VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মাৰাডোনাৰ বাসগৃহৰ পৰা বিশ্বকাপৰ ফাইনেল মেচ উপভোগ কৰিব পাৰিব আর্জেণ্টিনাবাসীয়ে, কোনে লৈ আহিছে এই সুযোগ ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 16, 2022
in ক্ৰীড়া
মাৰাডোনাৰ বাসগৃহৰ পৰা বিশ্বকাপৰ ফাইনেল মেচ উপভোগ কৰিব পাৰিব আর্জেণ্টিনাবাসীয়ে, কোনে লৈ আহিছে এই সুযোগ ?
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

বিশ্বকাপ ফুটবলৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰ্জেণ্টিনা। ৩৬ বছৰীয়া অপেক্ষাৰ অন্তত তৃতীয়বাৰৰ বাবে চেম্পিয়নৰ খিতাপ  লাভ কৰিবলৈ হাহাকাৰ কৰিছে লিয়নেল মেছিয়ে। হাজাৰ হাজাৰ আৰ্জেণ্টিনাৰ লোকে দেশৰ খেল উপভোগ কৰিবলৈ কাটাৰলৈ আহিছে। কিন্তু যিসকল দেশত আছে তেওঁলোকেও এক ইতিহাসৰ সাক্ষী হোৱাৰ সুযোগ পাইছে। বিশ্বখ্যাত তাৰকাডিয়েগো মাৰাডোনাৰ বাসগৃহত  বিশ্বকাপৰ ফাইনেল খেল চাব পাৰিব দেশখনৰ ফুটবল অনুৰাগীয়ে ।

বুয়েনছ আয়াৰ্ছত মাৰাডোনাৰ কেইবাটাও ঘৰ আছে। এৰিয়েল ফাৰ্নাণ্ডো গাৰ্চিয়াই ইয়াৰে এটা বাসগৃহ ক্ৰয় কৰিছে । সেই ঘৰটো তেওঁ স্থানীয় লোকৰ বাবে খুলি দিছে ৷ চৌহদটোৰ মুকলি স্থানত  ডাঙৰ পৰ্দাত খেল প্ৰদর্শনৰ ব্যৱস্থা কৰা হৈছে ৷ খেলৰ সমান্তৰালভাৱে  চলিছে গো-মাংস, গাহৰিৰ মাংস, চেণ্ডুইচ ৰন্ধাৰ প্ৰস্তুতি । অৱশ্যে তাত সুৰা সেৱন কৰিব নোৱাৰি।

বহু স্থানীয় লোক কেৱল খেল চাবলৈ নহয়, মাৰাডোনাৰ ঘৰ চাবলৈও আহিছে। ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিয়েই  কিছুমানে আৱেগত চকুলো টুকিছে ৷  আন কিছুমানে আনন্দত আত্মহাৰা পৰিছে । ঘৰৰ প্ৰতিটো কোঠালৈ চাই অনুৰাগীসকল অভিভূত হৈ পৰিছে ৷প্ৰতিটো চুকতে তেওঁলোকে বিচাৰি পাইছে মাৰাডোনাৰ স্পৰ্শ । গতিকে এই ঘৰটো প্ৰতিজন আৰ্জেণ্টিনাৰ লোকৰ বাবে মন্দিৰতকৈ কম নহয়। ঘৰটোৰ মুকলি স্থানতো অনুৰাগীয়ে ভিৰ কৰিছে । ডিয়েগোৱে তাত ফুটবল অনুশীলন কৰিছিল। প্ৰতিডাল ঘাঁহতে তেওঁৰ স্পৰ্শ আছে। ঘাঁহনিডৰা এবাৰ স্পর্শ কৰি চুব বিচাৰে সকলোৱে।

