্তাৰ দৰে কাৰকসমূহ কৃত্ৰিম জিনীয় পৰিৱৰ্তনৰ জৰিয়তে নিৰ্ধাৰণ কৰাটো সম্ভৱ হ’ব৷ তদুপৰি বহু জিনীয় ৰোগ এনেদৰে নিৰ্মূল কৰিব পৰা যায় বুলি দাবী কৰিছে বিজ্ঞানীগৰাকীয়ে। ইয়াৰ উপৰিও বিভিন্ন শাৰীৰিক জটিলতাৰ বাবে সন্তান জন্ম দিব নোৱাৰা দম্পতীৰ বাবে এই ব্যৱস্থা অতি উপকাৰী হোৱাৰ সম্ভাৱনা আছে ৷

কিন্তু সমগ্ৰ বিষয়টো কল্পবিজ্ঞান  অংশ যেন লাগে ৷  সঁচাকৈয়ে  এয়া সম্ভৱনে? বিজ্ঞানীসকলে কয় যে সেয়া সম্ভৱ।  প্ৰযুক্তিৰ সহায়ত এ্যা কৰাটো সম্ভৱ ৷সমস্যা কেৱল অনুমতি লাভৰ ক্ষেত্ৰতহে হ’ব পাৰে। এইদৰে সম্পূৰ্ণ কৃত্ৰিমভাৱে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত বিভিন্ন নৈতিক জটিলতা দেখা যায়। জন্মৰ পূৰ্বে কোনো ব্যক্তিক গৱেষণাৰ বিষয় হিচাপে গঢ়ি তোলাত বিভিন্ন মহলে আপত্তি কৰি আহিছে ৷ বহুতে ভাবে যে প্ৰকৃতিক পৰিহাৰ কৰি মানুহৰ শৰীৰত জিনীয় পৰিৱৰ্তন বিৱৰ্তন এক বিপদজনক কাৰ্য্য হ’ব পাৰে। গতিকে বিষয়টো এতিয়াও বৈধ নহয়। কিন্তু আইনে অনুমতি দিলে এনে কৃত্ৰিম প্ৰজননৰ দিন আহিবলৈ বহু বেছি দিন নাই  বুলি হাচেমে মত প্ৰকাশ কৰিছে ।

Previous Post

বিশ্বকাপৰ ফাইনেল মেচ অনুষ্ঠিত হ’বলগীয়া ষ্টেডিয়ামত অঘটন, ষ্টেডিয়ামৰ পৰা পৰি মৃত্যু নিৰাপত্তাৰক্ষীৰ

Next Post

ডিব্ৰুগড় গ্ৰন্থমেলাত ‘বনলতা’ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

Related Posts

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী আৰম্ভ, প্ৰতি সন্ধিয়া ১৪ লোকনৃত্যৰ প্ৰদর্শনৰে মন মুহিব দেশী-বিদেশী পর্যটকৰ
মুখ্য সংবাদ

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী আৰম্ভ, প্ৰতি সন্ধিয়া ১৪ লোকনৃত্যৰ প্ৰদর্শনৰে মন মুহিব দেশী-বিদেশী পর্যটকৰ

October 2, 2023
🙏 দৈনিক ৰাশি ফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

October 2, 2023
কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা
মুখ্য সংবাদ

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি
মুখ্য সংবাদ

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?
মুখ্য সংবাদ

পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?

October 1, 2023
আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান
মুখ্য সংবাদ

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

October 1, 2023
Next Post
ডিব্ৰুগড় গ্ৰন্থমেলাত ‘বনলতা’ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

ডিব্ৰুগড় গ্ৰন্থমেলাত ‘বনলতা’ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী আৰম্ভ, প্ৰতি সন্ধিয়া ১৪ লোকনৃত্যৰ প্ৰদর্শনৰে মন মুহিব দেশী-বিদেশী পর্যটকৰ

কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী আৰম্ভ, প্ৰতি সন্ধিয়া ১৪ লোকনৃত্যৰ প্ৰদর্শনৰে মন মুহিব দেশী-বিদেশী পর্যটকৰ

October 2, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

October 2, 2023
কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7