লিয়নেল মেছি নে ক্রিষ্টিয়ানো ৰোণাল্ডো? সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ কোন? এই বিতৰ্ক বছৰ বছৰ ধৰি চলি আহিছে। অৱশেষত ফিফাই এই বিতৰ্কৰ অন্ত পেলায়। আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰাৰ পিছত ফুটবলৰ সৰ্বোচ্চ শাসকীয় সংস্থাটোৱে এই বিতৰ্কত নিজৰ মত প্ৰকাশ কৰে।
আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰাৰ পিছত ফিফাই মেছিয়ে বিশ্বকাপ হাতত তুলি লোৱা এখন ফটো টুইট কৰি কয় , “দ্য গ্ৰেটেষ্ট অৱ অল টাইম (গ’ট) বিতৰ্ক শেষ হ’ল। ফুটবলৰ শ্ৰেষ্ঠ ট্ৰফী এইবাৰ তেওঁৰ হাতত। উত্তৰাধিকাৰ সম্পূৰ্ণ। তৃতীয়বাৰ বিশ্বকাপত জয়লাভ কৰে আৰ্জেণ্টিনাই। বিশ্বকাপৰ শ্ৰেষ্ঠ ফুটবলাৰ মেছি।“
ফিফাই এই টুইটত স্পষ্ট কৰি দিছে যে যিহেতু মেছি আৰু ৰোণাল্ডোৱে নিজৰ ক্লাবৰ বাবে প্ৰায় সকলো ট্ৰফী লাভ কৰিছে, সেয়েহে তেওঁলোকৰ ভিতৰত কোন শ্ৰেষ্ঠ সেইটো বিচাৰৰ একমাত্ৰ উপায় হৈছে বিশ্বকাপ। ৰোণাল্ডোৰ হাতত নাই বিশ্বকাপ। কিন্তু মেছিয়ে বিশ্বকাপ জয় কৰে। তেওঁ বিশ্বকাপ জয় কৰি ৰোণাল্ডোক পৰাস্ত কৰে।
এইবাৰ বিশ্বকাপ মেছি আৰু ৰোণাল্ডোৰ মাজত বিভক্ত হৈ পৰিছিল । মেছিয়ে বহুত ভাল খেল প্ৰদর্শন কৰে । গ্ৰুপ পৰ্যায়ৰ এখন খেলৰ বাহিৰে বাকী সকলো খেলতে তেওঁ গ’ল দিবলৈ সক্ষম হৈছে । বিশ্বকাপৰ ইতিহাসত গ্ৰুপ পৰ্যায়, প্ৰি-কোৱাৰ্টাৰ ফাইনেল, কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেলত গ’ল দিয়া একমাত্ৰ ফুটবলাৰ হৈছে মেছি। শেষৰখন বিশ্বকাপত তেওঁ ৭টা গ’ল দিছিল। তেওঁ বিশ্বকাপৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে গোল্ডেন বল লাভ কৰে।
আনহাতে, ৰোনাল্ডোৱে গ্ৰুপৰ প্ৰথমখন খেলত ১টা গ’লৰ বাহিৰে সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁ আৰু কোনো গ’ল দিব পৰা নাছিল। ইয়াৰ বিপৰীতে দলৰ প্ৰশিক্ষকৰ সৈতে বিতৰ্কত লিপ্ত হয়। প্ৰশিক্ষকগৰাকীয়ে তেওঁক প্ৰি কোৱাৰ্টাৰ ফাইনেল আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰথম এঘাৰজনীয়া দলত ৰাখিব পৰা নাছিল। শেষত পৰাজিত হৈ চকুলো টুকি বিশ্বকাপৰ পৰা বিদায় ল’ব লগীয়া হৈছিল ৰাণাল্ডোৱে ৷ “