১৯৮০ চনত মাৰাডোনাই ঘৰটো কিনিছিল। মাক-দেউতাকৰ বাবে কিনিলেও বহু দিন  তেওঁ তাতেই বাস কৰিছিল । ১৯৮৬ চনত বিশ্বকাপ জয় কৰাৰ পিছত মাৰাডোনাই এই ঘৰৰ বেলকনিত থিয় হৈ অনুৰাগীক সম্ভাষণ জনাইছিল। এই ঘৰৰ ওচৰতে গাৰ্চিয়া বাস কৰিছিল। সৰুতে তেওঁ তাত প্ৰৱেশ কৰিবলৈ বহুবাৰ চেষ্টা কৰিছিল। কিন্তু নোৱাৰিলে। সেই ঘৰত তেওঁ মাৰাডোনাক বহুবাৰ দেখিছিল।

গাৰ্চিয়াই কয় যে যোৱা মাহত তেওঁ বাতৰি কাকতত দেখিছিল যে ঘৰটো বিক্ৰীৰ বাবে বিজ্ঞাপন দিয়া হৈছে । য’ত লিখা আছিল, এসপ্তাহৰ ভিতৰত যদি কোনো ক্ৰেতা পোৱা নাযায় তেন্তে ঘৰটো ভাঙি তাত শ্বপিং মল নিৰ্মাণ কৰা হ’ব। গাৰ্চিয়াই লগে লগে সিদ্ধান্ত ল’লে যে তেওঁ ঘৰটো কিনিব। প্ৰায় ৭.৫ কোটি টকাত তেওঁ কিনিছিল ঘৰটো। প্ৰথমতে তেওঁ ভাবিছিল যে তেওঁ মাৰাডোনাৰ  এটা মিউজিয়াম নির্মাণ কৰিব । কিন্তু ঘৰৰ ভিতৰলৈ ভৰি দিয়াৰ পিছত তেওঁৰ অনুভৱ হয় যে এই ঘৰটো সকলোৰে বাবে খোলা উচিত। ইয়াৰ পিছত  তেওঁ এই ব্যৱস্থা গ্ৰহণ কৰে।

প্ৰথমতে কেৱল পৰিয়াল আৰু বন্ধু-বান্ধৱীকহে খেল চাবলৈ দিয়া হৈছিল। কিন্তু লাহে লাহে ইয়াৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। গাৰ্চিয়াই কাকো নাহিবলৈ ক’ব পৰা নাছিল। ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে খেলখন প্ৰায় ৭০০ লোকে চাইছিল। লগতে বিনামূলীয়া খাদ্যও গ্ৰহণ কৰে ।

Previous Post

“বিচাৰক নিযুক্তিৰ পদ্ধতি সলনি কৰিব লাগে”! সংসদত আইন মন্ত্ৰীৰ মন্তব্যত পুনৰ বিতর্ক

Next Post

সংসদ ভৱন আক্ৰমণ- ওছামা বিন লাডেনক আশ্ৰয়ৰ প্ৰসংগেৰে পাকিস্তানৰ বিৰুদ্ধে সৰৱ ভাৰত, ৰাষ্ট্ৰসংঘত কি ক’লে বৈদেশিক মন্ত্ৰীয়ে ?

Related Posts

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান
ক্ৰীড়া

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান

June 1, 2023
মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি
ক্ৰীড়া

মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি

May 31, 2023
সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা
ক্ৰীড়া

সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

May 31, 2023
ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
ক্ৰীড়া

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

May 30, 2023
যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ
ক্ৰীড়া

যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ

May 30, 2023
মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ
ক্ৰীড়া

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

May 29, 2023
Next Post
সংসদ ভৱন আক্ৰমণ- ওছামা বিন লাডেনক আশ্ৰয়ৰ প্ৰসংগেৰে পাকিস্তানৰ বিৰুদ্ধে সৰৱ ভাৰত, ৰাষ্ট্ৰসংঘত কি ক’লে বৈদেশিক মন্ত্ৰীয়ে ?

সংসদ ভৱন আক্ৰমণ- ওছামা বিন লাডেনক আশ্ৰয়ৰ প্ৰসংগেৰে পাকিস্তানৰ বিৰুদ্ধে সৰৱ ভাৰত, ৰাষ্ট্ৰসংঘত কি ক’লে বৈদেশিক মন্ত্ৰীয়ে ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7