সীমা সুৰক্ষা বাহিনী বুলি ক’লে আমি আমাৰ দেশৰ সীমান্তত দিন-ৰাতি অতন্দ্ৰ প্ৰহৰী হৈ আমাৰ সুৰক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰা সেই সকল সেনা জোৱানৰ কথাকেই বুজো ৷ যাৰ বাবে আমি প্ৰতি মূহুৰ্ততে বাহিৰৰ অপ শক্তি সমূহৰ পৰা সদায় সুৰক্ষিত হৈ আছোঁ ৷ অৱশ্যে এইবাৰ সীমান্তৰ কোনো যুদ্ধ নাইবা শত্ৰুৰ আক্ৰমণ নহয় ৷ এইবাৰ এক আচৰিত কৃতিত্ব দেখুৱাই সকলোৰে প্ৰশংসা লাভ কৰিলে সীমা সুৰক্ষা বাহিনীৰ ‘জাঁবাজ’দলৰ এজন জোৱানে ৷
দিল্লীত সীমা সুৰক্ষা বাহিনীৰ ট্ৰিক ৰাইডিং দল ‘জাঁবাজ’ৰ এই আচৰিত কৃতিত্ব। কেপ্তেইন ইন্সপেক্টৰ অৱধেশ কুমাৰ সিঙে আটাইতকৈ বেছি সময়ৰ বাবে ৰয়েল এনফিল্ডত ষ্টেণ্ড বেক ৰাইডিং কৰি গঢ়িলে নতুন অভিলেখ । ৰয়েল এনফিল্ডত ষ্টেণ্ড বেক ৰাইডিং কৰি কেপ্তেইনগৰাকীয়ে গঢ়িবলৈ সক্ষম হ’ল এক নতুন বিশ্ব অভিলেখ । নিজৰ মটৰচাইকেলত লগোৱা জখলাৰ ওপৰত ১০ ঘণ্টা ৩৪ মিনিট ২৭ ছেকেণ্ড অবিৰতভাৱে থিয় হৈ মটৰচাইকেল চলাই এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় তেওঁ ।
ইন্সপেক্টৰ অৱধেশ কুমাৰ সিং আৰু হেড কনিষ্টবল দূৰ্বেশ কুমাৰে ৩৫০ চি চি ৰয়েল এনফিল্ড বুলেটত ১৬.৫ ফুট ওখ জখলাত উঠি লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে।দিল্লীৰ চাওলা বি এছ এফ কেম্পত তেওঁলোকে এই অভিলেখ গঢ়িবলৈ সক্ষম হয়।এই অভিলেখৰ যোগেদি ভাৰতীয় সেনাৰ পূৰ্বৰ অভিলেখ ভংগ কৰে দলটোৱে। সীমা সুৰক্ষা বাহিনীয়ে এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰা অনুসৰি ১৩ এপ্ৰিলত ইয়াৰে তিনিখন মটৰ চাইকেলে ৩৬জন জোৱান লৈ মাত্ৰ ৫৫.৫২ ছেকেণ্ডত ১ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।
১৯৯০ চনত সৃষ্টি হোৱা বি এছ এফৰ ‘জাঁবাজ’ তেওঁলোকৰ ষ্টাণ্ট প্ৰদৰ্শনৰ বাবে বিখ্যাত।এইবাৰ তেওঁলোকে পূৰ্বৰ অভিলেখ ভংগ কৰাৰ সময় আছিল ১০ ঘণ্টা ৩৪ মিনিট ২৭ ছেকেণ্ড য’ত তেওঁলোকে মটৰ চাইকেলত লগোৱা ১৬ ফুট ৫ ইঞ্চি ওখ জখলাত থিয় হৈ অবিৰতভাৱে মটৰ চাইকেল চলাইছিল।