ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত বর্তমানৰ কলেজিয়াম ব্যৱস্থাৰ বিৰোধিতাক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছে ৷ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত বৰ্তমানৰ কলেজিয়াম ব্যৱস্থা সলনি কৰাৰ প্ৰস্তাৱ বিবেচনা কৰা উচিত বুলি পুনৰ মন্তব্য কৰিছে। সংসদত ভাষণ প্ৰদান কৰি তেওঁ কয়-, ‘বৰ্তমানৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ন্যায়পালিকাৰ সর্বোচ্চ পৰ্যায়ত নিযুক্তি ব্যৱস্থা স্থবিৰ হৈ আছে ৷ কিন্তু সেয়া কেন্দ্ৰীয় চৰকাৰৰ বাবে নহয়। বৰঞ্চ প্ৰক্ৰিয়াৰ বাবেহে।”
ৰাজ্যসভাত ৰিজিজুৱে স্পষ্টকৈ উল্লেখ কৰিছিল যে নতুন ব্যৱস্থা প্ৰৱৰ্তন নোহোৱালৈকে সমস্যাৰ সমাধান নহ’ব। বৃহস্পতিবাৰে তেওঁৰ এই মন্তব্যৰ ফলত অনাগত দিনত ন্যায়পালিকাৰ নিযুক্তিক লৈ নৰেন্দ্ৰ মোদী চৰকাৰৰ সৈতে ন্যায়পালিকাৰ সংঘাত বৃদ্ধি পাব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ইফালে অধিবক্তাৰ এটা অংশই ৰিজিজুৰ মন্তব্যক সমালোচনা কৰিছে। এজন অধিবক্তাৰ সূত্ৰই জনোৱা মতে, তেওঁৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিলৰ ‘প্ৰস্তুতি’ চলি আছে।
বিগত কেইমাহমানৰ পৰা ৰিজিজুৱে ন্যায়াধীশ নিযুক্তিৰ কলেজিয়াম ব্যৱস্থাক লৈ অহৰহ প্ৰশ্ন উত্থাপন কৰি আহিছে। ইয়াৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়েও। ইয়াৰ সমান্তৰালকৈ উচ্চ ন্যায়ালয়ে নৰেন্দ্ৰ মোদী চৰকাৰে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত গাফিলতি কৰি অহা বুলি অভিযোগ উত্থাপন কৰি আহিছে। চলিত মাহৰ আৰম্ভণিতে ন্যায়াধীশ সঞ্জয় কিষেন কৌল আৰু ন্যায়াধীশ এ এছ ওকাৰ বিচাৰপীঠে কেন্দ্ৰক ধমক দি কয় যে ন্যায়িক নিযুক্তিৰ বাবে কলেজিয়ামৰ পৰামৰ্শত সন্মতি দিয়াত চৰকাৰৰ ফালৰ পৰা অযথা বিলম্ব কৰা হৈছে ৷
অৱশ্যে ৰিজিজু এতিয়াও নিজৰ স্থিতিত অটল হৈ আছে । ইয়াৰ পূৰ্বে তেওঁ ৰাজহুৱাভাৱে অভিযোগ কৰিছিল যে বৰ্তমানৰ কলেজিয়াম ব্যৱস্থাত স্বচ্ছতাৰ অভাৱ। আনকি, ন্যায়াধীশ নিযুক্তিৰ এই ব্যৱস্থাটোক তেওঁ ‘ভাৰতীয় সংবিধানৰ পৰিপন্থী’ বুলিও অভিহিত কৰে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীৰ এই মন্তব্যক ‘নিৰাশাজনক’ বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় মোদী চৰকাৰে বলবৎ কৰিছিল ৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে ইয়াক অসাংবিধানিক বুলি খাৰিজ কৰি কলেজিয়াম ব্যৱস্থা বজাই ৰখাৰ সপক্ষে ৰায় দিয়ে। তাৰ পিছৰে পৰা কেন্দ্ৰ আৰু উচ্চতম ন্যায়ালয়ৰ মাজত এই বিষয়টোক লৈ মতানৈক্যৰ সৃষ্টি হৈছে।
বৰ্তমানৰ ব্যৱস্থাত উচ্চতম ন্যায়ালয়ৰ পাঁচজন শীৰ্ষ ন্যায়াধীশক লৈ গঠিত কলেজিয়ামেই সম্ভাৱ্য ন্যায়াধীশৰ নামৰ পৰামৰ্শ দিয়ে। ইয়াৰ পিছত চৰকাৰে সেই নামবোৰ বিবেচনা কৰে। চৰকাৰে কলেজিয়ামৰ পুনৰ বিবেচনাৰ বাবে নামবোৰ ঘূৰাই পঠিয়াব পাৰে। কিন্তু কলেজিয়ামে যদি সেই নামবোৰ উভতাই পঠিয়াই দিয়ে তেন্তে চৰকাৰে মানি লোৱাটো বাধ্যতামূলক। কিন্তু মোদী চৰকাৰে এই ব্যৱস্থা সলনি কৰিব বিচাৰিছে। যাক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছে ।