মৎস্যচিকাৰত থকা চখৰ বাবেই পৰিয়ালক সময় নিদিয়া স্বামীৰ বিৰুদ্ধে বিবাহ বিচ্চেদৰ গোচৰ তৰিলে এগৰাকী মহিলাই ৷ এই ঘটনা চীনৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি লোকজনে দিন নিশা মাছ মাৰি সময় কটায়। যাৰ বাবে সময় পাৰ হৈ যোৱাৰ লগে লগে তেওঁৰ লগত থকাটো অসম্ভৱ হৈ পৰিছিল পত্নীৰ বাবে । সেইবাবেই পত্নীয়ে ১০ বছৰীয়া বিবাহৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লৈছিল। মহিলা গৰাকী আদালতৰ দ্বাৰস্থ হয় ৷
মহিলাগৰাকীয়ে ন্যায়াধীশক কয় যে তেওঁৰ স্বামীয়ে মাছ ধৰাৰ প্ৰতি অতি আকৰ্ষিত। দিনে ৰাতিয়ে মাছ ধৰাত সময় কটায়। সংসাৰৰ প্ৰতি তেওঁৰ কোনো গুৰুত্ব নাই। বিবাহৰ ১০ বছৰত পৰিয়ালটোক কোনো সময় নিদিয়াৰ অভিযোগ পত্নীৰ। গতিকে অৱশেষত তেওঁ বিবাহ বিচ্ছেদৰ অনুৰোধ জনাই আদালতৰ কাষ চাপিছে।
মহিলাগৰাকীৰ আৱেদন অনুসৰি গোচৰৰ শুনানিৰ বাবে এটা দিন নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু অভিযোগ অনুসৰি শুনানিৰ তাৰিখো পাহৰি গৈছিল যুৱকজনে। সেইদিনাও তেওঁ আন দিনাৰ দৰে মাছ ধৰাত ব্যস্ত আছিল। তেওঁৰ এই কৃতিত্বই বিচাৰককো আচৰিত কৰি তোলে ৷
পূব চীনত সংঘটিত হৈছে এই ঘটনা। অভিযুক্ত যুৱকজনৰ নাম ছান। তেওঁৰ পত্নী ঝাঙে কয় যে তেওঁ ১০ বছৰ ধৰি অকলেই আছে। ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি শিশুৰ শিক্ষালৈকে তেওঁ সকলো দিশ চম্ভালিব লাগিব। স্বামীয়ে কেৱল মাছ ধৰে। ইয়াৰ বাহিৰেও তেওঁ আজৰি সময়খিনি শুই বহি, মোবাইল ব্যৱহাৰ কৰি কটায়। বিৰক্ত হৈ তেওঁ বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত ল’লে।
যেতিয়া মহিলা গৰাকীয়ে স্বামীক বিবাহ বিচ্ছেদৰ কথা ক’লে, তেতিয়া তেওঁ মান্তি হয় বুলি ঝাঙে প্ৰকাশ কৰিছে । আদালতৰ নিৰ্দেশ অনুসৰি মহিলা গৰাকীয়ে শুনানিৰ তাৰিখ স্বামীক অৱগত কৰে। কিন্তু নিৰ্দিষ্ট দিনত ছান আদালতত হাজিৰ নহ’ল । তেওঁৰ সন্ধান লোৱাত আদালত অৱগত হয় যে তেওঁ তেতিয়াও মাছ ধৰি আছে। অৱশ্যে মাতি অনাৰ পিছতে আদালতত হাজিৰ হয় অভিযুক্ত ছান।
আদালতৰ আগত ছানে কয় যে তেওঁ পত্নীৰ অভিযোগ শুনি শুনি ভাগৰি পৰিছে। গতিকে বিচ্ছেদত তেওঁৰ কোনো আপত্তি নাই। আদালতে দম্পতীহালৰ মাজত থকা ব্যৱধান দূৰ কৰাৰ চেষ্টা চলাইছিল। ছানক ন্যায়াধীশে পৰিয়ালটোৰ সৈতে অধিক সময় কটাবলৈ নিৰ্দেশ দিয়ে। কিন্তু তেওঁ তেনে কৰিবলৈ অস্বীকাৰ কৰে ৷
সকলো প্ৰচেষ্টা বিফল হোৱাত আদালতে দম্পতীহালক বিবাহ বিচ্ছেদ কৰিবলৈ সন্মত হয়। এই প্ৰসংগত বিচাৰকগৰাকীয়ে কয় যে মাছ ধৰাটো বেয়া কথা নহয়। কিন্তু সকলোৰে এটা সীমা থাকে। বিয়া হ’লে স্বামী বা পত্নী হিচাপে পৰিয়ালৰ দায়িত্ব ল’ব লাগিব। মাছ ধৰাটো পৰিয়ালৰ উর্ধত হ’ব পাৰে ৷