পিলিভিত উত্তৰ প্ৰদেশৰ এখন সৰু চহৰ, কিন্তু ইয়াৰ ‘পিলিভীত বাঘ সংৰক্ষিত বনাঞ্চল’ৰ লগত সংলগ্ন হৈ থকা বিলখনে যেন গোৱাৰ সৈতেও ফেৰ মাৰিছে ৷ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য ইমানেই ধুনীয়া যে ইয়াক দেখি মুগ্ধ হৈ পৰে পৰ্য্যটকসকল ৷ এই সৌন্দৰ্য্যই যেন গোৱাৰ দৰে জনপ্ৰিয় পৰয্যটন স্থলীৰ সৌন্দৰ্য্যকো চেৰ পেলাইছে ।আনহাতে ইয়াৰ শাৰদা খাল নেপাললৈকে বিস্তৃত । উল্লেখযোগ্য যে এই বিলখনৰ মনোমোহা দৃশ্য চাবলৈ ইয়ালৈ প্ৰতিবছৰে আগমন ঘটে লক্ষ লক্ষ পৰ্যটকৰ ।
অৱশ্যে এই বিলখনৰ লগতে ‘পিলিভীত বাঘ সংৰক্ষিত বনাঞ্চল’ হ’ল পিলিভিটৰ অন্যতম আকৰ্ষণীয় পৰ্যটন স্থলী । এই বাঘ সংৰক্ষিত বনাঞ্চলত উপলব্ধ জংগল ছাফাৰীৰ সুবিধা ৷
এই বিল আৰু পিলিভিত বাঘ সংৰক্ষিত বনাঞ্চল ভ্ৰমণৰ সময় অক্টোবৰৰ পৰা মাৰ্চলৈ। কিয়নো এই সময়ছোৱাত ইয়াৰ বতৰ শীতল হৈ থাকে আৰু শীতৰ আগমণৰ আগে আগে বাৰিষাৰ সময়ছোৱাত এই ঠাইখন আৰু অধিক আকৰ্ষণীয় হৈ পৰে ।