পুনৰ বাঢ়িছে ক’ৰোণাৰ সংক্ৰমণ ৷ বিশেষকৈ চীনত হঠাৎ দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰোণাৰ সংক্ৰমণ ৷ বহুলোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যাও বাঢ়িবলৈ আৰম্ভ কৰিছে ৷ যাক লৈ সমগ্ৰ বিশ্ব পুনৰ আতংকিত হৈ পৰিছে ৷ পুনৰ সেই বিভীষিকাময় দিনবোৰ ওভতি আহিব নেকি তাক লৈয়ো বিশ্ববাসীৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে ৷
চীনত ক’ভিডৰ সংক্ৰমণ বৃদ্ধিক লৈ চিন্তিত হৈ পৰিছে ভাৰত। পূর্বে অভিজ্ঞতাৰ ভিত্তিত কেন্দ্রই ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ সকলো ৰাজ্যলৈ কি কৰিব লাগে সেই সন্দৰ্ভত বিতং নিৰ্দেশনা প্ৰেৰণ কৰিছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই শীৰ্ষ বিষয়া-বিশেষজ্ঞৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি ক’ভিড-১৯ৰ পৰিস্থিতিৰ বুজ ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
চীনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যকে কৰ’না ভাইৰাছ ধৰা পৰিলে জিন’ম ছিকুৱেন্সিঙৰ বাবে নমুনাবোৰ ‘ইনছাগে’(INSACOG )লৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ ইনছাগে ভাৰতত ক’ৰোনাৰ বিভিন্ন প্ৰজাতিৰ (ষ্ট্ৰেইন) সম্পৰ্কে নিয়মীয়া অনুশীলন আৰু গৱেষণা চলাই আছে। জাপান, আমেৰিকা, কোৰিয়া, ব্ৰাজিল আৰু চীনত হঠাৎ ক’ৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহত জিন’ম ছিকুৱেন্সিং প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষনে সকলো ৰাজ্যলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। যাতে কৰ’নাৰ ৰূপ (ভেৰিয়েণ্ট) আৰু ইয়াৰ অগ্ৰগতিৰ বিষয়ে বিশদ ধাৰণা গঢ়ি তোলা সম্ভৱ হয়। যাতে ভৱিষ্যতে কোনো নতুন ৰূপ বা প্ৰজাতি বিপদজনক হোৱাৰ আগতেই প্ৰয়োজনীয় ব্যৱস্থা কৰিব পৰা যায়।
এই মুহূৰ্তত ভাৰতত ক’ৰোনা সংক্ৰমণ নিম্ন স্তৰত আছে। যোৱা ২৪ ঘন্টাত সমগ্ৰ দেশত ১১২ জন নতুনকৈ আক্ৰান্ত হৈছে। সোমবাৰে ভাৰতত আক্ৰান্তৰ সংখ্যা আছিল ১৮১ জন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি দেশত সক্ৰিয় কৰোণা ৰোগীৰ সংখ্যা হৈছে ৩,৪৯০ জন। যোৱা ২৪ ঘন্টাত ভাৰতত ক’ৰোণা সংক্ৰমণৰ বাবে ৩ জন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকসকলৰ ভিতৰত দুজন কেৰালাৰ, এজন মহাৰাষ্ট্ৰৰ। ফলত ভাৰতত মুঠ ক’ৰোনা মৃত্যুৰ সংখ্যা ৫ লাখ ৩০ হাজাৰ ৬৭৭ জনলৈ বৃদ্ধি পাইছে।
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি ভাৰত জোৰো যাত্ৰাত ক’ভিড নিয়ম কঠোৰভাৱে পালন কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আনহাতে, যিসকল লোকক টিকা দিয়া হোৱা নাই তেওঁলোকক এই যাত্ৰাত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনায় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে । তেওঁ লগতে কয় যে কংগ্ৰেছ নেতাসকলে ক’ভিড নিয়ম সঠিকভাৱে পালন নকৰিলে যাত্ৰা স্থগিত ৰখাৰ নির্দেশ দিয়া হ’ব ৷ একেখন পত্ৰ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলতলৈও প্ৰেৰণ কৰা হৈছে। কংগ্ৰেছেও ইয়াৰ প্ৰত্যুত্তৰ দিছে। পৱন খেৰাৰ দাবী যে কেন্দ্ৰই এটা বিশেষ ৰাজনৈতিক দলৰ কাৰ্যসূচীত হেঁচা সৃষ্টি কৰি যাত্ৰা বন্ধ কৰাৰ কৌশল গ্ৰহণ কৰিছে। ইয়াৰ আঁৰৰ মূল কাৰণ কভিড-ভয় নহয়, মোডীৰ কংগ্ৰেছ-ভয়।