দেশৰ মাটিতে লজ্জিত হ’বলগীয়া হ’ল পাকিস্তান ক্ৰিকেট টীম ৷ টেষ্ট শৃংখলাত ৩-০ ব্যৱধানত পাকিস্তানক পৰাজিত কৰিলে ইংলেণ্ডে। ইংলেণ্ডে ১৭ বছৰৰ পাছত পাকিস্তানত খেলিবলৈ গৈছিল। প্ৰথমখন টেষ্ট ৰাৱালপিণ্ডিত অনুষ্ঠিত হয়।ৰাৱালপিণ্ডিত অনুষ্ঠিত পিটচক লৈ প্ৰশ্ন উত্থাপন হৈছিল অৱশ্যে পিটচখনে ইংলেণ্ডক কোনো অসুবিধা কৰা নাছিল। টেষ্ট মেচখনত ষ্ট’কছে সহজেই জয়লাভ কৰে। মুলতানতো ফলাফল সলনি নহ’ল।এই মেচখনতো তেওঁলোকে জয়লাভ কৰে।
কৰাচীত অনুষ্ঠিত মেচত ব্ৰুকে শতক অৰ্জন কৰে। তিনিওখন মেচতে ব্ৰুকে উল্লেখযোগ্য অৱদান আগবঢ়াই ৷ ব্ৰুকে মেন অৱ দ্য মেচ আৰু মেন অৱ দ্য ছিৰিজৰ বঁটা লাভ কৰে। প্ৰথমে বেটিং কৰি পাকিস্তানে তৃতীয় টেষ্টত ৩০৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ৩৫৪ ৰান সংগ্ৰহ কৰে। তেওঁলোকৰ অগ্ৰগতি আছিল মাত্ৰ ৫০ ৰান। কিন্তু তাৰ সুবিধা বাবৰে ল’ব নোৱাৰিলে। পৰৱর্তী ইনিংছতমাত্ৰ ২১৬ ৰানহে সংগ্ৰহ কৰে। ইংলেণ্ডৰ সন্মুখত জয়ৰ লক্ষ্য বান্ধি দিয়ে ১৬৭ ৰান। দুটা উইকেট হেৰুৱাই বিজয়ী ৰান সগ্ৰহ কৰে ষ্ট’কে।
কৰাচীত ইংলেণ্ড দলত অভিষেক ঘটালে ৰেহান আহমেদে। ১৮ বছৰীয়া স্পিনাৰগৰাকীয়ে প্ৰথমখন খেলত ৫টা উইকেট দখল কৰে। কনিষ্ঠতম ক্ৰিকেটাৰ হিচাপে ৰেহানে অভিষেক টেষ্টত এটা ইনিংছত ৫টা উইকেট দখল কৰি নজিৰ গঢ়ি তোলে। কিন্তু বহুতে ভবা নাছিল যে পাকিস্তানৰ দলটো ঘৰুৱা খেলপথাৰত লজ্জিত হ’বলগীয়া হ’ব ।