ক’ৰ’না ভাইৰাছৰ নতুন ৰূপ অমিক্ৰণ বিএফ.৭ (Omicron BF.7) ৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷ইতিমধ্যে চীনত এই ভাইৰাছৰ দ্বাৰা বহু লোক আক্ৰান্ত হৈছে। চীনত সংহাৰ চলোৱা এই ভাইৰাছৰ উপস্থিতি ভাৰততো পোৱা গৈছে। গুজৰাট আৰু ওড়িশাৰ বাসিন্দা এই ভেৰিয়েণ্টত আক্ৰান্ত হৈছে ।
গৱেষকসকলৰ মতে এই ভাইৰাছ অতি সোনকালে বিয়পে। আৰ টি পি চি আৰ পৰীক্ষাতো ধৰা পেলাব নোৱাৰে অমিক্ৰণ বিএফ.৭ৰ সংক্ৰমণ ৷ ফলস্বৰূপে চিকিৎসকৰ মতে যিসকল লোকে এতিয়াও ক’ৰোনাৰ প্ৰতিষেধক লোৱা নাই তেওঁলোক এই নতুন অমিক্ৰণ বিএফ.৭ত আক্ৰান্ত হোৱাৰ আশংকা আছে। ইয়াৰ বাহিৰেও যদি ডায়েবেটিছ, বৃক্কৰ ৰোগ বা আন কোনো সহ-ৰোগ থকা লোকসকলক স্বাস্থ্য মন্ত্ৰালয়ে সাৱধান হ’বলৈ আহ্বান জনাইছে ৷
ক’ভিড ৰ বাকী লক্ষণৰ লগত অমিক্ৰণ বিএফ.৭ ৰ সংক্ৰমণৰ কোনো অমিল নাই। জ্বৰ, নাকৰ পৰা পানী ওলোৱা, ডিঙিৰ বিষ, শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ আদিয়ে দেখা দিয়ে এই সংক্ৰমণত । ইয়াৰ উপৰিও মূৰৰ বিষ, পেটৰ বিষ, শৰীৰৰ বিভিন্ন অংশত বিষ আদি লক্ষণো দেখা দিব পাৰে। এজন আক্ৰান্ত ব্যক্তিয়ে একে সময়তে ১০-১৮ জন লোকলৈ এই ভাইৰাছ বিয়পাব পাৰে। আটাইতকৈ চিন্তনীয় কথাটো হ’ল যে ইয়াৰ সংক্ৰমণৰ লগে লগে শৰীৰত লক্ষণে দেখা নিদিবও পাৰে ৷ ই গোপনে শৰীৰত সংক্ৰমণ ঘটাব পাৰে ৷ সেয়ে অত্যন্ত সাৱধানতা অৱলম্বন কৰা উচিত । মাস্ক পৰিধান কৰিবলৈ পুনৰ আৰম্ভ কৰিব লাগে। মহামাৰীৰ সময়ত যি সাৱধানতা অৱলম্বন কৰিছিল, সেই সতৰ্কতা পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰে আহ্বান জনাইছে ।