“পাঠান” ছবিখন অশ্লীল। মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই এই ছবিখন বৰ্জনৰ আহ্বান জনাইছে। ইয়াৰ পাছতে ভিন্ন ৰাজ্যত এতিয়া দাবী উঠিছে পাঠান নিষিদ্ধকৰণৰ ৷ মধ্য প্ৰদেশৰ পিছতে অযোধ্যা চহৰত ‘পাঠান’ ছবিখনক লৈ সৰ্বাধিক বিতৰ্কৰ সৃষ্টি হৈছে। সেই চহৰত শ্বাহৰুখ খান-দীপিকা পাডুকনৰ পোষ্টাৰ জ্বলাই দিয়া হৈছিল। এইবাৰ অযোধ্যাৰ সন্তসকলে ৰাজপথলৈ ওলাই আহি এই ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই প্ৰতিবাদী কার্যসূচীতে পৰমহংস আচাৰ্যই বিস্ফোৰক মন্তব্য কৰিছে। শ্বাহৰুখ খানক লগ পালে জীৱিত অৱস্থাত জ্বলাই দিয়াৰ তেওঁ ভাবুকি দিছে ৷ শ্বাহৰুখ খানক তেওঁ বিচাৰি আছে বুলিও উল্লেখ কৰিছে ৷
পাঠান ছবিখনক লৈ বিতৰ্ক আৰম্ভ হৈছিল দীপিকা পাডুকনৰ ‘বেশৰম ৰং’ গীতত পৰিধান কৰা পোছাকক লৈ ৷ ছবিখনৰ প্ৰথমটো গীত মুক্তি পোৱাৰ পৰাই ইয়াক ‘অশ্লীল’ বুলি দাবী কৰা হৈছিল। অযোধ্যাৰ সন্ত পৰমহন্স আচাৰ্যই কয় যে ছবিখনত গেৰুৱা ৰঙক অপমান কৰা হৈছে। সনাতম ধৰ্মক অহৰহ অপমান কৰা হৈছে। কেৱল সেয়াই নহয়, হিন্দুসকলৰ আৱেগক আঘাত দিয়াটো এটা ধাৰাত পৰিণত হৈছে। পৰমহংস আচাৰ্যই ক্ষোভেৰে কয়, “আজি মই তেওঁৰ পোষ্টাৰখনহে জ্বলাই দিছো ৷ মই বিচাৰি ফুৰিছো তেওঁক ৷ যিদিনা মুখামুখিকৈ লগ হ’ম, সেইদিনা জেহাদী শ্বাহৰুখ খানক জ্বলাই দিম”।
সাধুজনে এই কথা কৈয়েই থমকি ৰোৱা নাছিল। তেওঁ কয়, “এই ছবিখন মুক্তি পালে মই চিনেমা হল জ্বলাই দিম।” কেৱল গেৰুৱা শিবিৰেই নহয়, কেইবাটাও সোঁপন্থী ৰাজনৈতিক দল আনকি কংগ্ৰেছৰ এটা অংশই ‘পাঠান’ নিষিদ্ধ কৰাৰ দাবীত সৰৱ হৈ পৰিছে। একে দাবী উত্থাপন কৰিছে কেইবাটাও মুছলমান সংগঠনেও ৷