দিল্লীত শ্ৰদ্ধা ৱাকাৰ নামৰ যুৱতী গৰাকীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ ৷ দিল্লীৰ বনাঞ্চলৰ পৰা হত্যাকাৰী আফতাবৰ স্বীকাৰোক্তিৰ ভিত্তিত উদ্ধাৰ কৰা হাড়ঁৰ টুকুৰাৰ ডিএনএ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিছে আৰক্ষীয়ে ৷ দিল্লীৰ মেহৰৌলীৰ বনাঞ্চলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা হাড়ৰ টুকুৰা শ্ৰদ্ধা ৱাকাৰৰ। দিল্লী আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে ডি এন এ টেষ্টৰ প্ৰতিবেদন অহাৰ পিছতে এই বিষয়টো নিশ্চিত কৰা হৈছে।
শ্ৰদ্ধাৰ পিতৃৰ ডি এন এ নমুনা সংগ্ৰহ কৰি অৰণ্যত পোৱা হাড়ৰ সৈতে মিলাই চোৱা হয়। সেই প্ৰতিবেদন বৃহস্পতিবাৰে আৰক্ষীয়ে লাভ কৰিছে । অভিযোগ অনুসৰি ১৮ মে’ত আফতাবে শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল। পৰৱৰ্তী ১৮ দিনত আফতাবে সংগী শ্ৰদ্ধাৰ মৃতদেহ ৩৫ টুকুৰা কৰি পেলায়। ইয়াৰ পিছত মৃতদেহৰ টুকুৰাবোৰ চাৰিওফালৰ হাবিত পেলাই দিছিল ৷
এই গোচৰত দিল্লী আৰক্ষীয়ে এই পৰ্যন্ত উদ্ধাৰ কৰিছে দুই চোকা অস্ত্ৰ ৷ তেওঁলোকে অভিযোগ কৰে যে আফতাবে সেই অস্ত্ৰেৰে শ্ৰদ্ধাৰ মৃতদেহ কাটিছিল। অৱশ্যে সেইটোৱেই পৰ্যাপ্ত প্ৰমাণ নহয় বুলি আৰক্ষীয়ে কয়। আফতাবৰ নার্কো টেষ্ট কৰা হৈছিল। আৰক্ষীয়ে ডি এন এ পৰীক্ষাৰ প্ৰতিবেদনক ডাঙৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰিছে ।
যোৱা অক্টোবৰ মাহত শ্ৰদ্ধাৰ পিতৃ বিকাশ ৱাকৰে তেওঁৰ কন্যা নিৰুদ্দেশৰ বিষয়ে মহাৰাষ্ট্ৰ আৰক্ষীক অৱগত কৰিছিল। তেওঁৰ অভিযোগৰ পিছতে শ্ৰদ্ধাৰ মোবাইলৰ কল লিষ্ট চাই আৰক্ষীয়ে শ্ৰদ্ধা দিল্লীত থকা বুলি জানিব পাৰে ৷ দিল্লী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আফতাবে মুম্বাইৰ এটা কল চেণ্টাৰত কাম কৰি থকা অৱস্থাত ডেটিং এপৰ জৰিয়তে শ্ৰদ্ধাক লগ পাইছিল। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত তেওঁলোক দিল্লীলৈ গুচি গৈছিল। তাতে ঘৰ ভাড়া কৰি বাস কৰিছিল ৷